Logo
image

ভাৰততে আছে বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ গৰাকী

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ  ভাৰততে আছে বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ গৰাকী। প্ৰায় ৮ ফুট ১০ ইঞ্চি(২৭১.৫০চেঃ মিঃ) দীঘল চুলিৰ অধিকাৰী উত্তৰাখণ্ডৰ ৰেণু ধাৰিয়াল। দীঘল চুলিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে এই মহিলাগৰাকীয়ে। উল্লেখ্য যে উত্তৰাখণ্ডৰ ৰেণু ধাৰিয়ালক জীৱিত মহিলাৰ ভিতৰত আটাইতকৈ দীঘল চুলি থকা ব্যক্তি হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে স্বীকৃতি দিছে। প্ৰায় ৯ ফুট দীঘল চুলিৰে বছৰ বছৰ ধৰি কৰা যত্নই সৌন্দৰ্য, সংস্কৃতি আৰু একাগ্ৰতাৰ প্ৰতিফলন দাঙি ধৰিছে।


আনহাতে উত্তৰাখণ্ডৰ ৰেণুয়ে বছৰ বছৰ ধৰি ধৈৰ্য আৰু একান্ত নিষ্ঠাৰে চুলি দীঘল কৰি ২৭১.৫০ ছেন্টিমিটাৰ (৮ ফুট ১০ ইঞ্চি) দীঘল কৰিবলৈ সক্ষম হৈছে। এই অসাধাৰণ কৃতিত্বৰ বাবে তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড সক্ষম হৈছে। উল্লেখযোগ্য যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, উত্তৰাখণ্ডৰ ৰেণু ধাৰিয়ালক জীৱিত ব্যক্তিৰ ভিতৰত আটাইতকৈ দীঘল চুলি থকা ব্যক্তি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে। এপ্ৰিল মাহত উত্তৰাখণ্ডত তেওঁৰ এই দীঘল চুলিৰ দৈৰ্ঘ্য জোখা আৰু পৰীক্ষা কৰি এই ৰেকৰ্ড নিশ্চিত কৰা হৈছে।