ক্ৰিভি ৰিহত ৰাছিয়াৰ ‘ডাবল-টেপ’ ড্ৰোন আক্ৰমণ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ ক্ৰিভি ৰিহ, ২২ আগষ্ট: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিৰ গৃহচহৰ ক্ৰিভি ৰিহত ৰাছিয়াৰ ড্ৰোন আক্ৰমণত ভয়ংকৰ ধ্বংস যজ্ঞৰ সৃষ্টি হৈছে। শুকুৰবাৰে দিনৰ ভাগত চহৰখনৰ এটা ব্যস্ত শ্বপিং চেণ্টাৰত দুটা পৰ্যায়ত চলোৱা আক্ৰমণত কমেও ১৬জন লোক নিহত আৰু ১৩০জনৰো অধিক লোক আহত হৈছে। আহতসকলৰ ভিতৰত ২৩টা শিশু আছে। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি, আক্ৰমণত আহত ২৯জনৰ অৱস্থা সংকটজনক। তেওঁলোকৰ ভিতৰত পাঁচটা শিশু আছে। আনহাতে, আক্ৰমণৰ পাছত শ্বপিং চেণ্টাৰটোৰ ধ্বংসাৱশেষৰ মাজত নজন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰীসকলে ধ্বংসস্তূপ আঁতৰাই সন্ধান অভিযান অব্যাহত ৰাখিছে। এই আক্ৰমণৰ আটাইতকৈ উদ্বেগজনক দিশটো হৈছে ‘ডাবল-টেপ’ পদ্ধতিৰ অভিযোগ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মতে, প্ৰথমটো ড্ৰোন আক্ৰমণৰ প্ৰায় আধা ঘণ্টাৰ পিছত একেটা স্থানতে পুনৰ ড্ৰোন আক্ৰমণ কৰা হয়। তেতিয়া ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী আৰু অন্যান্য জৰুৰী সেৱাৰ কৰ্মী উপস্থিত হৈছিল। জেলেনস্কিৰ অভিযোগ, দ্বিতীয়টো আক্ৰমণৰ লক্ষ্য আছিল উদ্ধাৰ অভিযানত নিয়োজিত লোকসকল।
জেলেনস্কিয়ে এই আক্ৰমণক ‘অত্যন্ত নিন্দনীয় আৰু ঘৃণনীয়’ বুলি অভিহিত কৰি ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ প্ৰত্যাঘাতৰ হুংকাৰ দিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহলকো ৰাছিয়াক জবাবদিহি কৰাৰ আহ্বান জনাইছে। ইউৰোপীয় সংঘৰ (ইইউ) বৈদেশিক নীতিৰ মুৰব্বী কাজা কাল্লাছেও আক্ৰমণটোক ‘পৰিকল্পিত সন্ত্ৰাস’ বুলি নিন্দা কৰিছে। ক্ৰিভি ৰিহ জেলেনস্কিৰ জন্মস্থান। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ তীব্ৰতৰ হোৱাৰ সময়তে চহৰখনত পুনৰ এনে ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। ইয়াৰ এদিন পূৰ্বে ৰাছিয়াৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ আক্ৰমণত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ১৭জন লোক নিহত হৈছিল। একেদিনাই দক্ষিণ ইউক্ৰেইনৰ মাইকোলাইভতো ৰাছিয়াৰ ড্ৰোন আক্ৰমণত তিনিটা শিশুসহ চাৰিজন লোক নিহত হয়। ইফালে, যুদ্ধক্ষেত্ৰত অগ্ৰগতি সীমিত হৈ থকাৰ মাজতে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োপক্ষই দীৰ্ঘদূৰত্বৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ বৃদ্ধি কৰিছে। ইউক্ৰেইনেও ৰাছিয়াৰ তেল, লজিষ্টিক আৰু সামৰিক আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণ তীব্ৰতৰ কৰিছে। ফলত যুদ্ধৰ প্ৰভাৱ এতিয়া কেৱল সন্মুখৰ যুদ্ধক্ষেত্ৰতে সীমাবদ্ধ নথকা পৰিস্থিতিৰ সৃষ্টি হৈছে।






