Logo
image

ব্লেক ফাংগাছত আক্ৰান্ত যুৱকৰ মৃত্যু, উদ্বিগ্ন কেন্দ্ৰ

আমাৰ অসম, ২০ মেঃ ক’ভিড অতিমাৰীৰ প্ৰচণ্ড সংহাৰৰ মাজতে আন এক ভয়ংকৰ ৰোগৰ অসমত আবিৰ্ভাৱ ঘটিছে আৰু নতুন এই ৰোগ ব্লেক ফাংগাছৰ বলি হৈ বুধবাৰে পুৱা অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু হৈছে৷ নগাঁও জিলাৰ ধিঙৰ চমুৱা গাঁৱৰ পলমনি বৰা নামৰ ২৭ বছৰীয়া যুৱকজনৰ বুধবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ এপ’ল’ হাস্পতালত মৃত্যু ঘটে৷ তাৎপৰ্যপূৰ্ণভাৱে যুৱকজনৰ পৰিয়ালে দাবী কৰা অনুসৰি তেওঁৰ মৃত্যুৰ কাৰণ হিচাপে এপ’ল’ হাস্পতালে ব্লেক ফাংগাছ বুলি উল্লেখ কৰা নাই, বৰং তেওঁ ক’ভিডত মৃত্যু হোৱা বুলিহে ‘ডিচাৰ্জ ছামাৰী’ত চিকিৎসকে লিখিছে৷ পলমনি বৰাৰ মৃত্যুৰ লগে লগে অসমত ব্লেক ফাংগাছৰ আবিৰ্ভাৱ ঘটা আৰু এই ভয়ংকৰ ৰোগৰ ফলত ৰোগীৰ মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰাত ৰাজ্যত আতংকৰ সৃষ্টি হৈছে৷ পিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু আন এজন মন্ত্ৰী পীযুষ হাজৰিকাই ব্লেক ফাংগাছক লৈ ৰাজ্যবাসীক আতংকিত নহ’বলৈ অনুৰোধ জনোৱাৰ লগতে সংবাদ মাধ্যমক এনে সংবেদনশীল বাতৰি সাৱধানে পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে৷

অসমত ব্লেক ফাংগাছৰ আবিৰ্ভাৱ হোৱাৰ খবৰে কেন্দ্ৰীয় চৰকাৰকো উদ্বিগ্ন কৰি তুলিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই উদ্বিগ্নতা প্ৰকাশ কৰি অসমত আজি প্ৰথমজন ব্লেক ফাংগাছ আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবদ্ধৰ্নে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই সন্দৰ্ভত আলোচনা কৰি অসমক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ আলোচনা কালত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ডাঃ হৰ্ষবদ্ধৰ্নক ব্লেক ফাংগাছৰ ঔষধ অসমলৈ প্ৰেৰণ কৰাৰ বাবেও অনুৰোধ জনায়৷ তাৎপৰ্যপূৰ্ণ, ব্লেক ফাংগাছৰ ৰোগীৰ ক্ষেত্ৰত যি ঔষধ ব্যৱহাৰ কৰা হয় সেই ‘লিপ’ছ’মেল এম্ফ’টেৰিছিন বি’ নামৰ ঔষধবিধ অসমত পাবলৈ নাই৷ প্ৰকৃততে এনেধৰণৰ ৰোগ সাধাৰণতে ৰাজ্যত দেখা নাযায় বাবে কোনো ফাৰ্মাচীয়ে এই ঔষধ ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই৷ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সেই কথা স্বীকাৰ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ পৰা ব্লেক ফাংগাছৰ ঔষধ বিচাৰিছে যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই মঙলবাৰে ৰাজ্যত এনে ঔষধ যথেষ্ট পৰিমাণে মজুত থকা বুলি সংবাদ মাধ্যমৰ আগত মিথ্যা বক্তব্য উপস্থাপন কৰিছিল৷ সেইলৈ চৰম বিভ্ৰান্তিৰ সৃষ্টি হয়৷ অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিভাগৰ পৰা জনোৱা অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবদ্ধৰ্নৰ সৈতে হোৱা আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰীজনে অসমলৈ প্ৰয়োজনীয় ক’ভিডৰ ঔষধ, প্ৰতিষেধক, অক্সিজেন আৰু অক্সিজেনৰ কনচেণ্টেটৰকে ধৰি সকলোবিলাক সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কেশৱ মহন্তই অসমৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিষয়ে তেওঁক অৱগত কৰে৷

ইপিনে, নগাঁৱৰ ধিঙৰ পলমনি বৰা নামৰ যুৱকজনৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰিছে৷ পলমনি বৰা প্ৰথমতে ক’ভিডত আক্ৰান্ত হৈছিল৷ তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি অহাৰ ফলত কেইদিনমান পূৰ্বে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ উঠে আৰু ক’ভিড নিগেটিভ হোৱাৰ লগে লগে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়৷ কিন্তু চিকিৎসালয়ৰ পৰা অহাৰ দুদিনৰ পাছতে তেওঁ পুনৰ অসুস্থ হৈ পৰে আৰু নগাঁৱৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি হয়৷ পিছে পলমনি বৰাৰ স্বাস্থ্যৰ অৱনতি ঘটাত আৰু প্ৰাৰম্ভিকভাৱে তেওঁ এক অচিন ৰোগত ভোগা বুলি নিশ্চিত হোৱাত নগাঁৱৰ বেচৰকাৰী চিকিৎসালয়খনে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ গুৱাহাটীত তেওঁ এপ’ল’ হাস্পতালত ভৰ্তি হৈছিল আৰু মঙলবাৰে বিয়লিলৈ তেওঁ ব্লেক ফাংগাছত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছিল৷ সেইলৈ আতংকৰ সৃষ্টি হোৱাৰ মাজতে আজি পুৱা ছয় বজাত পলমনি বৰাৰ মৃত্যু ঘটে৷

পলমনি বৰাৰ মৃত্যুৱে কেৱল ধিঙতে নহয় সমগ্ৰ ৰাজ্যতে আতংকৰ সৃষ্টি কৰিছে৷ কিয়নো ব্লেক ফাংগাছ বা মিউকৰমাইক্ৰছিছ নামৰ এই ৰোগে ইতিমধ্যে মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু আন কেইবাখনো ৰাজ্যত সংহাৰৰ সৃষ্টি কৰিছে৷ ঘাইকৈ ক’ভিডত আক্ৰান্ত ৰোগীৰ শৰীৰত দেখা দিয়া ব্লেক ফাংগাছ ৰোগবিধ এতিয়ালৈকে সকলো ক’ভিড ৰোগীৰ বাবেই প্ৰাণঘাটী হৈ পৰিছে৷ বতাহত ওপঙি ফুৰা, খাদ্য সামগ্ৰীত থকা, এচি বা অন্যান্য শীতলীকৰণ যন্ত্ৰত থকা আৰু ‘ফ্ৰজেন ফুড’ অৰ্থাৎ দীঘলীয়াকৈ শীতলীকৰণ যন্ত্ৰত সংৰক্ষণ কৰি ৰখা খাদ্যৰ পৰা ব্লেক ফাংগাছ বিয়পে বুলি প্ৰাৰম্ভিকভাৱে ধাৰণা কৰা হৈছে৷ ব্লেক ফাংগাছ ৰোগ সংক্ৰামক বুলি প্ৰচাৰ হ’লেও সেয়া এতিয়াও নিশ্চিত নহয়৷ অন্ততঃ চিকিৎসা বিজ্ঞানীয়ে ব্লেক ফাংগাছক সংক্ৰামক বুলি ঘোষণা কৰা নাই৷ কিন্তু ক’ভিড থেৰাপিত বা ক’ভিডৰ চিকিৎসাত কিছুমান ঔষধৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ, ৰক্তত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি, শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি কমি অহাকে ধৰি নানা কাৰণত ব্লেক ফাংগাছ ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হ’ব পাৰে৷ দিল্লীৰ এপ’ল’ হাস্পতালৰ জ্যেষ্ঠ ইএনটি বিশেষজ্ঞ ডাঃ সুৰেশ সিং নাৰুকাৰ মতে ব্লেক ফাংগাছৰ সংক্ৰমণ হাওঁফাওঁ, চাইনাছ আৰু মস্তিষ্কলৈ অতি সহজে ঘটিব পাৰে৷ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ব্লেক ফাংগাছ এশ শতাংশই প্ৰাণঘাটী৷ চিকিৎসকৰ মতে ক’ভিড চিকিৎসাৰ সময়ত অতিৰিক্ত ষ্টেৰয়ডৰ ব্যৱহাৰে ব্লেক ফাংগাছ ৰোগ বিয়পাব পাৰে৷ কিয়নো দীৰ্ঘদিন ষ্টেৰয়ড ব্যৱহাৰৰ ফলত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু তেনে ৰোগীৰ গালৈ সহজে ব্লেক ফাংগাছ আহিব পাৰে৷ উল্লেখ্য, ভাৰতত এতিয়ালৈকে ব্লেক ফাংগাছত আক্ৰান্তৰ মৃত্যুৰ হাৰ ৭৫ শতাংশ৷ ইয়াৰে অধিকাংশ ৰোগীৰ একেলগে চকু, হাওঁফাওঁ, মস্তিষ্ক আৰু অন্যান্য অংগ-প্ৰত্যঙ্গ আক্ৰান্ত হোৱাৰ উপৰি শেষলৈ সকলো অংগই সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে৷ গুৱাহাটীত মৃত্যুমুখত পৰা প্ৰথমজন ব্লেক ফাংগাছ ৰোগী পলমনি বৰাৰ ফটোও সংবাদ মাধ্যমে প্ৰকাশ কৰিব পৰা নাই ঘাইকৈ তেওঁৰ চকুকে ধৰি মুখমণ্ডল এই ৰোগে বিকৃত কৰি পেলোৱাৰ বাবে৷