Logo
image

সাৱধান! এজনৰ পৰা বিয়পে ৪০৬জনলৈ

আমাৰ অসম, ২৮ এপ্ৰিলঃ দেশত কৰ’নাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৩,২৩,১৪৪ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৭১১ জন ৰোগীৰ মৃত্যু হৈছে৷ এই সংখ্যাৰ পিছতে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১,৭৬,৩৬,৩০৭ লৈ বৃদ্ধি হৈছে আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১,৯৭,৮৯৪ লৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি–শাৰীৰিক দূৰত্ব বজাই নাৰাখিলে এজন ক’ভিড আক্ৰান্ত ৰোগীৰ পৰা ৪০৬জনলৈ সংক্ৰমিত হ’ব পাৰে কৰ’না ভাইৰাছ৷ সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয় যে শাৰিৰীক দূৰত্ব বজাই নাৰাখিলে এজন কৰ’না আক্ৰান্ত লোকে ৩০ দিনৰ ভিতৰত সৰ্বাধিক ৪০৬ লোকক কৰ’না সংক্ৰমিত কৰিব পাৰে৷ সচিব আগৰৱালাই জানিবলৈ দিয়া মতে এক গৱেষণাত এই তথ্য পোৱা গৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কেৰালা, কৰ্ণাটক, গুজৰাট, ছত্তীশগড় আৰু তামিলনাডুত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে৷ ইপিনে নীতি আয়োগৰ সদস্য ডঃ ভি কে পালে সাংবাদিকৰ আগত কয়–এই কৰ’না পৰিস্থিতিত অনুগ্ৰহ কৰি অকাৰণে ঘৰৰ পৰা বাহিৰলৈ নোলাব৷ পৰিয়ালৰ ভিতৰতো মাস্ক পৰিধান কৰি থাকক৷ মাস্ক পৰিধান কৰাটো অতি গুৰুত্বপূৰ্ণ৷ পৰাপক্ষত নিজৰ ঘৰলৈ আন কাকো আহ্বান নজনাব৷ ইপিনে, দেশত বিগত ১০০ দিনত মুঠ ১৪ কোটি ১৯ লাখ ১১ হাজাৰ ২২৩ জনকহে কৰ’নাৰ ভেকচিন দিয়া সম্ভৱ হৈছে৷ ইয়াৰ মাজতে ক’ভিড পৰিস্থিতি মোকাবিলাৰ বাবে ডি চি জি আইয়ে নতুন ভেকচিন ভি আই এন চি ইউ ভি ১৯ ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে৷ আনহাতে অহা মে’ৰ পৰা ৰাছিয়াৰ প্ৰতিষেধক স্পুটনিক ভাৰতত ব্যৱহাৰ কৰাকৈ মুকলি কৰি দিব বুলি জানিবলৈ দিছে ভেকচিন বিতৰণকাৰী প্ৰতিষ্ঠান ডাঃ ৰেডি্‌জ লেব’ৰেটৰিজে৷ উদ্বেগজনক বিষয়টো হৈছে, প্ৰতিদিনাই প্ৰায় ৩.৫ লাখ পজিটিভ ধৰা পৰা ভাৰততে এতিয়া ক’ভিড সংক্ৰমণৰ ক্ষেত্ৰত প্ৰতিনিয়ত বিশ্বাভিলেখ স্থাপন কৰি গৈছে৷ তাৎপৰ্যপূৰ্ণ যে বিশ্বৰ মুঠ সংক্ৰমণৰ ৩৮ শতাংশ সংক্ৰমিত লোকেই হৈছে কেৱল ভাৰতৰ৷