Logo
image

কৰ’নাযোদ্ধাৰ জীৱনবীমা আঁচনি প্ৰত্যাহাৰ কেন্দ্ৰৰ

আমাৰ অসম, ২০ এপ্ৰিলঃ কৰ’নাযোদ্ধাৰ বাবে প্ৰৱৰ্তন কৰা জীৱনবীমা আঁচনি প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ সেই অনুসৰি এতিয়াৰে পৰা কৰ’না যোদ্ধাক কেন্দ্ৰীয় চৰকাৰৰ জীৱনবীমা আঁচনিয়ে সামৰি নলয়৷ উল্লেখ্য যে বিগত বৰ্ষত কাল কৰ’নাই সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেন্দ্ৰই কৰ’না যোদ্ধাসকলৰ বাবে ৫০ লাখ টকীয়া জীৱনবীমা আঁচনি প্ৰৱৰ্তন কৰিছিল৷ প্ৰথম অৱস্থাত ২০২০ চনৰ ৩০ মাৰ্চৰ পৰা তিনি মাহৰ বাবে এই বীমাৰ সুবিধা প্ৰদান কৰা হয়৷ কিন্তু পৰৱৰ্তী সময়ত আঁচনিখনৰ ম্যাদ ২০২১ চনৰ ২৪ মাৰ্চলৈ বৃদ্ধি কৰা হয়৷ কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্যৰ মুখ্য সচিব সকললৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে৷