Logo
image

কিশোৰৰ কৰ’নাৰ উপসৰ্গ সম্পূৰ্ণ বেলেগ কি কি জানি লওক

আমাৰ অসম বিশেষঃ প্ৰচণ্ড জ্বৰ, কঁকালৰ বিষ, সোৱাদ আৰু গোন্ধ নোপোৱা – এইবিলাক আছিল কৰ’নাৰ প্ৰথমটো ঢৌৰ উপসৰ্গ৷ বিগত বৰ্ষত বয়োজ্যেষ্ঠৰ পৰা মাজ বয়সৰ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যা আটাইতকৈ বেছি আছিল৷ বছৰটো শেষ হওঁতেই সমগ্ৰ দেশত পুনৰ ভয়াৱহ ৰূপ লৈছে কৰ’নাৰ দ্বিতীয়টো ঢৌৱে৷ বাদ পৰা নাই নতুন প্ৰজন্ম৷ এইবাৰৰ উপসৰ্গবোৰ সম্পূৰ্ণ সুকীয়া বুলি জনাইছে দিল্লীৰ এখন ডায়েগ্নষ্টিক চেণ্টাৰৰ চিকিৎসক গৌৰী আগৰৱালাই৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমক জনাইছে যে কৰ’নাৰ দ্বিতীয় ঢৌৱে ১২ৰ পৰা ১৫ বছৰ বয়সৰ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ বেছিভাগৰে পুৰণি উপসৰ্গ যেনে– জ্বৰ, সোৱাদ আৰু গোন্ধহীনতা এইবোৰ নাই৷ বৰং একেবাৰে নতুন উপসৰ্গক লৈ এইবাৰ পৰীক্ষা কৰা হৈছে৷ মুখগহ্বৰ শুকাই যোৱা, ওঁঠ শুকাই যোৱা, পেটৰ অসুখ, গেছৰ সমস্যা, চকু ৰঙা হোৱা আৰু মূৰৰ বিষ আদি নতুন উপসৰ্গই নতুন প্ৰজন্মক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এই ধৰণৰ উপসৰ্গক লৈ যিয়ে পৰীক্ষা কৰিছে তেওঁলোকৰ বেছিভাগৰেই ক’ভিড পজিটিভ দেখা গৈছে৷ তেওঁ ইয়াকো জনাইছে যে মহাৰাষ্ট্ৰৰ বিভিন্ন হাস্পতালৰ খবৰ ল’লে গম পোৱা যায় যে তাত বেছিভাগ ক’ভিড আক্ৰান্ত শিশু ভৰ্তি হৈ আছে৷ বিগত বৰ্ষত এনে ধৰণৰ ভয়াৱহ পৰিস্থিতিত চিকিৎসালয়ত এনেদৰে শিশু ভৰ্তি কৰাৰ খবৰ পোৱা হোৱা নাছিল৷ আনহাতে শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে যে ৬০ শতাংশ কৰ’না স্ট্ৰেণ্ড ডাবল মিউট্যাণ্ট৷ যিটো এতিয়া দুঃশ্চিন্তাৰ কাৰণ হৈ পৰিছে চিকিৎসকৰ কাৰণে৷ সেয়েহে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈও বাৰম্বাৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে লকডাউন৷ ঘৰত থাকিলেও পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত বিশেষ দৃষ্টি দিবলৈও পৰামৰ্শ দিছে চিকিৎসকজনে৷