Logo
image

অক্সিজেনৰ আকাল ছট্‌ফটাইছে দেশ

আমাৰ অসম, ২৪ এপ্ৰিলঃ ক’ভিডে কালান্তক মূৰ্তি লৈ এপিনৰ পৰা গ্ৰাস কৰি অহাৰ সময়তে দিল্লীৰ প্ৰখ্যাত গংগাৰাম হাস্পতালত অক্সিজেনৰ [অম্লজান] অভাৱত ২৫ জন ক’ভিড ৰোগীৰ কৰুণ মৃত্যুৰ শোকাৱহ ঘটনা সংঘটিত হৈছে৷ ক’ভিডৰ উপসৰ্গৰ ফলত নহয়, বৰং চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে জীৱনদায়িনী অক্সিজেন যোগান ধৰিব নোৱাৰাৰ বাবে ২৫ টা অমূল্য প্ৰাণ এনেদৰে নোহোৱা হৈ যোৱাৰ ঘটনাই সমগ্ৰ দেশকে জোকাৰি পেলাইছে৷ দেশত এতিয়া মৃত্যু আৰু কবিৰ ভাষাৰ ‘শিল্প’ হৈ থকা নাই৷ মৃত্যুৰ ঘটনা সদায় কৰুণ আৰু শোকাৱহ৷ কিন্তু, কেৱল দেশৰ শাসকৰ চৰম অকৰ্মণ্যতাৰ বাবে মৃত্যু এতিয়া কৰুণ আৰু শোকাৱহ হৈ পৰিছে কেৱল মৃত্যুৰ কাৰণৰ বাবে৷ দেশৰ আগশাৰীৰ বিখ্যাত বে-চৰকাৰী চিকিৎসালয় ছাৰ গংগাৰাম হাস্পতালৰ পৰা ‘এছ অ’ এছ’ বাৰ্তা প্ৰেৰণ কৰা হৈছিল সংশ্লিষ্ট সকলোলৈকে৷ সেই বাৰ্তাত চিকিৎসালয় কতৃৰ্পক্ষই কৈছিল– আমাৰ হাতত মাথোঁ দুঘণ্টাৰ বাবেহে অক্সিজেন অৱশিষ্ট ৰৈছেগৈ৷ লাগিলে আকাশী পথেৰে হ’লেও যেনে তেনে আমাক অক্সিজেনৰ যোগান ধৰক৷ কমেও ৬০ জন ক’ভিড ৰোগীক উচ্ছ মাত্ৰাত অক্সিজেন যোগান ধৰি থাকিবলগীয়া হৈছে৷ দুঘণ্টাৰ পাছত অক্সিজেন শেষ হ’লে তেওঁলোকৰ জীয়াই থকাৰ আশা নাই৷ ৬০ জন ক’ভিড ৰোগীৰ জীৱন আৰু মৃত্যুৰ মাজত বাকী হৈ ৰৈছে অক্সিজেন৷ 

পিছে সু-শাসন চলাই থকা বুলি বাৰম্বাৰ দাবী কৰা, ক’ভিড পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণত থকা বুলি এতিয়াও দাবী কৰি থকা নৰেন্দ্ৰ মোদী চৰকাৰে গংগাৰাম হাস্পতালত ৰোগীৰ জীৱনদায়িনী অক্সিজেন যোগান ধৰিব নোৱাৰিলে৷ ফলত বিগত ২৪ ঘণ্টাত উশাহৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ অভাৱত শ্বাসৰুদ্ধ হৈ প্ৰাণ বিসৰ্জন দিলে ২৫ জনকৈ ক’ভিড আক্ৰান্তই৷ ক’ভিডত আক্ৰান্ত হৈ শৰীৰৰ প্ৰচণ্ড ক্ষতি হোৱাৰ বাবে নহয়, কেৱল অক্সিজেন চাহিদা অনুসৰি যোগান ধৰিব নোৱাৰাৰ বাবে এই ২৫ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি হাস্পতাল কতৃৰ্পক্ষই ৰাজহুৱাকৈ প্ৰকাশ কৰিছে৷ গংগাৰাম হাস্পতাল কতৃৰ্পক্ষই এই সন্দৰ্ভত জাৰি কৰা এটা চমু বিবৃতিত কৈছে– ‘সকলো কেইজন ৰোগীকেই উচ্ছহাৰত অক্সিজেন যোগান ধৰি থকা হৈছিল৷ ভেণ্টিলেটৰ আৰু আন আনুষংগিক যন্ত্ৰ অক্সিজেন প্ৰয়োজনীয় হাৰত যোগান নোপোৱাৰ বাবেই অকামিলা হৈ পৰিল৷ কেৱল অক্সিজেন নোহোৱাৰ বাবেই এই কেইজন ৰোগীৰ মৃত্যু ঘটিল৷’ উল্লেখ্য, গংগাৰাম হাস্পতালত এতিয়াও ৭০০ৰো অধিক ক’ভিড ৰোগী আছে, যিসকলৰ বহুতকে উচ্ছহাৰত অক্সিজেনৰ প্ৰয়োজন৷ যোৱা বুধবাৰে নিশা গংগাৰাম হাস্পতাললৈ অক্সিজেনৰ যোগান ধৰা হৈছিল যদিও সেয়া চিকিৎসাধীন ৰোগীৰ তুলনাত যথেষ্ট নাছিল বুলি চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ ডি এছ ৰানাই প্ৰকাশ কৰিছে৷ তেওঁ জনায় যে, যিসকল ক’ভিড আক্ৰান্ত গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকক নিৰৱচ্ছিন্নভাৱে অক্সিজেনৰ যোগান ধৰি থাকিবলগীয়া হৈছে৷ এৰাধৰাকৈ অক্সিজেনৰ যোগান পালে তেনে ৰোগীক জীয়াই ৰখা কঠিনেই নহয়, অসম্ভৱ৷ ক’ভিড আক্ৰান্ত থকা সকলো হাস্পতালকে বিচ্ছিন্ন নোহোৱাকৈ অক্সিজেনৰ যোগান লাগে৷ অন্যথা এনে শোকাৱহ ঘটনা দেশৰ সকলো ঠাইতে দৈনিক সংঘটিত হ’ব৷

আনহাতে, শুকুৰবাৰ পুৱা ৮ বজাত দিল্লীৰ আন এখন আগশাৰীৰ বে-চৰকাৰী চিকিৎসালয় মেক্স হাস্পতালে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনাই দিছে যে তেওঁলোকৰো অক্সিজেনৰ ভৰাঁল শুকাই আহিছে৷ মেক্স হাস্পতাল কতৃৰ্পক্ষই লিখিছে– ‘আমাৰ হাতত এতিয়া এঘণ্টাতকৈও কম সময়ৰ অক্সিজেনহে বাকী আছে৷ মাজনিশা ১ বজাৰ পৰা আমি প্ৰতিশ্ৰুতি অনুসৰি অক্সিজেন পাম বুলি অপেক্ষা কৰি আছোঁ৷ কিন্তু এতিয়া পুৱা ৮ বজালৈ এটোপালো অক্সিজেন আমাক যোগান নধৰিলে৷ আমাৰ চিকিৎসালয়ত ৭০০ত কৈ অধিক ক’ভিড আক্ৰান্ত ভৰ্তি  হৈ আছে৷ তেওঁলোকৰ অধিকাংশকে অক্সিজেনৰ প্ৰয়োজন৷ অক্সিজেনৰ অভাৱত তেওঁলোকে ছটফটাই আছে৷ আমাৰ হাতত কোনো বিকল্প নাই৷ আমি আৰু অধিক ৰোগী ভৰ্তি নকৰিবলৈ সিদ্ধান্ত লৈছো৷’ উল্লেখ্য, এই টুইটৰ দুঘণ্টাৰ পাছত মেক্স হাস্পতালত ২ মেট্ৰিকটন অক্সিজেন যোগান ধৰা হয়৷ 

এই দুখন চিকিৎসালয়ৰ উপৰি দক্ষিণ দিল্লীৰ ওখলাস্থিত হলী ফেমিলী হাস্পতালৰ অৱস্থাও তথৈৱচ৷ ৩৮৫ জন ক’ভিড ৰোগী থকা চিকিৎসালয়খনৰ অক্সিজেন শেষ হোৱা  বুলি চিকিৎসক ডাঃ সুমিত ৰয়ে পুৱা ৰাজহুৱাভাৱে প্ৰকাশ কৰে৷ দিনৰ ১১ বজাত ৫০০ ৰোগী থকা বাট্ৰা হাস্পতালেও জনায় যে হলী ফেমিলী হাস্পতালাৰ দৰে তেওঁলোকৰ ওচৰতো এঘণ্টাতকৈ কম সময়ৰ বাবেহে অক্সিজেন বাচি আছে৷ বিয়লি পৰ্যন্ত এই দুখন হাস্পতালে অক্সিজেনৰ যোগান লাভ কৰা নাই৷ পৰৱৰ্তী কেইঘণ্টাত দিল্লীৰ এনে চিকিৎসালয়ৰ পৰা আৰু কিমান ভয়ংকৰ দুঃসংবাদ আহিব পাৰে তালৈ আতংকৰে অপেক্ষা কৰিবলগীয়া হৈছে দেশবাসীয়ে৷

যোৱা ৪ দিন ধৰি দিল্লীৰ সকলোবিলাক চৰকাৰী আৰু বে-চৰকাৰী হাস্পতালে তেওঁলোকৰ ওচৰত কেইঘণ্টামানৰহে অক্সিজেন অৱশিষ্ট ৰোৱা বুলি জনাই থাকিলেও চৰকাৰে অক্সিজেনৰ যোগান ধৰিব পৰা নাই৷ অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিন পূৰ্বে জাতিক উদ্দেশ্যি দিয়া ভাষণত দেশৰ ক’ভিড পৰিস্থিতি চৰকাৰৰ নিয়ন্ত্ৰণত থকা  বুলি দাবী কৰিছিল৷ বৃহস্পতিবাৰে পশ্চিমবংগত চাৰিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকৰ চৰকাৰ ব্যৰ্থ হোৱা নাই বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত দাবী কৰিছিল৷ অক্সিজেনৰ যোগান তেওঁলোকে চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা বুলিও অমিত শ্বাহে সেই সাক্ষাৎকাৰত দাবী কৰিছিল৷ যেতিয়া তেওঁ অক্সিজেন এক্সপ্ৰেছ নামৰ অক্সিজেন কঢ়িওৱা ৰে’লগাড়ী ৰাজ্যই ৰাজ্যই প্ৰেৰণ কৰা বুলি সাক্ষাৎকাৰত দাবী কৰি আছিল, তেতিয়া দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ অভাৱত তিলতিলকৈ মৃত্যুবৰণ কৰিছিল ক’ভিড ৰোগীয়ে৷

 এনে অভাৱনীয় পৰিস্থিতিত যোৱা ২৪ ঘণ্টাত এখন চিকিৎসালয়তে ২৫ জনকৈ ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰাৰ ঘটনাই সমগ্ৰ দেশক জোকাৰি পেলোৱাৰ পাছত শুকুৰবাৰৰ পৰা অক্সিজেন যোগানৰ বাবে ভাৰতীয় বায়ু সেনাবাহিনীক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰ৷ শুকুৰবাৰে ভাৰতীয় বায়ু সেনাবাহিনীৰ পৰিবহণকাৰী বিমান চি-১৭, চি-১৩০জে, আই এল ৭৬, এ এন ৩২ আৰু এভ্ৰো, চেটক, এম আই ১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰি বিভিন্ন ৰাজ্যলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছে৷ বায়ু সেনাবাহিনীয়ে অক্সিজেনৰ লগতে বিভিন্ন স্থানৰ পৰা দিল্লী, মুম্বাই, কোচি, বিশাখাপট্টনম, বাংগালুৰুৰ বিভিন্ন চিকিৎসালয়লৈ চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসাকৰ্মী প্ৰেৰণ কৰে৷ উল্লেখ্য, বিগত বছৰ বায়ু সেনাবাহিনীয়ে ক’ভিডৰ ভয়ংকৰ সময়ছোৱাত পি পি ই কিট আৰু ক’ভিডৰ ঔষধ এনেদৰে বিভিন্ন ৰাজ্যলৈ পৰিবহণ কৰিছিল৷