Logo
image

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত বিধবস্ত কলম্বিয়া

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ আগষ্টঃ দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত সোমবাৰে সংঘটিত ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই ব্যাপক ধবংসযজ্ঞৰ সৃষ্টি কৰিছে৷ ভূমিকম্পৰ ফলত দেশখনৰ পশ্চিমাঞ্চলৰ কেইবাখনো চহৰত অট্টালিকা ভাগি পৰাৰ লগতে বহু লোক আহত আৰু ধবংসস্তূপৰ তলত আবদ্ধ হৈ  পৰিছে৷ শেহতীয়া তথ্য অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত কমেও ৪৭জন লোকৰ মৃত্যু হৈছে৷ উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চোকো অঞ্চলৰ ছান হোছে দেল পালমাৰৰ ওচৰত৷ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা ইউএছজিএছৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ১০৭ কিলোমিটাৰ৷ অভিকেন্দ্ৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত থকা ৰাজধানী বগোটালৈকে ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয়৷ চুবুৰীয়া ইকুৱেডৰ আৰু ভেনেজুৱেলাৰ কিছু অঞ্চলতো কম্পন অনুভূত হোৱা বুলি জানিব পৰা গৈছে৷ 

ভূমিকম্পৰ ফলত পেৰেইৰা, কালি, মানিছালেছ আৰু কুইবডোসহ পশ্চিম কলম্বিয়াৰ কেইবাখনো চহৰত ব্যাপক ক্ষয়ক্ষতি হৈছে৷ পেৰেইৰাত বহু লোক হতাহত হোৱাৰ লগতে প্ৰায় ২০টা অট্টালিকা ভাগি পৰাৰ খবৰ পোৱা গৈছে৷ কালিতো একাধিক অট্টালিকা ধবংস হৈছে আৰু ধবংসস্তূপৰ তলত লোক আবদ্ধ হৈ থকাৰ আশংকাত উদ্ধাৰকাৰী দলে অভিযান চলাইছে৷ চোকোৰ ৰাজধানী কুইবডোতো অট্টালিকাসমূহত গুৰুতৰ ক্ষয়ক্ষতি হৈছে৷ স্থানীয় প্ৰশাসনে বহু অঞ্চলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি উদ্ধাৰকাৰ্য আৰম্ভ কৰিছে৷ আনহাতে, মানিছালেছ আৰু দেশখনৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলতো বহু অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে৷ ভূমিকম্পৰ পাছতে বহু ঠাইত আতংকিত লোক ঘৰৰ পৰা ওলাই মুকলি ঠাইলৈ আহে৷ উদ্ধাৰকাৰী আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অভিযান আৰম্ভ কৰিছে৷ ধবংসস্তূপৰ তলত কোনো লোক জীৱিত অৱস্থাত আবদ্ধ হৈ আছে নেকি, সেই বিষয়ে সন্ধান চলাই থকা হৈছে৷ ভূমিকম্পৰ ফলত দেশখনৰ কেইবাটাও বিমানবন্দৰৰ কাম-কাজতো ব্যাঘাত জন্মিছে৷ ছখন চহৰৰ বিমানবন্দৰত সাময়িকভাৱে বিমান চলাচল বন্ধ বা সীমিত কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷ ইয়াৰ ফলত উদ্ধাৰ আৰু সাহায্য সামগ্ৰী প্ৰেৰণতো প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে৷ 


কলম্বিয়াৰ ভূতাত্ত্বিক বিভাগে এই ভূমিকম্পক বিগত প্ৰায় এটা দশকৰ ভিতৰত দেশখনত সংঘটিত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প হিচাপে অভিহিত কৰিছে৷ মূল ভূমিকম্পৰ পাছত অসংখ্য সৰু সৰু জোকাৰণিও অনুভূত হৈছে৷ সেয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কতৃৰ্পক্ষই আহ্বান জনাইছে৷ ভূমিকম্পৰ জোকাৰণি বগোটাৰ উপৰি দেশখনৰ বিস্তৃত অঞ্চলত অনুভূত হোৱাত ৰাজধানীতো আতংকৰ সৃষ্টি হয়৷ বহু লোকে নিৰাপত্তাৰ বাবে অট্টালিকা এৰি বাহিৰলৈ ওলাই আহে৷ ইকুৱেডৰ আৰু পানামাৰ কিছু অঞ্চলতো কম্পন অনুভূত হোৱা বুলি জানিব পৰা গৈছে, যদিও তাত কলম্বিয়াৰ তুলনাত ক্ষয়ক্ষতি সীমিত বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে৷ কলম্বিয়াৰ চৰকাৰে উদ্ধাৰ, চিকিৎসা আৰু ক্ষয়ক্ষতিৰ মূল্যায়নৰ কাম তীব্ৰতৰ কৰিছে৷ ধবংসস্তূপ আঁতৰাই আবদ্ধ লোকক উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে৷ বৰ্তমানো বহু অঞ্চলৰ সম্পূৰ্ণ ক্ষয়ক্ষতিৰ হিচাপ সংগ্ৰহ কৰা হোৱা নাই৷ ফলত আগন্তুক ঘণ্টাবোৰত মৃত আৰু আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷