Logo
image

যধে-মধে ৰোগীৰ পৰা ধন লৈছে প্ৰাইভেট নাৰ্ছিংহোমে

আমাৰ অসম, ২০ মেঃ ক’ভিড মহামাৰী প্ৰতিৰোধৰ বাবে ৰাজ্যৰ চৰকাৰী হাস্পতালৰ সমান্তৰালভআৱে বেচৰকাৰী হাস্পতালসমূহেও যুঁজ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ বৰ্তমানৰ ক’ভিডৰ অভাৱনীয় পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে নাৰ্ছিংহোমসমূহৰো গুৰুত্ব অপৰিসীম৷ কিন্তু দুৰ্যোগৰ সময়ত সৰ্বসাধাৰণ লোকৰ অসহায় অৱস্থাৰ সুযোগ লৈ একাংশ ব্যক্তিগত হাস্পতালে ক’ভিড চিকিৎসাৰ নামত মুনাফা আদায়ত নামি পৰিছে৷ বিশেষকৈ ব্যক্তিগত হাস্পতালসমূহত বেড-আইচিইউৰ নাটনিৰ দোহাই দি মালিকপক্ষই ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ খৰচৰ নামত লুণ্ঠন চলোৱাৰো অভিযোগ উঠিছে৷ এজন ক’ভিড ৰোগীৰ চিকিৎসাৰ নামত এটা কেবিনতে দৈনিক ২০-২৫ হাজাৰ টকাকৈ বিল প্ৰস্তুত কৰিছে ব্যক্তিগত খণ্ডৰ বহু হাস্পতালে৷ আনকি এজন ক’ভিড ৰোগীৰ সম্পূৰ্ণ চিকিৎসা ব্যয় ১২ লাখ টকাপৰ্যন্তও হৈছে নাৰ্ছিংহোমত৷ বিভিন্নজনে ছ’চিয়েল মিডিয়া যোগে নাৰ্ছিংহোমৰ এনে লুণ্ঠনৰাজৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷ গুৱাহাটীৰ মালিগাঁও হাইস্কুলৰ শিক্ষক জুলফিকৰ আলীৰ ক’ভিড চিকিৎসাৰ নামত মহানগৰীৰ এখন বেচৰকাৰী হাস্পতালত ৮ লাখ টকা বিল হোৱা বুলি শুভাকাংক্ষীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি শিক্ষকজনৰ বাবে বিভিন্নজনৰ পৰা সহায় বিচৰা দেখা গৈছে৷ উদ্বেগজনকভাৱে আত্মীয়ৰ জীৱন ৰক্ষাৰ বাবে নাৰ্ছিংহোমত ক’ভিড চিকিৎসাৰ খৰচ বহন কৰিবলৈ গৈ বহু লোক সৰ্বস্বান্ত হৈ পৰিছে৷ ঘৰৰ গৰু-ছাগলী বিক্ৰী কৰাৰ লগতে মাটি বন্ধকত দিয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ আনকি নাৰ্ছিংহোমৰ ধন পৰিশোধ কৰিব নোৱাৰি আধাতে ৰোগীক চৰকাৰী হাস্পতাললৈ স্থানান্তৰ কৰা ঘটনাও সংঘটিত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ৰোগীৰ চিকিৎসাৰ নামত অস্বাভাৱিক হাৰত বিল প্ৰস্তুত কৰাত উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা সংস্থাই৷ আই এম এৰ অসম শাখাৰ সভাপতি ডাঃ সত্যজিত বৰা আৰু সম্পাদক ডাঃ শিখা শৰ্মাই এটা বিবৃতিত কয়– এইটো অনস্বীকাৰ্য যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ক’ভিড-১৯ অতিমাৰী ৰোগে ৰাজ্যত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত ক’ভিড প্ৰতিৰোধ তথা চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এইটো নিঃসন্দেহে সত্য যে চৰকাৰে অকলে ইমান গভীৰ তথা জটিল পৰিস্থিতিৰে মোকাবিলা কৰিব নোৱাৰে৷ কিন্তু একে সময়তে কোনো হাস্পতাল বা প্ৰতিষ্ঠানে যদি চিকিৎসালয় তথা আন সামগ্ৰীৰ অভাৱ আদিৰ অজুহাত আৰু ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ লয়, তেতিয়াহ’লে সেইটো কেতিয়াও ক্ষমাৰ যোগ্য হ’ব নোৱাৰে৷ এই দুৰ্যোগৰ সময়ত যেতিয়া নেকি মানুহৰ জীয়াই থকাৰ সমস্যা আহি পৰিছে, ভাৰতীয় চিকিৎসা সন্থাই সকলো ধৰণৰ চিকিৎসাখণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠান আদিক মুক্তমনেৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান কৰিছোঁ৷ ক’ভিডৰ চিকিৎসা কৰোঁতে যথেষ্ট মানৱ সম্পদ তথা ধনৰ আৱশ্যক হয়৷ আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ এইক্ষেত্ৰত কিছুমান বাধ্যবাধকতা থাকিলেও তেওঁলোকে তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা বাবে ভাৰতীয় চিকিৎসা সন্থাই তেওঁলোকক প্ৰশংসা কৰোঁ৷ কিন্তু এই বিপদৰ সময়ত, যি সময়ত সকলো মানুহে আৰ্থিকভাৱে কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে, সেই সময়ত ব্যক্তিগত চিকিৎসা খণ্ডৰ প্ৰতিষ্ঠানসমূহে ৰোগীৰ পৰা অধিক হাৰত বিল আদায় কৰাটো একেআষাৰে নিন্দনীয়৷ ভাৰতীয় চিকিৎসা সন্থাই সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক ক’ভিডৰ চিকিৎসা কৰিবৰ বাবে আৰ্থিকভাৱে সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানসমূহক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজ নিজ অঞ্চলৰ চিকিৎসালয়বোৰৰ সৈতে যোগসূত্ৰ স্থাপন কৰে আৰু ৰোগীৰ লক্ষণ তথা চিকিৎসালয়ত উপলব্ধ সুবিধা অনুসৰি ৰোগীক চিকিৎসা প্ৰদান কৰে৷