Logo
image

‘পজিটিভিটী’ৰ হাৰ কমিছে, মৃত্যু বাঢ়িছে

আমাৰ অসম, ২০ মেঃ ক’ভিডৰ সাম্প্ৰতিক ভয়ংকৰ সংক্ৰমণৰ মাজতে কিছু আশাৰ ৰেঙনি দেখিছে ৰাজ্যবাসীয়ে৷ নৈশ কাৰ্ফিউকে ধৰি কঠোৰ বাধা-নিষেধাজ্ঞা বলৱৎ কৰাত অৱশেষত ৰাজ্যত সামান্য পৰিমাণে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ ক’ভিড সংক্ৰমণ কমিবলৈ আৰম্ভ কৰাত ৰাজ্যবাসী অলপ হ’লেও আশ্বস্ত হোৱা দেখা গৈছে৷ অৱশ্যে, সংক্ৰমণ হ্ৰাস পালেও ৰাজ্যত ক’ভিড ৰোগীৰ মৃত্যু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ইমানেই নহয়, বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি শ শ ক’ভিড ৰোগীৰ হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দি আছে৷ অৰ্থাৎ ৰাজ্যত ক’ভিড আক্ৰান্ত সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে দিনৰ ১২ বজাতে কাৰ্ফিউ জাৰি কৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ বাবেই পজিটিভ ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ এসপ্তাহ পূৰ্বে ৰাজ্যত পজিটিভৰ হাৰে প্ৰায় ১০ শতাংশ স্পৰ্শ কৰিছিল যদিও এতিয়া পজিটিভৰ হাৰ ৬ শতাংশলৈ নামি আহিছে৷ অৱশ্যে, সংখ্যাগত হিচাপত আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পোৱা দেখা গৈছে৷ দেওবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছিল ৩,৬৫০জন লোক৷ উক্ত দিনা পজিটিভিটীৰ হাৰ আছিল ৮.৫১ শতাংশ৷ ইয়াৰ বিপৰীতে সোমবাৰে ৬,৩৯৪ জন [৬.৯৯ শতাংশ], মঙলবাৰে ৫,৮৩৫জন [৬.৪৭ শতাংশ] আৰু বুধবাৰে ৬,১৪৩জন [৬.০২ শতাংশ] লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ অৰ্থাৎ ৰাজ্যত ক্ৰমান্বয়ে পজিটিভৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে৷ আনহাতে, ৰাজ্যত দেওবাৰে ক’ভিডত মৃত্যু হৈছিল ৫৬জন ৰোগী৷ ইয়াৰ বিপৰীতে সোমবাৰে ৯২জন, মঙলবাৰে ৭৩জন আৰু বুধবাৰৰ দিনটোত ৮৯জন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ স্বাস্থ্য বিভাগৰ তথ্যতে স্পষ্ট হৈ পৰিছে যে ৰাজ্যত ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে৷ মৃত্যুৰ হাৰ বৃদ্ধিয়ে স্বাস্থ্য বিভাগৰ লগতে খোদ মুখ্যমন্ত্ৰীকো চিন্তিত কৰি তুলিছে৷ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিশা হাস্পতালত জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতি বাধ্যতামূলক কৰাৰ লগতে ক’ভিড ৰোগীৰ বাবে অক্সিজেন, আইচিইউৰ নাটনিৰ সমস্যা দূৰ কৰাত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে, ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে৷ মহানগৰীত দৈনিক আক্ৰান্তৰ সংখ্যা পূৰ্বৰ ১,৫০০ৰ পৰা বুধবাৰে ৯১৩জনলৈ হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে গুৱাহাটীত মৃত্যুৰ হাৰ কিছু বৃদ্ধি পোৱা দেখা গৈছে৷ গুৱাহাটী মহানগৰীত বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ২৬জন ৰোগীৰ৷

সৰুক্ষেত্ৰীত এজন ক’ভিড আক্ৰান্তৰ মৃত্যু

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাত ক’ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি হৈ বুধবাৰে শতাধিকৰ ঘৰ অতিক্ৰম কৰিছে৷ সৰুক্ষেত্ৰী মৌজাত ক’ভিড-১৯ আক্ৰান্ত হৈ বিগত কিছুদিনত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ পাছত যোৱা নিশা বৰআমৃখোৱা গাঁৱৰ তথা কৃষি বিভাগৰ এজন লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকজন বৰআমৃখোৱা গাঁৱৰ সোণাপতি বৰ্মন বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৪ বছৰ৷ উল্লেখ্য, বৃক্ক ৰোগত আক্ৰান্ত সোণাপতি বৰ্মনে শেহতীয়াকৈ ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ বিগত কিছুদিনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱানিশা হাস্পতালতে মৃত্যু হয়। গুৱাহাটীৰ উলুবাৰী শ্মশানত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী পুত্ৰসহ বহু আত্মীয়-স্বজন এৰি থৈ যায়৷ বৰ্মনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে৷ 

নগাঁৱত ২ মহিলাৰ মৃত্যু

নগাঁও জিলাত দৈনিক অতিমাৰী ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ বাঢ়িছে ক’ভিডত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ সংখ্যাও৷ বুধবাৰৰ দিনটোত নগাঁও জিলাত নতুনকৈ ৪৩৭জন লোক ক’ভিড- ১৯ত ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ বৰ্তমানলৈকে কৰ’নাৰ দ্বিতীয় লহৰত নগাঁও জিলাত মুঠ ৬,৩৬৪জন লোক আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত আৰোগ্য হৈছে ৩৪২৫জন৷ বৰ্তমানেও ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯০৯জন। জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ৪১৮০জন লোকক ৰেপিড টেষ্ট আৰু ৪৫ জনক আৰ টি পি চি আৰ কৰে৷ তাৰ ভিতৰত ৪৩৭জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত হয়৷ আক্ৰান্তসকলৰ ৩৪০জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যৱেক্ষণত ৰখাৰ বিপৰীতে ৯৭জন লোকক ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে৷ ইফালে, বুধবাৰে ক’ভিড আক্ৰান্ত হৈ দুগৰাকী মহিলাৰ মৃত্যু হয়৷ মৃত্যু হোৱা মহিলা দুগৰাকী ক্ৰমে হয়বৰগাঁও শান্তিপুৰৰ সাৰদা দেৱী[৯৫] আৰু আমোলাপট্টিৰ তাইনী বৰা[ ৫৬] বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে৷  নগাঁও জিলাত বৰ্তমানলৈকে ক’ভিড ১৯ত দ্বিতীয় লহৰত ৩৪জন লোকৰ মৃত্যু হৈছে৷

ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সৎকাৰ বিনামূলীয়াকৈ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ

ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবদ হোৱা খৰচ তথা মৃতদেহৰ সৎকাৰ বিনামূলীয়াকৈ সম্পন্ন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি আজি এইক্ষেত্ৰত এক নিৰ্দেশনা জাৰি কৰে শোণিতপুৰ জিলা প্ৰশাসনে৷ এইক্ষেত্ৰত সংলিষ্ট ৰাজহ চক্ৰ বিষয়া, খণ্ড পৰ্যায়ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত থকা চিকিৎসক, আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে ৰাজহ চক্ৰৰ দুজন লাট মণ্ডলক এনে লোকৰ সৎকাৰ সুকলমে সম্পন্ন কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে৷ লগতে ৰাজহ চক্ৰ বিষয়াসকলক নিজ নিজ এলেকাত মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানৰ বাবে উপযুক্ত ঠাই চিনাক্ত কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে৷ উল্লেখ্য যে, ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে দুখন বিশেষ এম্বুলেঞ্চ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে৷ এইক্ষেত্ৰত তলত উল্লেখ কৰা নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব – আয়াতুল ৰহমান, ৮৮৭৬৫-২৩৮৪৩, বাহন – AS12AC5275 আৰু ধনেশ্বৰ পটঙীয়া, ৯৮৬৪৩৮২৫৭৬, বাহন - AS12AC4350৷ আনহাতে, বুধবাৰে নিশা ১.৩০ বজাত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ক’ভিড ৱাৰ্ড আৰু ক’ভিড আইচিইউত নিয়োজিত চিকিৎসক, নাৰ্ছ আদিৰ লগত ভিডিঅ’কলযোগে ভিতৰৰ পৰিস্থিতিৰ বুজ লয়৷  উপায়ুক্তজনে চিকিৎসকসকলক নিশাৰ ভাগত বিশেষ তৎপৰ আৰু সষ্টম হৈ থাকিবলৈ আহ্বান জনায় যাতে সংকটজনক অৱস্থাত থকা কোনো ৰোগীয়ে তাৎক্ষণিক চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়৷ লগতে এই জটিল সময়তো নিঃস্বাৰ্থে ৰোগীসকলক সেৱা আগবঢ়াই অহাৰ বাবে উপায়ুক্তই চিকিৎসক, নাৰ্ছসকলৰ  শলাগ লয়৷ 

মুখ্যমন্ত্ৰী ড॰ শৰ্মাক প্ৰশংসাৰে উপচালে বৰপেটাৰ সাংসদ খালেকে

মহামাৰী ক’ভিড-১৯ৰ ক্ষেত্ৰত শাসক-বিৰোধীৰ কোনো কথা থাকিবই নোৱাৰে৷ ঐক্যৱদ্ধভাৱে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব৷ এই মহামাৰীৰ ফলত বহু ৰাজনৈতিক নেতা মৃত্যুমুখত পৰিব লগা হৈছে৷ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি বিজেপি দলৰো বহু নেতাই মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ ক’ভিডক লৈ মই কেতিয়াও ৰাজনীতি নকৰোঁ৷ শাসক-বিৰোধীৰ কোনো কথা নাই বুলি বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ জিলাখনৰ ক’ভিড ৰোগীৰ সংখ্যা কেনেধৰণে বাঢ়িছে, ৰোগীয়ে উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত উপকৃত হৈছেনে নাই, কিমান  চিকিৎসাধীন হৈ আছে সেই সম্পৰ্কে বুজ লোৱাৰ পাছত সাংসদ খালেকে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়৷ জিলাখনত ক’ভিড সম্পৰ্কে সন্মিলিতভাৱে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সকলোৱে দল-মত নিৰ্বিশেষে একত্ৰিতভাৱে কাম কৰিব লাগিব৷ খালেকে সংবাদ মাধ্যমক জানিবলৈ দি কয়, জিলাখনৰ কাৰণে সুখৰ খবৰ এইটো যে জিলাখনত ক’বলৈ গ’লে এটাও কণ্টেইনমেণ্ট জ’ন নাই৷ যদিও কণ্টেইনমেণ্ট জ’ন এতিয়ালৈকে নাই, সেই হেতুকে জিলাখনৰ সকলো স্তৰৰ ৰাইজে সজাগ আৰু সতৰ্ক হৈ থাকিব লাগিব৷ বৰ্তমান জিলাখনত ২০৬৪জন এক্টিভ ক’ভিড ৰোগী আছে৷ ক’ভিড প্ৰট’কল আমি মানি চলাটো নিত্যান্তই প্ৰয়োজন৷  সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, মাস্ক পিন্ধিব লাগে, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে৷ অহাকালি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বৰপেটাত আহি উপস্থিত হ’ব৷ সেইবাবে মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ তেওঁ যেন কলগাছিয়াত থকা অসামৰিক চিকিৎসালয়খনত অক্সিজেন প্লাণ্ট বহুৱাৰ ব্যৱস্থা কৰে আৰু জিলাখনত এল এম অ’ টেংক স্থাপন কৰাৰ বাবেও মই মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে বিশেষভাৱে অনুৰোধ জনাইছোঁ বুলি সাংসদ খালেকে মন্তব্য কৰে৷ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ক’ভিডৰ ক্ষেত্ৰত যি সফলতা দেখুৱাইছে, একেদৰে বৰপেটা জিলাখনতো তেনে সফলতা দেখুৱাব বুলি মোৰ বিশ্বাস আছে৷ বৰপেটা সদৰ সমষ্টিৰ বিধায়ক ৰহিম আহমেদেও চিকিৎসা মহাবিদ্যালয়খনৰ পৰিস্থিতিৰ বুজ লৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ অধীক্ষক তথা চিকিৎসকসকলৰ লগতে নাৰ্ছ-কৰ্মচাৰীসকলে দেখুওৱা দায়িত্বক শলাগ লয়৷ ক’ভিডৰ ক্ষেত্ৰত অকল চিকিৎসক, নাৰ্ছৰে যে দায়িত্ব, তেনে নহয়, ক’ভিডক নিৰ্মূল কৰাৰ বাবে প্ৰতিজন সচেতন ৰাইজৰে দায়িত্ব আছে৷ বিধায়ক আহমেদে সাংবাদিকক জানিবলৈ দি আৰু কয়, ক’ভিডৰ ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনত আৰু কিছু সা-সঁজুলি দৰকাৰ থকাৰ কথাও জানিবলৈ দিয়ে৷ এই সা-সঁজুলিবোৰ ৰাজ্য চৰকাৰে ক্ষিপ্ৰতাৰে পূৰণ কৰিব বুলি আমি আশাবাদী৷ এইক্ষেত্ৰত আমি সহায়-সহযোগিতা আগবঢ়াম৷ বিধায়কজনে বিধায়ক পুঁজিৰ সহায়ত বৰপেটা চিকিৎসা মহাবিদ্যালয়খনলৈ এখন এম্বুলেঞ্চ যোগান ধৰাৰ কথাও সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷