বিজেপিতকৈ ১৫ লাখ অধিক ভোট পায়ো বিহাৰত বিধ্বস্ত বিৰোধী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ নৱেম্বৰঃ বিহাৰৰ বিধানসভাৰ নিৰ্বাচনত আৰজেডিয়ে বিজেপিতকৈ ১৫ লাখ বেছি ভোট পালে৷ তথাপি আৰজেডি ২৫খন আসনতে থমকি ৰ’ল৷ আনহাতে, বিজেপিয়ে ১৫ লাখ ভোট কমকৈ পায়ো বিজয়ী হ’ল ৮৯খন আসনত৷ ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিয়ে এইবাৰ মুঠ ভোট পালে ৰ কোটি ৮১ হাজাৰ ১৪৩টা ভোট৷ ১৪৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা আৰজেডিয়ে লাভ কৰিলে ৰ কোটি ১৫ লাখ ৪৬ হাজাৰ ৫৫টা ভোট৷ তথাপি বিহাৰত বিজেপিয়েহে এইবাৰ সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিলে৷ আনহাতে ২০২০ত ৭৫খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল হোৱা আৰজেডি নামি আহিল ২৫খন আসনলৈ৷ মুঠ ভোট সৰহকৈ পালেও আৰজেডি বহু সমষ্টিত দ্বিতীয় বা তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ কেইবাটাও সমষ্টিত আৰজেডি পৰাজিত হ’ল নূ্যনতম ব্যৱধানত৷ আৰজেডিয়ে ১৪৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁলোকৰ মুঠ ভোটৰ পৰিমাণ বাঢ়িছে৷
কিন্তু সকলো সমষ্টিতে তেওঁলোকৰ এই ভোট ভাগ হৈ যোৱাৰ বাবে যোৱাবাৰৰ দৰে আন ৫০টা সমষ্টিত ‘ফিনিশ্ব লাইন’ স্পৰ্শ কৰিব নোৱাৰিলে আৰজেডিয়ে৷ আনহাতে এইবাৰ ১০১টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিয়ে৷ বিজেপিয়ে আৰজেডিতকৈ ৪২টা কম সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ১৫ লাখ কম ভোট পালেও সেই ভোটেই নিৰ্দিষ্ট আসনত পৰাৰ বাবে বিজয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক হৈ পৰে৷ সেয়ে জয়লাভৰ ক্ষেত্ৰত বিজেপিৰ ‘ষ্ট্ৰাইক ৰেট’ ভাল বুলি ক’বই লাগিব৷ এইবাৰ নিৰ্বাচনত বিজেপিৰ ভোট লাভৰ হাৰ ২০.০৭ শতাংশ৷ ইয়াৰ বিপৰীতে আৰজেডিৰ ভোট লাভৰ হাৰো আছিল বিজেপিতকৈ ৩ শতাংশ অধিক৷ আৰজেডিয়ে লাভ কৰে ২৩ শতাংশ ভোট৷ অৱশ্যে, যোৱা বাৰতকৈ আৰজেডিয়ে ০.২৩ শতাংশ ভোট কম পায়৷ একে মহাজোঁটত থাকিও আৰজেডি আৰু কংগ্ৰেছ দলে ১১টা সমষ্টিত পৰষ্পৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ তাৰে ৭টা সমষ্টিতে কম ব্যৱধানত বিজয়ী হয় বিজেপিৰ প্ৰাৰ্থী৷ তদুপৰি আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএমে আন তিনিটা দলৰ সৈতে ‘গ্ৰেণ্ড ডেম’ক্ৰেটিক এলায়েন্স’ গঠন কৰি আৰজেডিক মুছলিম ভোটৰ পৰা বঞ্চিত কৰে৷ সেইবোৰ আসনত ওৱেইছিৰ প্ৰাৰ্থী বিজয়ী নহ’লেও বিজয় কাঢ়ি নিয়ে এনডিএই৷ এনেবোৰ কাৰণতে মুঠ ভোট বেছি পালেও আৰজেডি তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷






