Logo
image

কাইলৈ গুৱাহাটীত আইপিএলৰ খেল, বতৰ হ’ব ফৰকাল

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৪ মে’: চলিত বৰ্ষৰ আই পি এল প্ৰতিযোগিতাৰ দুখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা অহা ১৫ আৰু ১৯ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে বহু প্ৰত্যাশিত খেল দুখনক লৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে৷ ১৫ মে’ৰ দিনা সন্ধিয়া পাঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েল্‌ছৰ মাজত খেলখন অনুষ্ঠিত হ’ব৷ দেওবাৰে বিয়লি পাঞ্জাব কিংছৰ দলটো বিশেষ বিমানযোগে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছত সোমবাৰে বিয়লি বিশেষ বিমানযোগে গুৱাহাটীলৈ আহে ৰাজস্থান ৰয়েল্‌ছৰ দলটো৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দুয়োটা দলকে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত ৰখা হৈছে৷ ইফালে, বিগত কেইদিনত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাজনী, ঢেৰেকণী, ধুমুহাৰ সৈতে মাজে-সময়ে বৰষুণ আহি থকালৈ চাই ক্ৰিকেটপ্ৰেমীসকল স্বাভাৱিকতে বতৰক লৈ উদ্বিগ্ন হৈ পৰিছে৷ কিয়নো পূৰ্বতে ২০২২ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত বৰষুণৰ বাবে টি-২০ প্ৰতিযোগিতাৰ এখন খেল এটাও বল নপৰাকৈ বাতিল কৰিবলগীয়া হৈছিল৷ আনকি ২০২২ বৰ্ষৰ ২ অক্টোবৰত টি-২০ প্ৰতিযোগিতাৰ আন এখন খেলত বতৰে বিধি-পথালি দিছিল৷ অৱশ্যে এই আশংকাৰ মাজতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১৬ মে’ৰ দিনা গুৱাহাটীত বতৰ সামগ্ৰিকভাৱে ফৰকাল হৈ থাকিব বুলি সদৰী কৰিছে৷ কেন্দ্ৰই সদৰী কৰা অনুসৰি সিদিনা গুৱাহাটীত বৰষুণ অহাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ সমান্তৰালভাৱে সন্ধিয়াৰ তাপমাত্ৰা ২৩ৰ পৰা ২৬ ডিগ্ৰী ছেলচিয়াছৰ আশে-পাশে থাকিব৷ যিটো স্বাভাৱিকতকৈ ২১ পৰা ৩ ডিগ্ৰীৰ ভিতৰত থাকিলেও সেইটো খেলুৱৈৰ সহ্যৰ ভিতৰত থাকিব৷ অৱশ্যে দিনৰ ভাগত সৰ্বাধিক তাপমাত্ৰা ৩৬ডিগ্ৰী ছেলচিয়াছৰ আশে-পাশে থাকিব৷ আনহাতে, ১৯ মে’ৰ দিনা সন্ধিয়া পুনৰ ৰাজস্থান ৰয়েল্‌ছ আৰু কলকাতা নাইট ৰাইডাৰ্ছাৰ মাজত আন এখন খেল অনুষ্ঠিত হ’ব৷ অৱশ্যে ১৯ মে’ত বতৰে কি ৰূপ ধাৰণ কৰিব সেই বিষয়ে এতিয়াই সদৰী কৰা নাই বতৰ বিজ্ঞান কেন্দ্ৰই৷ কিন্তু ১৫ মে’ৰ দিনা গুৱাহাটীৰ বতৰ ফৰকাল হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে৷ কেন্দ্ৰৰ দাবী বাস্তৱত পৰিণত হ’লে গুৱাহাটীবাসীয়ে এখন ভাল খেলৰ সাক্ষী হোৱাটো নিশ্চিত৷