Logo
image

ভেকচিন লোৱাৰ পাছতো কৰ’নাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে

আমাৰ অসম, ২১ এপ্ৰিলঃ কৰ’না অতিমাৰীৰ প্ৰতিৰোধৰ বাবে দেশজুৰি টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও আশংকা কমা নাই৷ ক’ভিড ভেকচিন লোৱাৰ পাছতো বহু লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ টুইটযোগে নিজেই কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে ডাঃ অৰবিন্দৰ সিং চুৱেনে৷ চিকিৎসকজনে জনাইছে তেওঁ ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ পাছতো ক’ভিডত আক্ৰান্ত হৈছে৷ তেওঁ সদৰী কৰা মতে, কৰ’নাত আক্ৰান্ত হোৱা সত্ত্বেও কোনো উপসৰ্গই দেখা দিয়া নাছিল৷ অনলাইনযোগে ৰোগীক দিহা-পৰামৰ্শ তথা  শুশ্ৰূষাও কৰিছিল তেওঁ৷ একেদৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ ক্ষেত্ৰতো ঘটিছে একেই ঘটনা৷ ৯ মাহৰ ভিতৰত তেওঁ দুবাৰ কৰ’নাত আক্ৰান্ত হয়৷ চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছিল মুখ্যমন্ত্ৰীাগৰাকীক৷ ইতিমধ্যে তেওঁ ভেকচিনৰ দুটা ড’জ লৈছে৷ ভেকচিন ল’লেও তেওঁ ক’ভিডৰ আশংকাৰ পৰা মুক্ত হোৱা নাই৷ সেয়ে গৱেষকসকলে কৈছে যে ভেকচিনৰ ক্ষেত্ৰত কোনোটোৱেই ১০০ শতাংশ কাম কৰিব বুলি ডাঠি ক’ব নোৱাৰি৷ গৱেষকসকলৰ মতে ভেকচিন লোৱাৰ পাছতো সংক্ৰমিত হ’ব পাৰে৷ সেয়ে ভেকচিন লোৱাৰ পাছত নিজে সতৰ্ক হৈ থকাটো অতি জৰুৰী৷ মুখত মাস্ক পিন্ধাৰ পৰা ধৰি ক’ভিড বিধি মানি চলাটো নিতান্তই আৱশ্যক৷