Logo
image

জাৰ্মান বিজ্ঞানীৰ দাবী হুইস্কীয়ে দূৰ কৰে কৰ’না

আমাৰ অসম, ২৫ এপ্ৰিলঃ হুইক্সীয়ে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰে৷ এই দাবী জাৰ্মানীৰ এজন জ্যেষ্ঠ স্বাস্থ্য বিশেষজ্ঞৰ৷ জাৰ্মানীৰ ছাৰ্লেণ্ড ইউনিভাৰচিটিৰ ভাইৰ’লজী ইনষ্টিটিউটৰ জ্যেষ্ঠ স্বাস্থ্য বিশেষজ্ঞ ডাঃ জুৱেৰজেন ৰিচ্ছলেণ্ডৰ মতে হুইক্সী পান কৰিলে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পৰা হাত সাৰিব পৰা যায়৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড ১৯ৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সুৰাপান ভয়াবহ হ’ব পাৰে বুলি সাবধানবানী শুনোৱাৰ বিপৰীতে জাৰ্মানীৰ স্বাস্থ্য বিশেষজ্ঞজনে কৰা দাবীক লৈ স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এক বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ সময়ত ডাঃ ৰিচ্ছলেণ্ডক সুৰাপান কৰিলে কৰ’না ভাইৰাছৰ পৰা হাত সাৰিব পাৰি নেকি বুলি এজনে প্ৰশ্ন কৰিছিল৷ এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যিকোনো ভাইৰাছক বাধা দিয়াৰ ক্ষেত্ৰত সুৰাপানৰ ধাৰণাটো বেয়া নহয়৷ তেওঁ লগতে উল্লেখ কৰে যে নিয়মিত সুৰাপানে কৰ’না ভাইৰাছক বাধা দিব পাৰে৷ কিন্তু এই হুইক্সীত থাকিব লাগিব উৎকৃষ্টমানৰ এলক’হল৷ তেওঁ এলক’হলে কৰ’না ভাইৰাছৰ পাশ্বৰ্ক্ৰিয়া নাইকীয়া কৰে বুলিও স্পষ্ট কৰি দিয়ে৷ ডাঃ ৰিচ্ছলেণ্ডৰ মতে, এক নিৰ্দিষ্ট বিৰতিৰ মূৰে মূৰে হুইক্সী পান কৰিলেহে কৰ’না ভাইৰাছক বাধা দিয়াটো সম্ভৱ হয়৷ প্ৰশ্ন কৰোতাজনে ‘আপুনি সঁচাকৈয়ে কৰ’নাৰ পৰা ৰক্ষা পৰিবলৈ এলক’হল বা হুইক্সী গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াব নে?’ বুলি প্ৰশ্ন কৰাত এইবাৰ ডাঃ ৰিচ্ছলেণ্ডৰ উত্তৰ– ‘মই এইটো ক’ব পাৰো যে হুইক্সী পানৰ ফলত কোনো ক্ষতি নহয়৷’