ভাৰতৰ বিশ্ব অভিলেখ
আমাৰ অসম, ২৩ এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে ভাৰতত দৈনিক ক’ভিড ভাইৰাছৰ সংক্ৰমণে বিশ্ব অভিলেখ সৃষ্টি কৰিছে৷ দেশত এদিনতে তিনি লাখৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ভাৰতত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাই এতিয়া আমেৰিকাকো পিছ পেলালে৷ আনহাতে ভাৰতত বিগত ২৪ ঘণ্টাত দুই সহস্ৰাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত সমাগত কেইসপ্তাহমানৰ ভিতৰত ভাৰতৰ কৰ’না পৰিস্থিতিয়ে বিপজ্জনক ৰূপ লোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে৷ বিশেষকৈ মে’ মাহৰ ১১ তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা সৰ্বোচ্ছ হ’ব বুলি আশংকা কৰিছে বিশেষজ্ঞই৷ আই আই টি, কানপুৰে চলোৱা এক সমীক্ষাত কোৱা হৈছে যে ১১ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ৩.৫ লাখ অতিক্ৰম কৰাৰ আশংকা আছে৷ সেইদৰে এই সময়ছোৱাত ভাৰতত ৩৩ ৰ পৰা ৩৫ লাখ লোক আক্ৰান্ত হ’ব পাৰে বুলি কোৱা হৈছে৷ ফলত অহা সপ্তাহকেইটাত কৰ’নাৰ সংক্ৰমণ ভাৰতত হ্ৰাস পোৱাৰ বিপৰীতে অধিক বৃদ্ধি হ’ব৷ উল্লেখ্য যে, যোৱা ছেপ্টেম্বৰ মাহত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছিল সৰ্বাধিক৷ সেই মাহটোত আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ১০ লাখ৷ এইবাৰ মে’ মাহৰ ১১ তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰত এই সংখ্যা ৩৩ লাখৰ পৰা ৩৫ লাখ অতিক্ৰম কৰিব পাৰে বুলি সমীক্ষাটোত কোৱা হৈছে৷ আনহাতে যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত আক্ৰান্তাৰ সংখ্যাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ এই সময়ছোৱাত ভাৰতত প্ৰায় ৩ লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত ভাৰতত আক্ৰান্তাৰ সংখ্যা ২ লাখ ৯৫ হাজাৰ ০৪১ জন৷ একেদৰে মৃত্যুৰ সংখ্যাও বাঢ়িছে৷ যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২৩ জন৷ অৱশ্যে সংক্ৰমিতৰ সংখ্যাৰ হাৰ অনুযায়ী দেশখনত মৃত্যুৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাই ১.১৭ শতাংশ হৈছে৷ যিটো চলিত মাহৰ আৰম্ভণিতে আছিল ১.৩৮ শতাংশ৷ ইপিনে মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, কেৰালা আৰু তামিলনাডুত শেহতীয়াকৈ সৃষ্টি হোৱা কৰ’না পৰিস্থিতিক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈ পৰিছে।