ড্ৰাগ টেষ্টত ব্যৰ্থ ফুকেট–দিল্লী বিমানৰ পাইলট
'আমাৰ অসম'ৰ ডিজিটেল ডেক্স নতুন দিল্লী, ৯ আগষ্টঃ ভয়ংকৰ টাৰ্বুলেন্সৰ সন্মুখীন হৈ হঠাতে প্ৰায় ৩০০ ফুট উচ্চতা হেৰুৱা এয়াৰ ইণ্ডিয়াৰ ফুকেট–দিল্লী বিমান AI2379ৰ দুজন পাইলটৰ এজন ড্ৰাগ টেষ্টত ব্যৰ্থ হোৱা বুলি চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। যোৱা ৫ আগষ্টত সংঘটিত এই ঘটনাৰ পাছতে দুজন পাইলটকে দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছে। বিমানখন টাৰ্বুলেন্সৰ সন্মুখীন হোৱাৰ পাছত পাইলট দুজনৰ ডোপ টেষ্ট অৰ্থাৎ ড্ৰাগ পৰীক্ষা কৰা হৈছিল। ইয়াৰে এজন পাইলটৰ পৰীক্ষাৰ ফলাফল পজিটিভ অহা বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰীক্ষাৰ ফলাফলক লৈ এতিয়ালৈকে এয়াৰ ইণ্ডিয়াই কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। উল্লেখযোগ্য যে ঘটনাটোৰ তদন্ত বৰ্তমান দেশৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থা ডিজিচিএই চলাই আছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ মতে, ডিজিচিএৰ তদন্তৰ ফলাফল পৰ্যালোচনা কৰাৰ পাছত বিষয়টো অধিক তদন্তৰ বাবে 'এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰো'লৈ (এএআইবি) প্ৰেৰণ কৰাৰ প্ৰয়োজন আছে নে নাই, সেই সিদ্ধান্ত লোৱা হ’ব। আনহাতে ৫ আগষ্টত ফুকেটৰ পৰা নতুন দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ A320 বিমানখন যাত্ৰাপথত তীব্ৰ টাৰ্বুলেন্সৰ সন্মুখীন হৈছিল। টাৰ্বুলেন্সৰ সময়তে বিমানখনে হঠাতে প্ৰায় ৩০০ ফুট তললৈ নামি আহিছিল। ঘটনাটোত ৪জন ক্ৰুসহ ১৭জন আহত হৈছিল। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে জনোৱা মতে, বিমানখন প্ৰায় পাঁচ মিনিট ধৰি টাৰ্বুলেন্সৰ সন্মুখীন হৈছিল। টাৰ্বুলেন্সৰ ফলত দুজন ক্ৰু সদস্যৰ মেৰুদণ্ডৰ তলৰ অংশ আৰু ডিঙিৰ ওচৰত আঘাত লাগে। চিকিৎসকে তেওঁলোকক বিশ্ৰামৰ পৰামৰ্শ দিছিল।
আনহাতে পাইলটৰ ড্ৰাগ টেষ্টত এজন বিফল হোৱা বুলি প্ৰকাশ পোৱাৰ পাছত এয়াৰ ইণ্ডিয়াই কয় যে বিমান সংস্থাটোক পৰীক্ষাৰ ফলাফল এতিয়াও জনোৱা হোৱা নাই। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে প্ৰযোজ্য নিয়ম আৰু প্ৰট’কল অনুসৰি বিমানখনৰ দুজন পাইলটৰ ঘটনাৰ পাছত ড্ৰাগ পৰীক্ষা কৰা হৈছিল যদিও ফলাফল সন্দৰ্ভত তেওঁলোক অৱগত নহয়। অৱশ্যে বিমান সংস্থাটোৱে জনাই যে অসামৰিক বিমান পৰিবহণৰ নিয়ম অনুসৰি বিমানকৰ্মীসকলৰ নিয়মীয়া ড্ৰাগ পৰীক্ষা কৰা হয়। এই পৰীক্ষা কোনো নিৰ্দিষ্ট বিমান বা ঘটনাৰ সৈতে জড়িত নহয় আৰু নিয়মীয়া সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপেই এনে পৰীক্ষা সম্পন্ন কৰা হয়। এতিয়া ডিজিচিএৰ তদন্তত টাৰ্বুলেন্সৰ সময়ত বিমানখনৰ উচ্চতা হ্ৰাস, পাইলটসকলৰ কাৰ্যকলাপ আৰু বিমানখনৰ অপাৰেচনেল তথ্য পৰীক্ষা কৰা হ’ব। পাইলটৰ ড্ৰাগ পৰীক্ষাৰ ফলাফলৰ বিষয়টোও তদন্তৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰিব। উল্লেখ্য যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে দুজন পাইলটকে দায়িত্বৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তই ঘটনাটোৰ গুৰুত্ব বৃদ্ধি কৰিছে। ডিজিচিএৰ তদন্তৰ চূড়ান্ত ফলাফলৰ পাছতহে পাইলটৰ বিৰুদ্ধে বা বিমান সংস্থাৰ ক্ষেত্ৰত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে নাই, সেয়া স্পষ্ট হ’ব।






