Logo
image

ছত্তীসগঢ়ত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল মুম্বাইৰ তৰুণী বাইকাৰ ঋদ্ধি ঠক্কৰৰ

ৰায়পুৰ: বাইকেৰে নতুন নতুন ঠাই অন্বেষণৰ নিচাই অৱশেষত প্ৰাণ কাঢ়িলে মুম্বাইৰ ২৪ বছৰীয়া তৰুণী বাইকাৰ ঋদ্ধি ঠক্কৰৰ। ছত্তীসগঢ়ৰ ধমতৰী জিলাত ৩০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় যুৱতীগৰাকীৰ। মুম্বাইৰ কান্দিভেলী পশ্চিমৰ বাসিন্দা ঋদ্ধিয়ে প্ৰায় ২৩জন বাইকাৰৰ এটা দলৰ সৈতে ছত্তীসগঢ়ৰ বাস্তাৰলৈ যাত্ৰা কৰিছিল। যাত্ৰাৰ পূৰ্বে দলটো ৰায়পুৰত সমবেত হৈছিল। ঋদ্ধিয়ে ‘বজাজ এভেঞ্জাৰ’ মটৰচাইকেল চলাইছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত ৰায়পুৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত মৰকাটোলা ঘাটৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়। এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা ঋদ্ধিৰ বাইকখনত জোৰেৰে খুন্দা মৰাত তেওঁ পথত ছিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত তেওঁক প্ৰথমে স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ধমতৰীৰ শ্ৰীৰাম হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইফালে, দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ট্ৰাক আৰু চালকজনক বিচাৰি অভিযান চলাইছে। ঘটনাস্থলীৰ ওচৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে ঋদ্ধিৰ সৈতে যাত্ৰা কৰা আন বাইকাৰসকলৰো বক্তব্য গ্ৰহণ কৰা হৈছে। মুম্বাইৰ বাইকাৰ মহলত পৰিচিত মুখ আছিল ঋদ্ধি। ‘Gear Glimpse 54’ নামৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে তেওঁ বাইক ভ্ৰমণৰ বিভিন্ন ছবি আৰু ভিডিঅ’ প্ৰকাশ কৰিছিল। বাইকাৰৰ লগতে তেওঁ ডিজিটেল ক্ৰিয়েটৰ আৰু মেকআপ আৰ্টিষ্ট হিচাপেও কাম কৰিছিল। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ১৭ হাজাৰৰো অধিক অনুসৰণকাৰী আছিল। ঋদ্ধিৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়াল, সহযাত্ৰী আৰু মুম্বাইৰ বাইকাৰ সমাজত শোকৰ ছাঁ পৰিছে।


দুৰ্ঘটনাৰ পিছত তেওঁক প্ৰথমে স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ধমতৰীৰ শ্ৰীৰাম হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।  ইফালে, দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ট্ৰাক আৰু চালকজনক বিচাৰি অভিযান চলাইছে। ঘটনাস্থলীৰ ওচৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে ঋদ্ধিৰ সৈতে যাত্ৰা কৰা আন বাইকাৰসকলৰো বক্তব্য গ্ৰহণ কৰা হৈছে। মুম্বাইৰ বাইকাৰ মহলত পৰিচিত মুখ আছিল ঋদ্ধি। ‘Gear Glimpse 54’ নামৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে তেওঁ বাইক ভ্ৰমণৰ বিভিন্ন ছবি আৰু ভিডিঅ’ প্ৰকাশ কৰিছিল। বাইকাৰৰ লগতে তেওঁ ডিজিটেল ক্ৰিয়েটৰ আৰু মেকআপ আৰ্টিষ্ট হিচাপেও কাম কৰিছিল। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ১৭ হাজাৰৰো অধিক অনুসৰণকাৰী আছিল। ঋদ্ধিৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়াল, সহযাত্ৰী আৰু মুম্বাইৰ বাইকাৰ সমাজত শোকৰ ছাঁ পৰিছে।