Logo
image

কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত কৰ’নাৰ উপসৰ্গ সম্পূৰ্ণ বেলেগ

আমাৰ অসম, ২১ এপ্ৰিলঃ জ্বৰ হোৱা, স্বাদ-গোন্ধ নোপোৱা আদি আছিল ক’ভিড-১৯ৰ প্ৰথম ঢৌৰ উপসৰ্গ৷  বৰ্তমান বিশ্বজুৰি আহিছে কৰ’নাৰ দ্বিতীয় ঢৌ৷ প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ৷ ইয়াৰ পৰা বাদ পৰা নাই নতুন প্ৰজন্ম৷ এইবাৰ উপসৰ্গৰ একেবাৰে বেলেগ বুলি জনাইছে দিল্লীৰ এক  ডায়েগ’ষ্টেটিক চেণ্টাৰৰ এজন চিকিৎসকে৷ তেওঁ জনোৱা মতে কৰ’নাৰ দ্বিতীয় ঢৌৰ চিকাৰ হৈছে ১২-১৫ বছৰৰ কিশোৰ-কিশোৰী৷ বেছিভাগৰেই আগৰ কৰ’নাৰ উপসৰ্গৰ দৰে জ্বৰ হোৱা, স্বাদ-গোন্ধ নোপোৱা ইত্যাদি নাই৷ বৰঞ্চ, পৰীক্ষা কৰিলেহে ইয়াক ধৰা পেলাব পাৰি৷ মুখগহ্বৰ শুকাই যোৱা, ওঁঠ শুকাই যোৱা, পেটৰ বেমাৰ, গেছৰ সমস্যা, চকু ৰঙা হোৱা, মূৰৰ বিষ ইত্যাদি ধৰণৰ উপসৰ্গত ভোগা কিশোৰ-কিশোৰীক পৰীক্ষা কৰাৰ পাছত বেছিভাগৰে ক’ভিড পজিটিভ পোৱা গৈছে৷