Logo
image

পুনৰ ‘নিউক্লিয়েৰ ব্লেকমেইল’ পাকিস্তানৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ আগষ্টঃ  পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰে এইবাৰ আমেৰিকাৰ মাটিৰ পৰা ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি প্ৰদান কৰিছে৷ ‘অপাৰেচন সিন্দূৰ’ৰ যুদ্ধবিৰতিৰ পাছত প্ৰতিৱেশী দুয়োখন দেশৰ মাজত উত্তেজনা প্ৰশমিত হ’লেও পাকিস্তানৰ সেনাপ্ৰধানে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ধবংস কৰি দিব বুলি প্ৰদান কৰা ভাবুকিয়ে দুয়োখন দেশৰ মাজত পুনৰ প্ৰবল উত্তেজনাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে৷ আমেৰিকাৰ টাম্পাত আয়োজিত এক নৈশ ভোজৰ পৰা পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি প্ৰদান কৰিছে৷ তেওঁ কয়, ভাৰতে যদি পাকিস্তানলৈ  বৈ যোৱা কোনো নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰে তেন্তে পাকিস্তানে ১০টা মিছাইল মাৰি সেই বান্ধ ভাঙি দিব৷ নিজৰ দেশৰ পৰা নহয়, তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰ আমেৰিকালৈ আমন্ত্ৰিত হোৱা পাকিস্তানৰ সেনাপ্ৰধান, ফিল্ড মাশ্বৰ্ৰাল আছিম মুনিৰে আমেৰিকাৰ টাম্পাৰ পৰা ভাৰতক এই ভাবুকি দিছে৷ কেৱল ভাৰতক ভাবুকি দিয়েই আছিম মুনিৰ ক্ষান্ত থকা নাই, প্ৰয়োজন হ’লে দেশখনত থকা পাৰমাণৱিক অস্ত্ৰৰে বিশ্বৰ অৰ্ধেক ধবংস কৰি পেলাব বুলিও তেওঁ ভয়ংকৰ হুংকাৰ দিছে৷ যদিহে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ কোনো যুদ্ধ হয় আৰু যদিহে ভাৰতক পৰাস্ত কৰিবৰ বাবে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে পাকিস্তানে তেনে পদক্ষেপ ল’বলৈ কুণ্ঠাবোধ নকৰিব বুলি তেওঁ ঘোষণা কৰিছে৷ ভাৰতৰ সৈতে ভৱিষ্যতৰ সম্ভাৱ্য যুদ্ধৰ প্ৰসংগত তেওঁ কয়– ‘আমি পাৰমাণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰ৷ যদি আমি ডুবিবলগীয়া হয়, তেন্তে আমি অৰ্ধেক বিশ্বক লগত লৈ ডুবিম৷’


ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ মোকাবিলা কৰি দেশত সেনাবাহিনীৰ সৰ্বোচ্চ পদবী ফিল্ড মাশ্বৰ্ৰাল লাভ কৰা আছিম মুনিৰক টাম্পাৰ এগৰাকী পাকিস্তান বংশোদ্ভৱ ব্যৱসায়ী আদনান আছাদে ‘ব্লেক টাই ডিনাৰ’লৈ নিমন্ত্ৰণ জনাইছিল৷ টাম্পাৰ এগৰাকী সন্মানীয় কনচাল পদবীত থকা সেই পাক বংশোদ্ভৱ ব্যক্তিজনৰ নৈশ ভোজৰ পৰাই আছিম মুনিৰে ভাৰতক মুকলি ভাবুকি দিয়ে৷ উল্লেখ্য, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ পেহেলগাম আক্ৰমণৰ প্ৰতিশোধকল্পে ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জল সহযোগিতা চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছিল৷ সেই দিশত এতিয়া নতুন দিল্লীয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আছে৷ পাকিস্তানলৈ বৈ যোৱা পানী মুখৰ কথাৰে বন্ধ কৰিব নোৱাৰি আৰু তাৰ বাবে জলাধাৰ কিম্বা সেই পানী ভাৰতৰ আন স্থানলৈ বোৱাই আনিবৰ বাবে নতুন নদীবান্ধৰ প্ৰয়োজন আছে৷ এনে পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানলৈ প্ৰবাহিত সিন্ধু আৰু তাৰ কেইবাখনো উপনৈত নতুন নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ ভাৰতে ভৱিষ্যতে নিৰ্মাণ কৰিবলগীয়া তেনে বান্ধৰ প্ৰসংগতে আছিম মুনিৰে ভাৰতক ভাবুকি দিয়ে৷ তেওঁ কয়– ‘আমি ভাৰতে নদীবান্ধ নিৰ্মাণ কৰালৈ অপেক্ষা কৰি আছো৷ যদিহে ভাৰতে নদীবান্ধ নিৰ্মাণ কৰি পাকিস্তানলৈ প্ৰবাহিত পানী বন্ধ কৰে, তেন্তে আমি ১০টা মিছাইলেৰে সেই বান্ধ ভাঙি গুড়ি কৰি দিম৷ সিন্ধু নদী ভাৰতৰ পৰিয়ালৰ সম্পত্তি নহয়৷ তাত ভাৰতৰ একক অধিকাৰ নাই৷ সিন্ধু নদীৰ ওপৰত পাকিস্তানৰ অধিকাৰ ভাৰততকৈ বেছি৷ সেই কথা ভাৰতে ভালদৰে বুজি পোৱা দৰকাৰ৷ আমাৰ মিছাইল নিচেই কম নাই, ইনছাআল্লা৷’

পাকিস্তানৰ ফিল্ড মাশ্বৰ্ৰাল আছিম মুনিৰক মাৰ্কিন জেনেৰেল মাইকেল কুৰিল্লাৰ অৱসৰ গ্ৰহণৰ ফ্ল’ৰিডাত আয়োজিত অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমেৰিকাই আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছিল৷ মাইকেল কুৰিল্লা আছিল আমেৰিকাৰ  চেণ্ট্ৰেল কামাণ্ডৰ কামাণ্ডাৰ৷ আছিম মুনিৰে সেই চৰকাৰী অনুষ্ঠানত উপস্থিত থকাৰ পাছত পাকিস্তান বংশোদ্ভৱ আদনান আছাদে আয়োজন কৰা নৈশ ভোজতো ভাগ লৈছিল৷ সেই অনুষ্ঠানত ভাগ লোৱা কোনো অভ্যাগতকে মোবাইল ফোন অথবা ফটো তুলিব পৰা কিম্বা ভাষণ ৰেকৰ্ড কৰিব পৰা যন্ত্ৰ নিবলৈ দিয়া নাছিল৷ আছিম মুনিৰে সেই নৈশ ভোজত কৰা বিতৰ্কিত বক্তব্য অনুষ্ঠানত উপস্থিত থকা একাংশ ব্যক্তিয়ে মাৰ্কিন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আৰু মুনিৰৰ সেই বক্তব্যই এতিয়া আমেৰিকাতো তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ কিয়নো ভাৰতৰ সৈতে সংঘাতৰ সময়ত নিজৰ দেশৰ পৰা পাকিস্তানৰ ৰাজনৈতিক নেতাই পৰমাণু অস্ত্ৰৰ ভাবুকি দিয়াটো এটা কথা আৰু এখন দেশৰ সেনাৰ সৰ্বোচ্চ মুৰব্বীয়ে আন এখন দেশৰ মাটিৰ পৰা পৰমাণু অস্ত্ৰৰ ভাবুকি দিয়াটো ভয়ংকৰভাৱে আপত্তিজনক কথা৷ শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক একাষৰীয়া কৰি পাকিস্তানক অধিক পৃষ্ঠপোষকতা কৰাত পাকিস্তানী সেনাপ্ৰধানে সেই দেশৰ মাটিৰ পৰাই ভাৰতক ভাবুকি দিবলৈ সুযোগ পোৱা বুলি ধাৰণা কৰা হৈছে৷