Logo
image

ক’ভিড কালৰ ‘মা’

আমাৰ অসম, ১৯ মেঃ অপত্য স্নেহ৷ দুগ্ধপান...৷ –মমতাময়ী মাতৃৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি৷ সেইবাবেই কোৱা হয় আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন৷ মাতৃস্নেহৰ অনন্য নিদৰ্শন দাঙি ধৰি ছ’চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী মমতাময়ী মাতৃ৷ ক’ভিড মহামাৰীৰ সময়ত বহুতে বহুজনক সহায়ৰ হাত আগবঢ়াইছে৷ এই ক’ভিড যুদ্ধৰ সময়ত গুৱাহাটীৰ এগৰাকী মাতৃয়ে আন ক’ভিড পজিটিভ মাতৃৰ নৱজাতক সন্তানক দুগ্ধপান কৰোৱাবৰ বাবে আগবাঢ়ি আহি অনন্য সাহসৰ পৰিচয় দাঙি ধৰিছে৷ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হোৱা এইগৰাকী মমতাময়ী মাতৃৰ নাম হৈছে ৰণিতা শৰ্মা৷ গুৱাহাটীৰ বাসিন্দা তথা কৰ্মসূত্ৰে মুম্বাইত থকা ৰণিতা শৰ্মাই ফেচবুক-ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰিছে– যদিহে কোনো ক’ভিড পজিটিভ মাতৃৰ নৱজাতক সন্তানক মাতৃদগ্ধ পান কৰোৱাব লাগে, তেওঁ তেনে শিশুসকলক দুগ্ধপান কৰাবলৈ ইচ্ছুক৷ বৰ্তমান ৰণিতা শৰ্মাই গুৱাহাটীৰ ঘৰত থকাৰ বাবে গুৱাহাটীৰ শিশুকহে এই সহায় কৰিব পাৰিব বুলিও উল্লেখ কৰিছে৷ উল্লেখ্য, মুম্বাইৰ ছবিজগতৰ প্ৰডাক্‌শ্বন মেনেজাৰ হিচাপে কৰ্মৰত ৰণিতা শৰ্মা এটি দুমহীয়া সন্তানৰ মাতৃ৷ সংবাদ মাধ্যমক ৰণিতা শৰ্মাই জনোৱা মতে, বৰ্তমানলৈ তেওঁৰ সৈতে কোনেও যোগাযোগ কৰা নাই যদিও এই কাৰ্যই আন মাতৃসকলকো উৎসাহিত কৰিব৷ ৰণিতাক এই কামৰ বাবে স্বামীয়েও উৎসাহিত কৰা বুলি তেওঁ উল্লেখ কৰিছে৷