ডেটিং এপত বন্ধুত্ব, ঘনিষ্ঠ মুহূৰ্তৰ ছবি তুলি ব্লেকমেইল! ‘ছুইটি’ক লৈ তীব্ৰ চাঞ্চল্য
'আমাৰ অসম'ৰ ডিজিটেল ডেক্স ৯ আগষ্টঃ প্ৰয়াগৰাজঃ ডেটিং এপ আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে পুৰুষৰ সৈতে বন্ধুত্ব স্থাপন কৰি ঘনিষ্ঠ মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ সংগ্ৰহ কৰাৰ পাছত ব্লেকমেইল কৰি কোটি কোটি টকা আদায় কৰাৰ অভিযোগ উঠিছে উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে। প্ৰয়াগৰাজত এজন হাইক’ৰ্টৰ অধিবক্তাই দাখিল কৰা অভিযোগৰ পাছত ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰ মতে, অভিযুক্ত যুৱতীগৰাকীৰ নাম পল্লৱী সিং ৰাজপুত। ছ'চিয়েল মিডিয়া আৰু ডেটিং এপত তেওঁ ‘ছুইটি তিৱাৰী’ নাম ব্যৱহাৰ কৰি একাধিক ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰিছিল বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি, পল্লৱীয়ে প্ৰথমে বিত্তশালী পুৰুষসকলক লক্ষ্য কৰি ছ'চিয়েল মিডিয়া বা ডেটিং এপৰ জৰিয়তে বন্ধুত্ব স্থাপন কৰিছিল। তাৰ পাছত ক্ৰমাত তেওঁলোকৰ আস্থা অৰ্জন কৰি ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিছিল। কেতিয়াবা বিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগো উঠিছে। সম্পৰ্ক গাঢ় হোৱাৰ পাছত ঘনিষ্ঠ মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ সংগ্ৰহ কৰি পিছত সেইবোৰ ব্যৱহাৰ কৰি ব্লেকমেইল কৰিছিল ছুইটিয়ে। উল্লেখ্য যে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি, দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰিলে সংশ্লিষ্ট ব্যক্তিক আৰক্ষী, জে’ল অথবা আনকি হত্যাৰ ভাবুকিও দিয়া হৈছিল। অভিযোগকাৰীৰ দাবী, একাংশ ব্যক্তিৰ পৰা লাখ লাখ টকা আৰু আন একাংশৰ পৰা কোটি টকা পৰ্যন্ত আদায় কৰা হৈছিল।
আনহাতে আৰক্ষী সূত্ৰৰ মতে, যিসকল পুৰুষক লক্ষ্য কৰা হৈছিল, তেওঁলোকৰ বিষয়ে আগতীয়াকৈ ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হৈছিল। তাৰ পাছত সেই তথ্যৰ ভিত্তিত ছ'চিয়েল মিডিয়াত বা ডেটিং এপত যোগাযোগ স্থাপন কৰা হৈছিল। ফোনত ঘনিষ্ঠ আৰু যৌনগন্ধী কথোপকথনৰ জৰিয়তে সম্পৰ্ক অধিক গভীৰ কৰাৰ পাছত ব্যক্তিগত ছবি বা ভিডিঅ’ সংগ্ৰহ কৰা হৈছিল বুলি অভিযোগ। অভিযোগ অনুসৰি, তাৰ পাছতেই আৰম্ভ হৈছিল ধন দাবী। দাবী কৰা ধন আদায় নিদিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণ, হত্যাৰ চেষ্টা আদি গুৰুতৰ ফৌজদাৰী গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়া হৈছিল। আনকি পল্লৱীৰ অভিযোগৰ ভিত্তিত পাঁচজন লোক জে’ললৈ যাবলগীয়া হোৱা বুলিও সূত্ৰত প্ৰকাশ। ইফালে, পল্লৱীয়ে বিভিন্ন লোকৰ ওচৰত বিভিন্ন নাম ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। ছ'চিয়েল মিডিয়া আৰু ডেটিং এপত ‘ছুইটি তিৱাৰী’ নামত একাউণ্ট খুলি তেওঁ এই কাৰ্য চলাইছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ঘটনাটোৰ মাজতে ছ'চিয়েল মিডিয়াত পল্লৱীৰ কেইখনমান ছবি ভাইৰেল হৈছে। এখন ছবিত বিছনাত ৫০০ টকাৰ নোট মেলি থোৱা দেখা গৈছে আৰু পল্লৱী সেই টকাৰ কাষত শুই থকা দেখা গৈছে। আন এখন ছবিত তেওঁক বন্দুক হাতত লৈ থকা দেখা গৈছে। আৰক্ষীৰ সন্দেহ, এই ঘটনাৰ আঁৰত কেৱল এগৰাকী যুৱতী নহয়, বৰং এটা সংগঠিত চক্ৰ জড়িত থাকিব পাৰে। পল্লৱীৰ সৈতে আন কোনো লোক বা গেঙে মিলি এইদৰে পুৰুষক লক্ষ্য কৰি ব্লেকমেইল চলাইছিল নেকি, সেই দিশতো তদন্ত চলাই থকা হৈছে। বৰ্তমান আৰক্ষীয়ে পল্লৱীৰ সন্ধান চলোৱাৰ লগতে অভিযোগসমূহৰ সত্যতা, ধন লেনদেন, ছ'চিয়েল মিডিয়া আৰু ডেটিং এপৰ একাউণ্ট, সম্ভাব্য সহযোগী আৰু পূৰ্বৰ অভিযোগসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে এই ঘটনাৰ প্ৰকৃত পৰিসৰ আৰু ইয়াৰ আঁৰত কোনো সংগঠিত চক্ৰ আছে নে নাই, সেয়া স্পষ্ট হ’ব।






