Logo
image

চিতাৰ জুইত বাঢ়িছে দিল্লীৰ উষ্ণতা

আমাৰ অসম, ২৭ এপ্ৰিলঃ চিতাৰ জুইত উষ্ণ হৈ পৰিছে ৰাজধানী দিল্লীৰ আকাশ৷ দিল্লীত এতিয়া প্ৰতি  ১০ মিনিটত এজনকৈ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ অক্সিজেনৰ অভাৱ সাময়িকভাৱে দূৰ হ’লেও সলনি হোৱা নাই দিল্লীৰ পৰিস্থিতি৷ ইপিনে, ক্ৰমাৎ ভয়ংকৰ হৈ পৰা দেশৰ ক’ভিড যুদ্ধত এইবাৰ সেনা বিভাগৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মী আৰু বিষয়াক নিয়োগ কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ৷ দেশৰ চিকিৎসালয়সমূহত চিকিৎসক-নাৰ্ছ সমন্বিতে স্বাস্থ্যকৰ্মীসকলো ক’ভিডত আক্ৰান্ত হোৱাত এতিয়া দেশৰ ক’ভিড পৰিস্থিতি এখন পূৰ্ণকালীন যুদ্ধতকৈও অধিক শোচনীয়৷ এফালে ক’ভিড আক্ৰান্তক পৰিচৰ্যা কৰিবলৈ ভেণ্টিলেটৰকে ধৰি চিকিৎসা সামগ্ৰীৰ অভাৱ, উশাহ লৈ জীয়াই থাকিবলৈ অক্সিজেনৰ অভাৱ আৰু তাৰ মাজতে চিকিৎসক-স্বাস্থ্যকৰ্মীৰো অভাৱৰ ফলত দেশত যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আজিৰ পৰাই সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্যকৰ্মীক বিভিন্ন চিকিৎসালয়, ক’ভিড কেন্দ্ৰ সকলোতে ব্যৱহাৰ কৰিব বুলি জনাইছে তিনিওটা বাহিনীৰ চীফ অব্‌ দ্য ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে৷ সশস্ত্ৰ বাহিনীৰ যিসকল স্বাস্থ্যকৰ্মীয়ে দুবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকক ক’ভিড যুদ্ধত চামিল হ’বলৈ আহ্বান জনাইছে ৰাৱাটে৷ ইপিনে, অতি সংকটজনক পৰিস্থিতিৰ সৃষ্টি হোৱাত কৰ্ণাটকত ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে বি এছ য়েডিয়ুৰাপ্পা চৰকাৰে৷ মুখ্যমন্ত্ৰীয়ে সোমবাৰে ৰাজ্যত লকডাউন ঘোষণা কৰে আৰু ২৭ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা ৯ মে’লৈকে লকডাউন বলৱৎ থাকিব বুলি প্ৰকাশ কৰে৷ পৰিস্থিতি চম্ভালিব নোৱাৰিয়েই লকডাউন দিবলৈ বাধ্য হ’ল বুলি তেওঁ মন্তব্য কৰে৷ এই সময়ছোৱাত কোনো ৰাজহুৱা পৰিবহন ব্যৱস্থা নাথাকিব৷ কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলহে বাহিৰলৈ ওলাব পাৰিব৷ দিল্লীৰ পাছত ঝাৰখণ্ড আৰু ৰাজস্থানে লকডাউন ঘোষণা কৰিছিল৷ এই হিচাপত পূৰ্ণকালীন লকডাউন জাৰি কৰা চতুৰ্থখন ৰাজ্য হ’লগৈ কৰ্ণাটক৷ ইপিনে, মহাৰাষ্ট্ৰকে ধৰি দেশৰ অধিকাংশ ৰাজ্যৰ ক’ভিড পৰিস্থিতি এতিয়া অতি শোচনীয়৷ দেশত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩,৫২,৯৯১ জন আৰু এই সময়ত দেশত মৃত্যু হৈছে ২,৮১২ জন৷ ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যুৰ সংখ্যা হৈছে মহাৰাষ্ট্ৰত য’ত এই সময়ছোৱাত ৮৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু দ্বিতীয় স্থানত থকা দিল্লীত ৩৫০ জনে প্ৰাণ হেৰুৱাইছে৷