Logo
image

পৰীক্ষাৰ অনিশ্চয়তা

‘কা’বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰোঁতে বিদ্যালয়, মহাবিদ্যালয় বিশ্ববিদ্যালয়– সকলো শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছিল৷ গুৱাহাটী মহানগৰীৰ লগতে দুই-এক চহৰত সান্ধ্য আইন দিবলগীয়া হৈছিল৷ পৰিস্থিতি এনে পৰ্যায় পাইছিল যে ছাত্ৰ-ছাত্ৰীৰ চূড়ান্ত পৰীক্ষাবোৰ পিছুৱাই দিবলগীয়া হৈছিল৷ ফলত শৈক্ষিক বছৰ পিছুৱাই যোৱাৰ উপক্ৰম হৈছিল৷ এনে সময়তে বিশ্বত আৱিৰ্ভাৱ হৈছিল কৰ’না ভাইৰাছ৷ কৰ’নাৰ বিশ্বব্যাপী সংহাৰত থানবান হয় সকলো দেশ৷ ২০২০ চনৰ ১৬ মাৰ্চৰ পৰা দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হয়৷ সেইটো মাহৰ ২৪ তাৰিখে হঠাতে ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় লকডাউন৷ বাৰে বাৰে বৃদ্ধি কৰা লকডাউনে গোটেই ব্যৱস্থাটোকে স্থবিৰ কৰি পেলায়৷ সমাজৰ প্ৰতিটো ক্ষেত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যদিও শিক্ষাজগতৰ ক্ষতি হয় সৰ্বাধিক৷ 

যোৱা শৈক্ষিক বছৰটো বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ চিবিএছচিৰ পৰীক্ষাবোৰ শেষ নৌহওঁতেই লকডাউন দিয়া হৈছিল৷ ফলত যোৱাবছৰ কেইটামান বিষয়ৰ পৰীক্ষা নপতাকৈয়ে ফলাফল ঘোষণা কৰা হয়৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষাবোৰ নপতাকৈয়ে দীৰ্ঘ দিন পাৰ হয়৷ কিছুমানে অনলাইনযোগে পৰীক্ষা পাতে যদিও বিষয়টো গৈ সৰ্বোচ্ছ ন্যায়ালয়ৰ মজিয়া পায়৷ অৱশেষত সৰ্বোচ্ছ ন্যায়ালয়ৰ পৰামৰ্শক্ৰমে কেৱল চূড়ান্ত পৰীক্ষাবোৰ অনলাইন-অফলাইন পদ্ধতিত কিবাকৈ শেষ কৰা হয়৷ নতুন শৈক্ষিক বৰ্ষ কিছু পিছুৱাই যায় আৰু পলমকৈ নামভৰ্তিবোৰ হয়৷ যোৱা বছৰটোত প্ৰায় অক্টোবৰলৈ শিক্ষানুষ্ঠানসমূহত অফলাইনৰ ক্লাছ নোহোৱাকৈ পাৰ হয়৷ অনলাইন পদ্ধতিত চলোৱা শৈক্ষিক কাৰ্যসূচীৰ সুফল পোৱা নগ’ল৷ লকডাউন প্ৰত্যাহাৰৰ পাছত আনলক পৰ্যায়ত বহুত পলমকৈ স্কুল-কলেজ আৰম্ভ কৰা হয়৷ পাঠ্যক্ৰম হ্ৰাস কৰি কিছুদিন শ্ৰেণীবোৰ বহাৰ পাছতে আকৌ আহি পৰিছে কৰ’নাৰ দ্বিতীয় ঢৌ৷

বৰ্তমান দেশত কৰ’নাৰ দ্বিতীয় ঢৌৱে ঢৌৱাই আছে৷ প্ৰায় সকলো ৰাজ্যতে কৰ’নাৰ গণসংক্ৰমণ আৰম্ভ হৈছে৷ দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট আদি ৰাজ্যত পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে৷ বহু ঠাইত চিকিৎসালয়ৰ বিছনাৰ অভাৱ হৈছে৷ দিল্লী, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশত অক্সিজেনৰ অভাৱ ঘটিছে৷ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ দেশত সম্পূৰ্ণ লকডাউন দিয়া হোৱা নাই যদিও বহু ঠাইত ৰাতিৰ ভাগত কাৰ্ফিউ ঘোষণা কৰা হৈছে৷

কৰ’নাৰ সংহাৰী ৰূপ দেখি চিবিএছইয়ে মে’ৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে৷ আইচিএছই আৰু আইএছচি  পৰীক্ষাও  সদ্যহতে পিছুৱাই দিয়া হৈছে৷ পৰিস্থিতিৰ জটিলতালৈ চাই বিভিন্ন ৰাজ্যই পৰীক্ষাবোৰ হয় বাতিল কৰিছে, নহ’লে স্থগিত কৰিছে৷ তামিলনাডু, দিল্লী, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, গুজৰাট, ওড়িশা চৰকাৰে দশম আৰু দ্বাদশ দুয়োটা শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে৷ তেলেংগানা, ছত্তিশগড়, পাঞ্জাব আৰু হাৰিয়ানাত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে৷ জম্মু-কাশ্মীৰত চলি থকা দশম শ্ৰেণীৰ পৰীক্ষা বাতিল আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত কৰা হৈছে৷

ঝাৰখণ্ডত প্ৰেক্টিকেল পৰীক্ষাবোৰ স্থগিত কৰা হৈছে৷ ইয়াৰ বিপৰীতে কেৰালা আৰু কৰ্ণাটক চৰকাৰে এতিয়ালৈ কৈ আছে পৰীক্ষাসমূহ পাতিব৷ গোৱা আৰু অন্ধ্ৰ প্ৰদেশতো বাতিল বা স্থগিতকৰণৰ সিদ্ধান্ত লোৱা নাই৷ পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যতো পৰীক্ষা পাতিব খুজি আছে৷ 

পৰীক্ষাক লৈ অসমত বিৰাজ কৰিছে গভীৰ অনি(য়তা; কাৰণ চৰকাৰে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই৷  এফালে কোৱা হৈছে পৰীক্ষাৰ বিষয়ত সিদ্ধান্ত ল’বলৈ কতৃৰ্পক্ষই অভিভাৱকৰ লগত কথা পাতি প্ৰতিবেদন দিব৷ আনফালে কোৱা হৈছে– পৰীক্ষাৰ ক্ষেত্ৰত ২ মে’ৰ পাছত গঠন হ’বলগীয়া নতুন চৰকাৰেহে কেবিনেটত সিদ্ধান্ত ল’ব৷

পৰীক্ষাৰ বিষয়টো বেছি অনিশ্চয়তালৈ ঠেলি দিয়া হৈছে, যিটো যথেষ্ট ক্ষতিকাৰক হ’ব৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক অনি(য়তাত ৰখাটো উচিত নহয়৷ সকলো দিশ বিবেচনা কৰি শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব লাগে৷ আজিৰ পৰা দুমাহ পাছত হ’ব পৰা সম্ভাব্য পৰিস্থিতি আৰু চিবিএছচিয়ে লোৱা সিদ্ধান্তৰ লগতে আন ৰাজ্যই লোৱা সিদ্ধান্তৰ পটভূমিবিলাকো চালিজাৰি চাব লাগিব৷ বিষয়টো ৰাজনীতিৰ ঊধবৰ্ত ৰাখিব লাগিব৷ ৰাজনৈতিক দৃষ্টিকোণ বা কাৰোবাৰ হেঁচাত পৰীক্ষা পাতিবলৈ গৈ যাতে আধাতে বন্ধ কৰিবলগা নহয়, সেই কথাটোও মন কৰিব লাগিব৷