Logo
image

শোচনীয়! ২৪ ঘণ্টাত ২.৭৩ লাখ আক্ৰান্ত

ভাৰতৰ প্ৰতিখন ৰাজ্যতে ভয়ংকৰ ৰূপ লোৱাৰ দিশে কৰ’না, ২৪ ঘণ্টাত অভিলেখ ১,৬১৯জনৰ মৃত্যু

আমাৰ অসম, ২০ এপ্ৰিলঃ কৰ’নাৰ দ্বিতীয় ঢৌৱে দেশত ভয়ংকৰ পৰিস্থিতি অব্যাহত ৰাখিছে৷ ইখনৰ পিছত সিখন ৰাজ্যত কঠোৰ ক’ভিড-১৯ নিয়ম বলৱৎ কৰা হৈছে৷ ৰাজস্থানত ১৫ দিনীয়া লকডাউন ঘোষণা হোৱাৰ পিছত দিল্লীতো কঠোৰ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্ৰত কঠোৰ নীতি-নিয়ম বলৱৎ কৰা হৈছে৷ উত্তৰ প্ৰদেশ, তামিলনাডু, মধ্য প্ৰদেশ আদিতো কৰ’না ৰোধৰ বাবে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কিন্তু সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে৷ প্ৰতিদিনে অভিলেখ হাৰত বাঢ়িছে কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা৷ থমকি ৰোৱাৰ নামেই লোৱা নাই ত্ৰাস সৃষ্টিকাৰী কৰ’নাই৷ যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই আন এটা অভিলেখ ৰচে৷  সোমবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত অভিলেখ ২.৭৩ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত  হয়৷ প্ৰথমবাৰৰ বাবে ভাৰতত এদিনতে ইমান লোক আক্ৰান্ত হয়৷ ফলত অহা দুই-এদিনৰ ভিতৰতে দেশত দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যাই তিনি লাখৰ ঘৰো অতিক্ৰম কৰিব৷ ইয়াৰ ফলত ভাৰতত কৰ’না পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব৷ চিকিৎসালয়ত ৰোগী থ’বলৈ ঠাই নোহোৱা হ’ব৷  যোৱা ২৪ ঘণ্টাত দেশত অভিলেখ ১,৬১৯জন লোকৰ মৃত্যু হয়৷ প্ৰতিদিনে দৈনিক মৃত্যুৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পোৱাটো অতি বেয়া লক্ষণ৷ অহা দিনকেইটাত কি পৰিস্থিতিৰ সৃষ্টি হয়, তাক লৈ সকলোৱে শংকাৰ মাজেৰে দিন পাৰ কৰিছে৷ দেশত একেৰাহে পাঁচদিনলৈ দৈনিক কৰ’নাত আক্ৰান্তৰ সংখ্যা দুই লাখৰো অধিক হয়৷ যোৱা ২৪ ঘণ্টাত দেশত ১৪ লাখৰো অধিক লোকৰ কৰ’না পৰীক্ষা কৰা হয়৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৮ হাজাৰ লোক আক্ৰান্ত হয় আৰু ৫০৩জন লোকৰ মৃত্যু হয়৷ এতিয়ালৈকে ভাৰতত ১২.৩৮ কোটি লোকক কৰ’না ভেক্‌চিন প্ৰদান কৰা হৈছে৷