Logo
image

প্ৰতাৰণাৰ উত্তৰ দিলে স্মৃতি মান্ধানাই, পলাশৰে বিয়া ভাগিল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ  ইটছ অফিচিয়েল নাও৷ সকলো জল্পনা কল্পনাৰ আজি অৱসান ঘটিল৷ টীম ইণ্ডিয়াৰ বিশ্ব চেম্পিয়ন ক্ৰিকেটাৰ স্মৃতি মান্ধানাই প্ৰেমৰ প্ৰতাৰণাৰ উচিত জৱাব দি বলীউডৰ সুৰকাৰ পলাশ মুচ্ছলৰ সৈতে বিয়া ভাঙি দিলে৷ ভাবী স্বামীৰ প্ৰেমত প্ৰতাৰণা জানিব পাৰি বিয়াৰ দিনটোতে অনিৰ্দিষ্টভাৱে বিবাহ স্থগিত ৰাখিছিল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সহ-অধিনায়িকাই৷ দুই হাত  একেলগ হোৱাৰ পূৰ্বে হঠাতে উদ্ধাৰ হৈছিল একাধিক যুৱতীৰ সৈতে সুৰকাৰ পলাশ মুচ্ছলে ৰখা সম্পৰ্কৰ গোপন অধ্যায়৷ সেইদিনা আছিল ২৩ নৱেম্বৰ৷ ইতিপূৰ্বে মহাৰাষ্ট্ৰৰ ছাংগলীৰ স্মৃতিৰ ঘৰত প্ৰাক বৈবাহিক অনুষ্ঠান হালদি, মেহেণ্ডি, সংগীত সম্পন্ন হৈ গৈছিল৷ ভগ্নী বলীউডৰ বিখ্যাত গায়িকা পলক মুচ্ছল, পিতৃ-মাতৃ-পৰিয়াল আৰু বন্ধু-বান্ধৱসহ সকলোৱেই উপস্থিত আছিল মান্ধানা পৰিয়ালৰ ঘৰ মহাৰাষ্ট্ৰৰ ছাংগলীত৷ বিয়াৰ দিনাই দুপৰীয়া হঠাতে স্মৃতিৰ পিতৃ অসুস্থ হৈ পৰে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ স্মৃতিৰ পৰিয়ালৰ পৰা ঘোষণা কৰা হয়, পিতৃ শ্ৰীনিবাস মান্ধানা সুস্থ নোহোৱালৈকে বিবাহ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে স্মৃতি মান্ধানাই৷ সকলোৱে কথাটো সঁচা বুলিয়েই ভাবিলে৷

পিছদিনা হঠাতে ইণ্টাৰনেটত পলাশ মুচ্ছলৰ এগৰাকী  যুৱতী কৰিঅ’গ্ৰাফাৰৰ সৈতে হোৱা হোৱাটছএপ বাৰ্তালাপ ভাইৰেল হৈ গ’ল, য’ত পলাশ মুচ্ছলে মেৰী ডি ক’ষ্টা নামৰ যুৱতীগৰাকীৰ সৈতে বেছ আপত্তিজনক ‘চাট’ কৰিছে৷ মেৰীক তেওঁ মেৰিয়ট হোটেলৰ ছুইমিং পুললৈ আমন্ত্ৰণ জনাইছে৷ তেওঁৰ সৈতে বহু যৌন উত্তেজক, ঘনিষ্ঠ বাৰ্তালাপ কৰিছে৷ মেৰীয়ে পলাশক সুধিছে, তেওঁতো স্মৃতি মান্ধানৰ সৈতে ‘ডেট’ কৰি আছে, স্মৃতিৰ সৈতে নিশ্চয় প্ৰেমৰ সম্পৰ্ক আছে৷ পলাশে উত্তৰ দিছে– সেই সম্পৰ্ক ‘ডেড’৷ স্মৃতিৰ ব্যস্ত সূচী, দূৰে দূৰে থাকে, প্ৰেমৰ সম্পৰ্ক ক্ৰমাত শীতল হৈ গৈছে৷ তেনে অসংখ্য বাৰ্তালাপৰ স্ক্ৰীনশ্বট ইণ্টাৰনেটত ঘূৰি ফুৰাত বিয়া ভগাৰ প্ৰকৃত কাৰণ জানিবলৈ কাৰো বাকী নাছিল৷ অপেক্ষা আছিল ঘোষণা কেতিয়া আহে আৰু কোন পক্ষই আগতীয়াকৈ কৰে৷ অৱশেষত আজি দেওবাৰে স্মৃতি মান্ধানাই ঘোষণা কৰিলে– এই বিয়া আৰু কেতিয়াও নহ’ব৷ তেওঁ অৱশ্যে বিয়া ভগাৰ কাৰণ জনোৱা নাই৷ বৰং তেওঁৰ ব্যক্তিগত গোপনীয়তা ভংগ নকৰাৰ বাবে সকলোকে অনুৰোধ জনাইছে৷ আনহাতে পলাশ মুচ্ছলেও বিবৃতি দি তেওঁ জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লোৱা বুলি জনাইছে৷ তদুপৰি মানুহে ভিত্তিহীন গুজবত কাণ পাতি সেয়া বিশ্বাস কৰাত আশ্চৰ্যও প্ৰকাশ কৰিছে৷ কিন্তু বিয়া যে ভাগিল, সেয়া উভয় পক্ষৰ পৰাই নিশ্চিত হৈছে৷


অথচ প্ৰেম, ৰোমাণ্টিকতা আৰু আনকি প্ৰাক-বিবাহ অনুষ্ঠানলৈকে সকলো আগবাঢ়িছিল সুন্দৰভাৱে আৰু শুভ পৰিণয় ৰূপকথাৰ দৰে হোৱাৰ প্ৰতিশ্ৰুতি আছিল৷ ২ নৱেম্বৰত স্মৃতি মান্ধানা আৰু ভাৰতীয় দল বিশ্বকাপত চেম্পিয়ন হৈছিল, যিটো আছিল ভাৰতীয় মহিলা দলৰ ঐতিহাসিক কৃতিত্ব৷ ফাইনেল হোৱা নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামৰ পিটচতে নাটকীয় ভংগীত পলাশ মুচ্ছলে স্মৃতিক বিয়াৰ প্ৰস্তাৱ দিছিল৷ বিয়াৰ দিন ঠিৰাং হৈছিল ২৩  নৱেম্বৰত৷ তাৰ দুদিনমান আগৰে পৰা মুম্বাইৰ সমীপৱৰ্তী ছাংগলীত প্ৰাক-বৈবাহিক অনুষ্ঠান আৰম্ভ হৈ গৈছিল৷ কিন্তু বিয়াৰ দিনা দুপৰীয়া হঠাতে স্মৃতিৰ পৰিয়ালে পলাশৰ সৈতে ভিন ভিন নাৰীৰ গোপন সম্পৰ্কৰ কথা উদ্ধাৰ কৰে৷ মেৰী ডি কষ্টাই সেইখন বিয়াৰো কৰিঅ’গ্ৰাফি কৰিছিল, য’ত সুন্দৰ ছন্দৰে নৃত্য কৰিছিল পলাশ-স্মৃতিয়ে৷ ৰিহাৰ্চেলৰ সময়ত স্মৃতিৰ অনুপস্থিতিত পলাশ মেৰীৰ ঘনিষ্ঠ হৈ পৰিছিল, আনকি চ্ছ্ৰ দিন পূৰ্বে তাতে পলাশে মেৰীক চুম্বনো কৰিছিল৷ কিন্তু ক্লাইমেক্স আহিল বিয়াৰ দিনা পলাশ-মেৰীৰ আপত্তিজনক বাৰ্তালাপ উদ্ধাৰ হোৱাত৷ স্মৃতিৰ পিতৃ শ্ৰীনিবাসন মান্ধানাৰ সৈতে ভাবী জোঁৱাই পলাশৰ এই বিষয়ক লৈ তৰ্কযুদ্ধও হয় আৰু তেওঁ অসুস্থ হৈ পৰে৷ লগে লগে বিয়া স্থগিত হয়৷ আৰু আজি সেই ঘটনাৰ এপষেক পাছত সম্ভ্ৰান্ত মাৰোৱাৰী পৰিয়ালৰ কীৰ্তি সন্তান, ক্ৰিকেট তাৰকা স্মৃতি মান্ধানাই শত্ৰুক খেলপথাৰত দিয়াৰ দৰেই প্ৰেমৰ প্ৰতাৰণাৰ সমুচিত জৱাব দিলে– বহু আশাৰ বিয়াখন ভাঙি৷