Logo
image

ক’ভিডে বন্ধ কৰিলে টকা মুদ্ৰণকাৰী ছপাশাল

আমাৰ অসম, ২২ এপ্ৰিলঃ অৱশেষত ক’ভিডে বন্ধ কৰিলে দেশৰ টকা মুদ্ৰণকাৰী প্ৰতিষ্ঠান৷ পশ্চিম বংগৰ শালবনিত থকা টাঁকশাল অৰ্থাৎ টকা মুদ্ৰণকাৰী ছপাশাল আজিৰ পৰা অতি কমেও তিনিদিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ পশ্চিম বংগৰ মেদিনীপুৰ জিলাৰ শালবনিত থকা এই টকাৰ ছপাশালৰ ৩৩ জন কৰ্মচাৰী একেলগে ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে সাময়িকভাৱে তিনিদিনৰ বাবে টকাৰ মুদ্ৰণ বন্ধ কৰি দিবলগীয়া হৈছে৷ শালবনিৰ টাঁকশালত মুঠতে ৭০০ জন কৰ্মচাৰী আছিল৷ বিগত ফাকুৱাৰ পৰাই এই টাঁকশালৰ কৰ্মচাৰী এজন দুজনকৈ ক’ভিডত আক্ৰান্ত হ’বলৈ ধৰে৷ শেহতীয়াকৈ ৩৩ জন কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱাত আজিৰ পৰা ৰিজাৰ্ভ বেংকে শালবনিৰ ছপাশালত টকাৰ মুদ্ৰণ বন্ধ ঘোষণা কৰিছে৷ প্ৰাথমিকভাৱে পৰৱৰ্তী তিনিদিন এই টাঁকশাল বন্ধ থাকিব৷ অধিক কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা চলি আছে আৰু যদিহে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় তেন্তে এই টকা মুদ্ৰণকাৰী ছপাশাল দীৰ্ঘদিনৰ বাবে বন্ধ  হৈ পৰিব পাৰে৷ শালবনিৰ এই ছপাশালত ৫০০, ২০০, ১০০ টকাৰ নোট ছপা হয়৷

ইপিনে, দিল্লীৰ ক’ভিড পৰিস্থিতি ইমানেই শোচনীয় হৈছে  যে পৰীক্ষা কৰা প্ৰতি তিনিজন লোকৰ এজনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ দিল্লীত অধিকাংশ হাস্পতালত অক্সিজেনৰ নাটনি এতিয়াও চলি আছে৷ কেইখনমান হাস্পতালক অক্সিজেন যোগান ধৰিলেও ক’ভিড ৰোগীৰে ভৰি থকা আন আন হাস্পতালৰ অক্সিজেন লাহে লাহে নোহোৱা হৈ আহিছে৷ এইবাৰৰ ক’ভিড সংক্ৰমিতৰ শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাৰ বাবে অক্সিজেনৰ ব্যৱহাৰ পূৰ্বৰ তুলনাত অধিক হৈছে৷ ইপিনে, বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ২,৯৫,০৪১ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ফলত দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যাই ২১ লাখ অতিক্ৰম কৰিছে৷ উল্লেখ্য, এদিনত প্ৰায় তিনি লাখ লোক ক’ভিডত আক্ৰান্ত হোৱাতো বিশ্বৰ ভিতৰতে অভিলেখ৷ ভাৰতৰ বাহিৰে আন কোনো দেশত একেদিনাই প্ৰায় তিনি লাখ লোক ক’ভিডত আক্ৰান্ত হোৱা নাই৷ মুঠ আক্ৰান্তৰ দিশৰ পৰা ভাৰতৰ স্থান এতিয়াও আমেৰিকাৰ ঠিক পাছত৷ দেশৰ ৭৬ শতাংশ সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক আৰু কেৰালাত৷ আটাইকেখন ৰাজ্যত বিগত ২৪ ঘণ্টাত সংক্ৰমিতৰ সংখ্যায়ো অভিলেখ সৃষ্টি কৰিছে৷ লকডাউনৰ কবলত থকা সত্ত্বেও দিল্লীত সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱা নাই৷