শ্যামকানুৱে উকীল পাবনে? মানৱতাৰ দৃষ্টিৰে চাবলৈ পত্নীৰ অনুৰোধ
‘আমাৰ অসম’ৰ, ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ডিচেম্বৰঃ শ্যামকানু মহন্তক আইনী সহযোগিতা আগবঢ়াবলৈ তথা প্ৰতিবন্ধকতা উঠাই ল’বলৈ গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনলৈ কাতৰ অনুৰোধ জনাই পত্ৰ লিখিলে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তই৷ তিনি পৃষ্ঠা জোৰ এই সুদীৰ্ঘ পত্ৰত অনিতা ডেকা মহন্তই এনেদৰে উল্লেখ কৰিছে– ‘মোৰ স্বামী শ্যামকানু মহন্ত এজন দায়ৱদ্ধ আইনক শ্ৰদ্ধা কৰা ব্যক্তি৷ অভিযান্ত্ৰিক আৰু ব্যৱস্থাপনা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি তেওঁ বিভিন্ন বিত্তীয় আৰু আন্তঃগাঠনি প্ৰতিষ্ঠানত কাম কৰাৰ লগতে এজন স্বউদ্যোগী হিচাপে নিজকে উৎসৰ্গা কৰি আহিছে৷ সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা শ্যামকানু মহন্তই দেশ তথা বিশ্বত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ প্ৰচাৰৰ বাবে শংকৰদেৱ মুভমেণ্টৰ চাৰিটাকৈ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ গুৱাহাটী, দিল্লী, বাংগালুৰু আৰু মুম্বাইত এই অনুষ্ঠান হৈছিল৷ ভিক্টৰ বেনাৰ্জী, ওস্তাদ আমজাদ আলীখান, শ্বাৱনা আজমী, পংকজ উদাচৰ দৰে ব্যক্তিত্ব এই অনুষ্ঠানত উপস্থিত আছিল৷
২০১২-১৩ চনত দিল্লীত উত্তৰ পূবৰ লোকৰ ওপৰত হোৱা আক্ৰমণ তথা এজন অৰুণাচলী যুৱকৰ পৰা কৰুণ মৃত্যু হোৱা ঘটনাৰ পাছতেই মোৰ স্বামীয়ে উত্তৰ-পূবৰ বৰ্ণিল সংস্কৃতি, সফলতা, পৰিচয় দেশৰ আন প্ৰান্তৰ সন্মুখত দাঙি ধৰি এক বৈষম্যৰহিত, সমন্বয়ৰ সাঁকো নিৰ্মাণৰ উদ্দেশ্য নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চৰ জন্ম দিছিল৷ অসমৰ সাংস্কৃতিক জগতৰ মধ্যমণি জুবিন গাৰ্গৰ এই মঞ্চৰ প্ৰতি অকুণ্ঠ সমৰ্থন আছিল৷ তেওঁ এই অনুষ্ঠানৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাদৰো আছিল৷ কিন্তু জুবিন গাৰ্গৰ হূদয় বিদাৰক বিয়োগে সকলো সলনি কৰি দিলে৷ মোৰ স্বামীও জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ভাগি পৰিল৷ এই শোকজনক ঘটনাৰ মাজতে মোৰ স্বামী গ্ৰেপ্তাৰ হ’ল আৰু বৰ্তমান তেওঁ আইনী জিম্মাত আছে৷ ইয়াৰ ফলত মোৰ পৰিয়ালৰ লগতে তেওঁৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা ৪০টাতকৈ অধিক পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ এজন উৎসৰ্গিত পিতৃ হিচাপে শ্যামকানু দুগৰাকী কন্যা আছে৷ বাৰ এছ’চিয়েশ্বনে মোৰ স্বামীৰ আইনী সহযোগিতা নকৰাৰ সিদ্ধান্ত বাহাল ৰাখিছে৷ আইনী সহযোগিতা নকৰাটো ইনজাষ্টিচ মানৱতা আৰু মৌলিক অধিকাৰৰ পৰিপন্থী৷ সেয়েহে গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনক বিষয়টো মানৱীয় অনুকম্পাৰে পুনৰ বিবেচনা কৰি মোৰ স্বামীৰ আইনী সহযোগিতা প্ৰদানৰ বাট মুকলি কৰিবলৈ সানুনয়েþ অনুৰোধ জনালো৷






