Logo
image

গ’ল্ডীয়ে ন্যায় পাব, বিচাৰ ব্যৱস্থাৰ প্ৰতি আস্থা আছেঃ গৰিমা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ডিচেম্বৰঃ  জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চিআইডিৰ এছআইটিয়ে দাখিল কৰা অভিযোগনামাক আদৰণি জনাইছে তেওঁৰ পৰিয়ালে৷ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ পাছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ভগ্নী পামী বৰঠাকুৰক লগত লৈ শনিবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয়৷ জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গে প্ৰিয়, নিজৰ মানুহ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ তাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘আৰক্ষীয়ে দোষীক যিহেতু চিনাক্ত কৰিছে৷ আমি আশাবাদী যে ন্যায় ব্যৱস্থাটো সঠিকভাৱে পৰিচালিত হ’ব৷ তদন্তত অভিযুক্তকেইজন দোষী বুলি ওলাই পৰিছে৷ প্ৰতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে৷ এইটোৱে আমাৰ কাম্য৷ আমিও বিচাৰিছোঁ, ৰাইজে বিচাৰিছে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলক৷ যিমান সোনকালে পাৰি ন্যায় প্ৰক্ৰিয়া আৰম্ভ হওক– আমি যাতে এটা মীমাংসা সোনকালে পাব পাৰোঁ৷ জুবিন গাৰ্গ নোহোৱা হোৱাৰ লগে লগে আমাৰ ঘৰখন থানবান হৈ গ’ল৷ ৰাইজে জানিব বিচাৰিছে– কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্ত্বা নাইকীয়া হৈ যাব পাৰে? তেওঁৰ দৰে মানুহ এজনক হত্যা কৰাৰ ঘটনা হ’বলৈ কি থাকিব পাৰে? তেওঁতো নিজৰখিনি উদঙাই সকলো দিয়েই আছিল৷ তাৰ পাছতে তেওঁৰ ওপৰত এনে পদক্ষেপ কিয় ল’বলগীয়া হ’ল? এতিয়া আমি বিচাৰিছোঁ দোষীয়ে শাস্তি পাওক৷


পুনৰ কৈছোঁ– দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব৷ আমি আশাবাদী গোল্ডীয়ে ন্যায় পাব৷ আমাৰ ন্যায় ব্যৱস্থাত সম্পূৰ্ণ আস্থা আছে৷ আমি আশা কৰা ধৰণে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰা বাবে ভাল লাগিছে৷ বহু কষ্ট কৰি আৰক্ষীয়ে ইমান দিন ধৰি এইখিনি কৰিলে৷ এই সকলোকে ধন্যবাদ জনাইছো৷ ৰাইজে আশা কৰা ধৰণে ফল ওলাইছে৷’ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাক লৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয়– ‘ৰাইজে বিচৰা ধৰণে আৰক্ষীয়ে যিখিনি ধাৰা, উপধাৰা সংযোজন কৰিছে৷ সংবাদ মাধ্যমৰ জৰিয়তে যিখিনি দেখিছোঁ তাৰ পৰা আমি দুখৰ পৰা সামান্য সকাহ পাইছোঁ৷ আমি ভাবিছোঁ অভিযোগনামাখন শক্তিশালীভাৱে উত্থাপন কৰিছে৷ কেৱল আমাৰ পৰিয়ালে নহয়, অসমৰ ৰাইজে বিচাৰিছে এই গোচৰৰ বিচাৰপ্ৰক্ৰিয়া চলক ফাষ্টট্ৰেক আদালতত৷’ আনহাতে, জুবিনৰ ভগ্নী ড॰ পামী বৰঠাকুৰে সামাজিক মাধ্যমত এইদৰে কয়– ‘এতিয়া ন্যায় প্ৰতিষ্ঠালৈ অপেক্ষা৷ আশা কৰোঁ, গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া হ’ব আৰু দোষীয়ে উপযুক্ত শাস্তি পাব৷ এইবিলাকৰ শেষত যদি তোক আকৌ ঘূৰাই আনিব পাৰিলোঁহেঁতেন!’