Logo
image

অনিল আম্বানিৰ সম্পত্তি বাজেয়াপ্ত কৰিব চীনৰ বেংকে

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ এসময়ৰ বিশ্বৰ ষষ্ঠতম ধনী ব্যক্তিৰূপে পৰিচিত উদ্যোগপতি অনিল আম্বানিৰ দিন এতিয়া খুবেই বেয়া৷ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা উদ্যোগপতি গৰাকী আজি দেউলীয়া৷ উল্লেখ্য যে ভাল দিনত নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ অনিল আম্বানিয়ে চীনৰ তিনিটা বেংকৰ পৰা ৭১ কোটি ৬০ লাখ ডলাৰ অৰ্থাৎ ৫,২৭৬ কোটি টকা ঋণ লৈছিল৷ কিন্তু সেই ঋণৰ ধন ওভোটাই দিব নোৱাৰাত বেংক তিনিটাই তেওঁৰ বিৰুদ্ধে ব্ৰিটেইনৰ আদালতত গোচৰ তৰিছে৷ কিছুদিন পূৰ্বে আদালতখনে ঋণৰ সমস্ত ধনৰ লগতে গোচৰ চলোৱাৰ নামত হোৱা ব্যয়ৰ ধন বেংক তিনিটাক আদায় দিবলৈ আম্বানিক নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে আদালতখনে আম্বানিক সময় নিৰ্ধাৰণ কৰি দিয়ে৷ কিন্তু সেই সময় উকলি যোৱাত চীনৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনা, এক্সপ’ৰ্ট-ইমপ’ৰ্ট বেংক অৱ চাইনা আৰু চাইনা ডেভেলপমেণ্ট বেংক নামৰ বিত্তীয় প্ৰতিষ্ঠান তিনিটাই অনিল আম্বানিৰ বিদেশত থকা সম্পত্তি বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷