Logo
image

অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিলে দুই ভাৰতীয় মল্লযোদ্ধাই

নতুন দিল্লী, ২০ এপ্ৰিল: পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে ভাৰতীয় মল্লযোদ্ধা দীপক পুনিয়া আৰু সুজিত কলকালে৷ প্ৰবল বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে তেওঁলোক বিগত দুটা দিন তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ডুবাইত৷ ফলত তেওঁলোক সময়মতে কিৰ্গীস্তানৰ ৰাজধানী বিশকেকত উপস্থিত হৈ ওজন পৰীক্ষাৰ বাবে উপস্থিত হ’ব নোৱাৰিলে৷ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ অনুৰোধ সত্ত্বেও টুৰ্নামেণ্টৰ আয়োজকে তেওঁলোকক প্ৰতিদ্বন্দ্বিতাত নমাৰ অনুমতি নিদিলে৷ শুকুৰবাৰৰ পুৱা ৮.০০ বজাত দীপক আৰু সুজিত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ কথা আছিল৷ পুনিয়াই ৮৬ কিলোগ্ৰাম আৰু সুজিতে ৬৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল৷ টুৰ্নামেণ্টখনত খেলাৰ সুযোগ নোপোৱাৰ বাবে মল্লযোদ্ধাদ্বয়ৰ অলিম্পিকত যোগ্যতা অৰ্জনৰ পথ কঠিন হৈ পৰিল৷ অৱশ্যে ইয়াৰ পাছত তেওঁলোকে  আন এটা সুযোগ পাব৷ অহা মাহত তুৰস্কত অনুষ্ঠিত হ’ব বিশ্ব অলিম্পিক কোৱালিফায়াৰ৷ উক্ত প্ৰতিযোগিতাতো ভাগ ল’ব পাৰিব পুনিয়া  আৰু সুজিতে৷

উল্লেখ্য, ১৬ এপ্ৰিলৰ পৰা ডুবাইত আবদ্ধ হৈ আছিল তাৰ পূৰ্বে কিৰ্গীস্তানৰ টুৰ্নামেণ্টখনৰ প্ৰস্তুতিৰ বাবে তেওঁলোক আছিল ৰাছিয়াত৷ তাৰ পাছত কিৰ্গীস্তানলৈ ৰাওনা হোৱাৰ বাবে ভাৰতীয় মল্লযোদ্ধাসকল ডুবাইত উপস্থিত হৈছিল৷ কিন্তু প্ৰবল বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে বহুকেইখন বিমানৰ উৰণ বাতিল কৰিববলগীয়া হৈছিল৷ ভাৰতৰ ১৭ জনীয়া দল এটা কিৰ্গীস্তানত উপস্থিত হ’লেও পুনিয়া আৰু সুজিত আবদ্ধ হৈ আছিল ডুবাইত৷