Logo
image

পাঁচ বছৰ পুখুৰীত ব*ন্দী জীৱনৰ পৰা এতিয়া মুম্বাইত চিকিৎসাৰ মাজেৰে ইকবালৰ নতুন আশাৰ যাত্ৰা!

'আমাৰ অসম'ৰ ডিজিটেল ডেক্সঃ প্ৰায় পাঁচ বছৰ ধৰি কণমানি ইকবালৰ জীৱন সীমাবদ্ধ হৈ আছিল এটা পুখুৰীৰ মাজত!  তেওঁৰ জটিল ৰোগৰ যন্ত্ৰণাৰ পৰা কিছু সকাহ পোৱাৰ একমাত্ৰ ঠাই আছিল সেই পুখুৰীটো। উল্লেখ্য যে ইকবালৰ কাহিনী পোহৰলৈ অহাৰ পিছত চিকিৎসা বিশেষজ্ঞৰ এটা দলে তেওঁৰ স্বাস্থ্যজনিত অৱস্থাৰ পৰ্যালোচনা কৰে। আনহাতে অনন্ত আম্বানীৰ নিৰ্দেশত তৎক্ষণাত ইকবালক বিমানযোগে মুম্বাইলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয়। বৰ্তমান তেওঁ মুম্বাইৰ Sir H. N. Reliance Foundation Hospital-ত বিশেষজ্ঞ চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে।

উল্লেখযোগ্য যে প্ৰায় পাঁচ বছৰ পুখুৰীত কটোৱাৰ পৰা দেশৰ আগশাৰীৰ চিকিৎসা বিশেষজ্ঞসকলৰ তত্বাৱধানলৈ  ইকবালে এতিয়া জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। এই নতুন অধ্যায়টো যত্ন, মৰ্যাদা আৰু সৰ্বোপৰি আশাৰে পৰিপূৰ্ণ। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বাবেও এই চিকিৎসাই এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে।