Logo
image

ৰাজ্যত ইউ কে প্ৰজাতিৰ সংক্ৰমণ

আমাৰ অসম, ১৯ এপ্ৰিলঃ ৰাজ্যত ক’ভিড ভাইৰাছৰ দ্ৰুত সংক্ৰমণক লৈ চিকিৎসকৰ লগতে সচেতন মহলকো উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি ক’ভিড বিধবস্ত ৰাজ্যৰ পৰা ৰে’ল-বিমানৰে অহা যাত্ৰীয়ে মাৰাত্মক কৰ’না ভাইৰাছৰ বাহকৰ ভূমিকা গ্ৰহণ কৰিলেও শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে এই ভাইৰাছে ছানি ধৰিছে৷ বিগত বৰ্ষৰ সংক্ৰমণৰ দৰে ক’ভিড উপসৰ্গৰ মিল আছে যদিও এইবাৰ যেন এজনৰ পৰা আন এজন লোকলৈ দ্ৰুত সংক্ৰমণ ঘটিছে ভাইৰাছৰ৷ ক’ভিড ভাইৰাছৰ প্ৰকৃতি সলনিক লৈ চিকিৎসা বিজ্ঞানীসকলক চিন্তিত কৰি তোলা দেখা গৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে অসমত ইউ কে প্ৰজাতিৰ ভাইৰাছৰ সংক্ৰমণ ঘটিছে৷ ইউ কে ভেৰিয়েণ্ট ভাইৰাছ বতাহত বহু দেৰি উৰি থকাৰ লগতে দ্ৰুত সংক্ৰমিত হয় বুলিও স্বাস্থ্যমন্ত্ৰীজনে জানিবলৈ দিছে৷ ইপিনে স্বাস্থ্যমন্ত্ৰীৰ বক্তব্যৰ দৰেই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসমত সংক্ৰমিত ক’ভিড ভাইৰাছ ইউ কে ভাইৰাছৰ ষ্টেইন বুলি দাবী কৰিছে৷ অৱশ্যে অসমত ইউ কে ভাইৰাছৰ ষ্টেইন পোৱা বুলি প্ৰকাশ কৰিলেও দেশৰ কেইবাখনো ৰাজ্যত দক্ষিণ আফ্ৰিকান ষ্টেইন ধৰা পৰা বুলি চিকিৎসক বিশেষজ্ঞই তথ্য প্ৰকাশ কৰিছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত অসমত ক’ভিড ভাইৰাছৰ প্ৰজাতিৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–এইবাৰৰ যিটো ক’ভিড ভাইৰাছৰ সংক্ৰমণ হৈছে, মানুহৰ হাওঁ-ফাওঁত আক্ৰমণ কৰে৷ সংক্ৰমণ হোৱাৰ লগে লগে প্ৰথমতেই মানুহজনক আক্ৰমণ কৰে ক’ভিডৰ ইউ কে ভেৰিয়েণ্ট আমাৰ ইয়াত ওলাইছে৷ মৃত্যু সংখ্যা দৈনিক ২-৫টাৰ ভিতৰত আছে৷ চিকিৎসকসকলে কোৱা মতে ক’ভিডৰ সংকটজনক ৰোগীৰ সংখ্যা লাহে লাহে বৃদ্ধি পাব আৰম্ভ কৰিছে৷ ইউ কে প্ৰজাতিৰ ভাইৰাছটো পাতল হয়৷ সেয়েহে ভাইৰাছটো মানুহৰ দেহত সোনকালে সংক্ৰমণ ঘটে৷ চিকিৎসকসকলে বৰ্তমানৰ ভাইৰাছটো আগতকৈ ভয়াৱহ নহয় বুলি কৈছে৷ কিন্তু এটা মানুহৰ হ’লে ঘৰৰ সকলোৱেই সংক্ৰমিত হয়৷ এই ভাইৰাছ পাতল হয় আৰু বতাহত উৰি থাকে৷ ভয়াৱহতাৰ কোনো অধ্যয়ন হোৱা নাই৷ আই চি এম আৰৰ অধ্যয়ন মতেও সংক্ৰমণ সোনকালে হয় যদিও ভয়াৱহতা আগৰ দৰে নাই৷ আনহাতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ক’ভিডৰ সংক্ৰমণৰ বিপদে দুৱাৰ ডলি পাৰ হৈ পাকঘৰত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয়–অসমত সংক্ৰমিত ক’ভিড ভাইৰাছত ইউ কে ভাইৰাছৰ ষ্টেইন পোৱা গৈছে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷ মুম্বাই, দিল্লী, বেংগালুৰু আদি চহৰত দক্ষিণ আফ্ৰিকাৰ ভাইৰাছৰ ষ্টেইন পোৱা গৈছে৷ অসমৰ ভাইৰাছৰ প্ৰকৃতি সলনি হৈছে আৰু বিপদসংকুল হৈছে৷ ফলত আমি বহু প্ৰতিভামান ব্যক্তিক হেৰুৱাব লগা হৈছে৷ বাহিৰৰ পৰা যিসকল লোক অসমলৈ আহিব, তেওঁলোকে বিপদজনক ভাইৰাছ কঢ়িয়াই আনিব পাৰে৷ সেয়ে ৰাজ্যবাসী সতৰ্ক হোৱা উচিত যাতে আমাৰ মাজত সংক্ৰমণ নহয়৷ অসম আৰক্ষীত কৰ্মৰত প্ৰতিজনলৈ এছ এম এছ প্ৰেৰণ কৰিছো৷ ক’ভিড প্ৰতিৰোধৰ ক্ষেত্ৰত কেনেদৰে সতৰ্ক থাকি আগবাঢ়ি যাব লাগিব৷