
আদালতত খাৰিজ ট্ৰাম্পৰ শুল্ক নীতি
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে নিজৰ দেশ আমেৰিকাৰ আদালততে তীব্ৰ আঘাত সহিবলগীয়া হ’ল৷ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে এই নীতি নাকচ কৰি ৰায় দিয়ে যে ট্ৰাম্পে মাৰ্কিন কংগ্ৰেছক একাষৰীয়া কৰি একপক্ষীয়ভাৱে শুল্ক আৰোপ কৰি নিজৰ সাংবিধানিক কৰ্তৃত্ব অতিক্ৰম কৰিলে৷ সেয়েহে আদালতে ট্ৰাম্পৰ সকলো শুল্ক নীতি সাময়িকভাৱে স্থগিত ৰাখিছে৷ আনকি আমেৰিকাৰ আদালতে বিভিন্ন দেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা শুল্কও স্থগিত ৰাখিছে৷
মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আদালতত দাবী কৰিছিল যে এই শুল্ক নীতি ভাৰত-পাকিস্তানৰ সংঘাত আৰু চীনৰ বাণিজ্যিক আগ্ৰাসন ৰোধ কৰিবলৈহে প্ৰয়োগ কৰা হৈছে৷ কিন্তু সেই কথাই আদালতত ট্ৰাম্পক একো সহায় কৰিব নোৱাৰিলে৷ আদালতে ট্ৰাম্পৰ শুল্ক নীতি অবৈধ বুলি ঘোষণা কৰিলে৷ উল্লেখ্য যে, ট্ৰাম্পৰ শুল্ক নীতিক লৈ আমেৰিকাৰ বিভিন্ন লোক আৰু আমদানি নিৰ্ভৰশীল ব্যৱসায়িক প্ৰতিষ্ঠানে প্ৰশ্ন উত্থাপন কৰিছিল৷ তেওঁলোকে অতিৰিক্ত শুল্কৰ বাবেই তেওঁলোকৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে বুলি দাবী কৰিছে৷ এই আৱেদনৰ প্ৰেক্ষাপটত মানহাটানৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতত শুনানি অনুষ্ঠিত হৈছিল৷ আদালতৰ তিনিজনীয়া বিচাৰপীঠে কয় যে ট্ৰাম্প প্ৰশাসনে ‘আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন’ৰ অপব্যৱহাৰ কৰিছে৷ আদালতে কয় যে এই আইনৰ অধীনত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন পৰিস্থিতিতহে সীমিত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, কিন্তু আমদানিকৃত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত হস্তক্ষেপ কৰাৰ অধিকাৰ তেওঁৰ নাই৷
অৱশ্যে, আদালতৰ ৰায় মানি ল’বলৈ অনিচ্ছুক হোৱাইট হাউছ৷ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ কুশ দেশায়ে কয় যে তেওঁলোকে শীঘ্ৰে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আৱেদন কৰিব৷ প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াই কয়, ‘এই শুল্ক নীতি গ্ৰহণ কৰা হৈছে চীনৰ আগ্ৰাসন ৰোধ আৰু ভাৰত-পাকিস্তানৰ উত্তেজনা নিয়ন্ত্ৰণলৈ অনাৰ বাবে৷ যদি এই ৰায়দান কাৰ্যকৰী কৰা হয়, তেন্তে ই কৌশলগতভাৱে আমেৰিকাৰ বিৰুদ্ধে যাব৷’
২ এপ্ৰিল ২০২৫ৰ পৰা দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পে ক্ষমতালৈ উভতি আহিয়েই নতুন শুল্ক নীতি কাৰ্যকৰী কৰে, যাক ‘আমেৰিকাৰ মুক্তি দিৱস’ হিচাপেও ঘোষণা কৰা হয়৷ এই নীতিৰ জৰিয়তে কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছিল৷ এই লক্ষ্যৰ ভিতৰত ভাৰত, চীন আৰু পাকিস্তান অন্যতম আছিল৷ উল্লেখ্য যে চীনে আমেৰিকাৰ এই কাৰ্যৰ তীব্ৰ প্ৰত্যুত্তৰ জনাই বিনিময়ত প্ৰতিশুল্ক আৰোপ কৰিছিল৷ ফলত সমগ্ৰ বিশ্বতে বাণিজ্যিক উত্তেজনা তীব্ৰতৰ হৈ পৰিছিল৷ অৱশ্যে, শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ বাণিজ্য চুক্তিৰ ফলত শুল্ক যুদ্ধ স্থগিত হৈছিল৷ ইফালে, আদালতৰ ৰায়ৰ জৰিয়তে ক্ষতিগ্ৰস্ত বাণিজ্যিক কোম্পানীসমূহে সাময়িকভাৱে সকাহ পাইছে৷ উল্লেখ্য, ট্ৰাম্পৰ শুল্ক নীতি ৯০ দিনৰ বাবে স্থগিত ৰখা হৈছিল আৰু ইয়াৰ ম্যাদ ৯ জুলাইত শেষ হ’ব৷ কিন্তু তাৰ আগতে আইনী পদক্ষেপত এই নীতিৰ ভৱিষ্যতক লৈ অনি(য়তাৰ সৃষ্টি হৈছে৷ আদালতৰ ৰায় অৱশ্যেই বিশ্ব বাণিজ্যৰ বাবে ইতিবাচক বুলি ধাৰণা কৰিব পাৰি৷