Logo
image

যুদ্ধবিধবস্ত ইজৰাইলত আবদ্ধ গোলাঘাটৰ নাজিহা

আমাৰ অসম, ২০ মেঃ দেৰগাঁও নাৰিকলগুৰিৰ ৯ নং ৱাৰ্ডৰ নিবাসী, জনপ্ৰিয় লিখক, শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি তফজ্জুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ জ্যেষ্ঠ কন্যা নাজিহা তৰাণ্ণাম বৰ্তমান যুদ্ধবিধবস্ত ইজৰাইলত আছে৷  ২০১৭ চনৰ চেপ্টেম্বৰ মাহতে উচ্ছ গবেষণাৰ বাবে তেওঁ ইজৰাইললৈ ৰাওনা হৈছিল৷ উল্লেখ্য নাজিহা তৰাণ্ণমে NEHUৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈ হায়দৰাবাদৰ বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানত কেইমাহমান উচ্ছ প্ৰশিক্ষণ লৈ উক্ত বিষয়ত গৱেষণা কৰিবলৈ সুদূৰ ইজৰাইলৰ আগশাৰীৰ বেন গুৰিয়ন বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ উৰা মাৰিছিল৷ তাতে তেওঁ একাগ্ৰতাৰে গৱেষণাৰ কাম অৱ্যাহত ৰাখিছে৷ দেৰগাঁৱৰ এই মেধাৱী ছাত্ৰীগৰাকীৰ গবেষণাৰ কাম অহা ছেপ্টেম্বৰ মাহতে শেষ হোৱাৰ কথা আছিল যদিও বিশ্বজুৰি হোৱা কৰ’না পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গৱেষণাৰ কাম চলিত বৰ্ষৰ ডিছেম্বৰ মাহতহে শেষ হ’ব৷ সাম্প্ৰতি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত তয়াময়া যুদ্ধ লাগি আছে৷ বহু আগশাৰীৰ দেশে দুয়োপক্ষক মুকলিকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ ইফালে দেৰগাঁৱত থকা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ মাজত ছাত্ৰীগৰাকীক লৈ দিনে দিনে উদ্বিগ্নতা বাঢ়ি গৈছে৷ উল্লেখ্য নাজিহা তৰাণ্ণামৰ দৰেই দেশৰ কেৰেলা, কলকাতা পুণে, মুম্বাই, দিল্লী আদিৰ বহু মেধাৱী ছাত্ৰ, -ছাত্ৰীও বৰ্তমান ইজৰাইলত গৱেষণাৰত৷ নাজিহাৰ সৈতে পৰিয়ালৰ লোকৰ এইপৰ্যন্ত ফোন যোগাযোগ অব্যাহত আছে আৰু তেওঁলোক সকলো নিৰাপদে আছে৷ বিগত ৪ দিনৰ তুলনাত বৰ্তমান দেশখনৰ পৰিস্থিতিও কিছু উন্নত হোৱা বুলি নাজিহাই আজি পিতৃক জনাইছে৷