Logo
image

গ্ৰামাঞ্চল, চাহ বাগিচাত ব্যাপক সংক্ৰমণ

আমাৰ অসম, ২০ মেঃ ৰাজ্যৰ চহৰসমূহৰ পাছত এইবাৰ কাল কৰ’নাই গ্ৰামাঞ্চলত বিস্তাৰ আৰম্ভ কৰিছে৷ গাঁৱে গাঁৱে এতিয়া ক’ভিড ভাইৰাছৰ সংক্ৰমণে ছানি ধৰা দেখা গৈছে৷ চহৰৰ পৰা বহু নিলগৰ গ্ৰামাঞ্চলসমূহত এজনৰ পাছত এজনকৈ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ আনকি প্ৰশাসনে বিভিন্ন জিলাৰ গাঁও এলেকাতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে৷ গ্ৰামাঞ্চলত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগক বিশেষভাৱে চিন্তিত কৰি তুলিছে৷ কিয়নো বহু গাঁৱত ক’ভিড বিধি আজিলৈকে বলৱৎ হোৱা নাই৷ তদুপৰি গাঁৱৰ সাধাৰণ লোকসকলে ক’ভিড সুৰক্ষা-সজাগতাক লৈ বিশেষ সচেতনো নহয়৷ আনকি বহুতে আজিলৈকে মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিয়েই পোৱা নাই৷ তেনেস্থলত এনে গাঁওসমূহত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাত গাঁৱে গাঁৱে গণসংক্ৰমণৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে৷ যাৰ বাবে ক’ভিড সজাগতা সৃষ্টিত স্বাস্থ্য বিভাগে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ কেৱল গ্ৰামাঞ্চলেই নহয়, চাহ বাগানসমূহতো ক’ভিডৰ ব্যাপক সংক্ৰমণ দেখা গৈছে৷ ৰাজ্যৰ মুঠ ২৪৯খন চাহ বাগানত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে৷ এইসমূহ বাগানৰ বৰ্তমানলৈ ১,৮৫১জন শ্ৰমিক-কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰে ১২জন শ্ৰমিক-কৰ্মচাৰীয়ে ক’ভিডত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ বুধবাৰে মৰাণ চাহ বাগিচাৰ বিকাশ বৰগোহাঁই নামৰ এজন কৰ্মচাৰীৰো ক’ভিডত মৃত্যু হয়৷ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শতাধিক বাগিচা সাময়িকভাৱে কতৃৰ্পক্ষই বন্ধ কৰি দিবলৈও বাধ্য হৈছে৷ চাহ বাগানত ক’ভিডৰ এই সংক্ৰমণৰ পাছতো স্বাস্থ্য বিভাগে শ্ৰমিকসকলক ভেক্‌চিন প্ৰদানত গুৰুত্ব নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷ সন্থাই ইতিপূৰ্বে মুখ্য সচিবলৈও শ্ৰমিকক ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান কৰিছে বুলি সন্থাৰ সভাপতি ধীৰাজ গোৱালাই জানিবলৈ দিছে৷