
এ আইৰ সাম্ৰাজ্যবাদ
আপুনি এ আই ব্যৱহাৰ কৰি এটা ই-মেইল লিখাৰ বাবেই প্ৰায় এক বটল পানী নষ্ট হৈছে৷ কেনেকৈ আৰু কিয় সেই কথাবোৰ বুজিবলৈ এ আইৰ সাম্ৰাজ্যবাদৰ আলোচনা কৰিব লাগিব৷ ঠিক ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা আৰম্ভ হোৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বেলি এদিন মাৰ গ’ল, কিন্তু এতিয়া আকৌ উকমুকনি হৈছে পশ্চিমীয়া এ আইৰ নব্য সাম্ৰাজ্যবাদৰ৷ সাংবাদিক কেৰেন হাওৱে মে’ত প্ৰকাশিত তেওঁৰ নতুন কিতাপ Empire of AI Dreams and Nightmares in Sam Altman’ OpenAIত আজিৰ কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্যোগক ঔপনিৱেশিক ইতিহাসৰ দৃষ্টিৰে চাবলৈ কৈছে৷ আনৰ বৌদ্ধিক সম্পত্তি ব্যৱহাৰ কৰাৰ পৰা আৰম্ভ কৰি বহুমূলীয়া প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰালৈকে আৰু আনকি দুৰ্বল শ্ৰমিকৰ শোষণলৈকে এই ‘এ আইৰ সাম্ৰাজ্য’সমূহে নিজৰ আধিপত্য এনেদৰে সম্প্ৰসাৰণ কৰিবলৈ ধৰিছে যে তাৰ বাবে ৰাজহুৱা নিৰীক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ চাট-জিপিটিৰ দৰে এ আইত প্ৰশিক্ষণৰ বাবে বিশাল পৰিমাণৰ তথ্যৰ প্ৰয়োজন হয় জ্ঞ ধ্ৰুপদী সাহিত্য আৰু বৈজ্ঞানিক প্ৰকাশনৰ পৰা আৰম্ভ কৰি ব্যৱহাৰকাৰীৰ স্পষ্ট সন্মতি অবিহনে সংগ্ৰহ কৰা ছ’চিয়েল মিডিয়া পোষ্টলৈকে৷ এই তথ্যসমূহ বিশাল ছুপাৰ কম্পিউটাৰত সংশ্লেষণ কৰিবলৈ প্ৰচুৰ পৰিসৰত শক্তিৰ প্ৰয়োজন হয়৷ লগতে প্ৰচুৰ পানীৰো প্ৰয়োজন হয়৷
ডেটা চেণ্টাৰসমূহে সূক্ষ্ম হাৰ্ডৱে’ৰ ঠাণ্ডা কৰিবলৈ বিশুদ্ধ পানীৰ ওপৰত নিৰ্ভৰ কৰে৷ অভিযোগ মতে, ৰাজহুৱা খোৱাপানীৰ অভাৱৰ সন্মুখীন হোৱা সম্প্ৰদায়সমূহৰ পৰা আনি এই ডেটা চেণ্টাৰবোৰক দিয়া হয়৷ ব্লুমবাৰ্গ নিউজৰ তথ্য মতে, বিশ্বব্যাপী দুই-তৃতীয়াংশ ডেটা চেণ্টাৰ এনেকুৱা ঠাইত আছে য’ত পানীৰ নাটনি৷ তদাৰকী অবিহনে স্থানীয় বাসিন্দাসকলৰ পৰা এনেকৈ পানী আৰু আন সম্পদ ডেটা চেণ্টাৰসমূহে অধিগ্ৰহণ কৰে৷
লেখিকা কেৰেনে চিলি দেশৰ এটা গোচৰৰ বিষয়ে কিতাপখনত লিখিছে৷ গুগ্লে চেণ্টিয়াগো মহানগৰ অঞ্চলত এটা বৃহৎ ডেটা চেণ্টাৰ নিৰ্মাণ কৰিব বিচাৰিছিল৷ প্ৰস্তাৱিত প্ৰতিষ্ঠানটোৱে তাৰ কমিউনিটীতকৈ বছৰি হাজাৰগুণ বেছি পানী ব্যৱহাৰ কৰিলেহেঁতেন, স্থানীয় কৰ নিদিয়াকৈ৷ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ঘৰে ঘৰে প্ৰচাৰ চলাই বছৰ বছৰ ধৰি হেঁচা প্ৰয়োগ কৰাৰ পাছত প্ৰকল্পটো স্থগিত কৰা হ’ল৷ পুঁজিবাদ আৰু সাম্ৰাজ্যবাদৰ মাজত সদায়েই লুকাই থাকে শোষণ৷ ডেটা এনোটেশ্বন [উদাহৰণঃ আপেলৰ ছবি এখনত ‘আপেল’ বুলি লেবেলিং কৰিব লাগিব] যি এ আই মডেল প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয়, কিন্তু এক কষ্টকৰ প্ৰক্ৰিয়া৷ ইয়াৰ বাবে প্ৰায়ে দক্ষিণ এছিয়াৰ [যেনে ভাৰতৰ] ঠিকাভিত্তিক কৰ্মী আউটছ’ৰ্চ কৰা হয়৷ তেনেকৈয়ে কেনিয়াৰ কৰ্মীসকলে প্ৰতিঘণ্টাত মাত্ৰ কেইটামান ডলাৰ উপাৰ্জন কৰে যদিও তেওঁলোকে হিংসাত্মক, ঘৃণনীয় আৰু যৌনতাপূৰ্ণ বিষয়বস্তুসমূহক লেবেলিং কৰিবলগীয়া হয়৷ এনেকুৱা কাম কৰি মানুহৰ মানসিক স্বাস্থ্য হানি হয়, আনহাতে কেলিফ’ৰ্নিয়াৰ এ আই গৱেষকসকলে বহু কোটি ডলাৰৰ দৰমহা লাভ কৰি সুখৰ জীৱন অতিবাহিত কৰে৷ এই তীব্ৰ বৈষম্য, লেখিকা হাওৰ মতে, এটা সময়ৰ ঔপনিৱেশিক শ্ৰমিক শোষণৰ ডিজিটেল প্ৰতিধবনি৷ সামৰিক স্বাৰ্থৰ সৈতে এ আইৰ ক্ৰমাৎ ঘনিষ্ঠতাও এক ছিৰিয়াছ বিষয়৷ গৱেষণা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোটি কোটি টকা ঢালি দিয়াৰ পাছত অ’পেন এ আইৰ দৰে কোম্পানীৰ সামৰিক চুক্তি এক বিতৰ্কিত কিন্তু গম্ভীৰ বিষয় বুলি বিবেচনা কৰিব পাৰি৷ ২০২৫ চনৰ মে’ত এখন ‘ডাঙৰ, সুন্দৰ’ [কি অদ্ভুত ৰাজনৈতিক নামকৰণ] বাজেট বিল অনা হৈছিল, য’ত এ আইৰ ওপৰত কোনো ৰাজ্যিক নিয়ন্ত্ৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ল৷ এইখনেই সেইখন বিধেয়ক যাৰ বাবে ট্ৰাম্প আৰু ইলনৰ বন্ধুত্বতো কেৰোণ লাগিছিল৷
শেষত ক’ব পাৰি যে Empire of AI কিতাপখন নিজেই এটা সতৰ্কবাণী আৰু এক আহ৩ান৷ লেখিকাই কয় যে আমি এ আইক গণতান্ত্ৰিক কৰি তুলিব লাগিব, স্থানীয় সম্প্ৰদায়সমূহক তেওঁলোকৰ সম্পদসমূহ ৰক্ষা কৰিবলৈ শক্তিশালী কৰিব লাগিব, আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ পৰা মানৱীয় শ্ৰম পদ্ধতিৰ দাবী কৰিব লাগিব, যাতে শ্ৰমিকৰ শোষণ নহয়৷ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত উত্থান অব্যাহত থকাৰ লগে লগে হাওৰ নতুন কিতাপখনে এটা গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়াইছেঃ ক্ষমতাৰ ৰাগিত আজিৰ টেক সাম্ৰাজ্যসমূহে হয়তো অতীতৰ অন্যায়ৰ পুনৰাবৃত্তি কৰিব পাৰে, এইবাৰ বিশ্বব্যাপী ডিজিটেল স্কেলত৷ এ আইৰ এই আগ্ৰাসী সাম্ৰাজ্যবাদৰ উত্থানৰ সমান্তৰালভাৱেই নীতি নিৰ্ধাৰক, বিজ্ঞ লোকসকল আৰু নাগৰিকসকলে প্ৰশ্ন কৰি যাব লাগিব, যাতে উদ্ভাৱনৰ বিকল্প পথৰ বিবেচনা কৰা হয় আৰু আমাৰ ভৱিষ্যৎ সুৰক্ষিত হৈ থাকে৷