Logo
image

বনৰ স্কুটী ঘৰলৈ অহাৰ সম্ভাৱনা

ছাত্ৰীৰ স্কুটীৰ বাবে পুনৰ ৯০ কোটি অনুমোদন

আমাৰ অসম, ২০ মেঃ অৱশেষত বনৰ স্কুটী ঘৰলৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই সম্ভাৱনাৰ কথা ঘোষণা কৰিছে৷ শিক্ষা বিভাগৰ দায়িত্ব লৈয়ে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ইতিমধ্যে প্ৰস্তুত হৈ থকা তালিকা অনুসৰি এসপ্তাহ-দহ দিনৰ ভিতৰতে উচ্ছতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হ’ব৷ এই স্কুটীসমূহ নিৰ্বাচন আচৰণ বিধি বলৱৎ হোৱাৰ বাবে বিতৰণ কৰিব পৰা নাছিল৷ চৰকাৰী স্কুটীসমূহ হাবিয়ে বননিয়ে পৰি থকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্কুটীৰ যোগান ধৰোতাসকলে ক’ত কেনেদৰে স্কুটীসমূহ ৰাখিছে এই সন্দৰ্ভত চৰকাৰ জ্ঞাত নহয়৷ ইফালে ৰাজ্য চৰকাৰে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীক স্কুটী প্ৰদানৰ বাবে ৯০২০.৯৬ লাখ [৯০ কোটি] টকাৰ পুনৰ অনুমোদন জনাইছে৷ এই সন্দৰ্ভত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সামাজিক মাধ্যম যোগে তথ্য ৰাজহুৱা কৰিছে৷ উল্লেখ্য যে শিক্ষা বিভাগৰ চৰম দায়িত্বহীনতাৰ ফলস্বৰূপে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনষ্ঠ হেজাৰ হেজাৰ স্কুটী ৰ’দ-বৰষুণত জহি খহি যোৱাৰ উপক্ৰম হৈছে৷ গুৱাহাটীৰ মালিগাঁও উচ্ছ মাধ্যমিক বিদ্যালয়ৰ চৌহদত সম্প্ৰতি ডাঠ ঘাঁহ-বনৰ মাজত পৰি আছে এই আঁচনিৰ কেইবা হেজাৰ স্কুটী৷ অনাদৃত অৱহেলিত অৱস্থাত জংঘলৰ মাজত শাৰী শাৰীকৈ পৰি ৰৈছে এই স্কুটীসমূহ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক চৰকাৰে স্কুটী প্ৰদানৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই ৰঙা স্কুটীসমূহ ক্ৰয় কৰিছিল৷ এই অভিলাষী আঁচনিৰ স্কুটীসমূহ এতিয়া ৰ’দ-বৰষুণত নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ দীৰ্ঘদিন পৰিৰোৱাৰ বাবে বহুকেইখন স্কুটী ইতিমধ্যে বেয়া হোৱা বুলিও জানিব পৰা গৈছে৷

বিত্তমন্ত্ৰী অজন্তা নেওগে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুকলি কৰি দিলে ৪৩ কোটি ২১ লাখ টকা

ৰাজ্যৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে বিত্তমন্ত্ৰী অজন্তা নেওগে ক’ভিড ৰোগীৰ সাহাৰ্যৰ বাবে ৪৩২১.৬ লাখ টকা [প্ৰায় ৪৩ কোটি ২১ লাখ] মুকলি কৰি দিছে৷ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত তথ্য ৰাজহুৱা কৰি কৈছে যে ৰাজ্যৰ ৩৪খন জিলাৰ কণ্টেইনমেণ্ট জন, হোম আইচলেশ্বনত থকা ৰোগী তথা অন্যান্য ক’ভিড সম্পৰ্কীয় ৰোগীৰ সাহায্যৰ বাবে এই ধনৰাশি মুকলি কৰি দিয়া হৈছে৷ তদুপৰি বিত্ত বিভাগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবেও ১৬৭ কোটি টকা মুকলি কৰি দিছে৷ একেদৰে উচ্ছতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক স্কুটি প্ৰদানৰ বাবে ৯০২০.৯৩ লাখ টকাৰো [৯০ কোটি] অনুমোদন জনাইছে বিত্ত বিভাগে৷ উল্লেখ্য, ৰাজ্যৰ জটিল ক’ভিড পৰিস্থিতিত ‘পলিঅ’ সৰু আইৰ দৰে ৰাইজক সাৰ্বজনীন বিনামূলীয়া ভেক্‌চিন প্ৰদানৰ দৰে বিষয়ক অগ্ৰাধিকাৰ নিদি বিত্ত বিভাগে ছাত্ৰীক স্কুটি প্ৰদানৰ বাবে ধন মুকলিতহে অগ্ৰাধিকাৰ দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ একেদৰে নব্য প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ দৰমহা মুকলি কৰি নিদিয়া, মাইক্ৰফাইনেন্সৰ ঋণ মকুবৰ প্ৰতিশ্ৰুতিক লৈ পাভলুটি মৰা, অৰুন্ধতি আঁচনিৰ ধন বৃদ্ধি নকৰা, দীনদয়াল দিব্যাংগ পেঞ্চন মুকলি কৰি নিদিয়া, অৰুন্ধতি স্বৰ্ণ আঁচনিৰ টকা মুকলি কৰি নিদিয়া আদি প্ৰসংগতো বিত্তমন্ত্ৰী অজন্তা নেওগক তেওঁৰ প্ৰথমটো টুইটতে বিভিন্নজনে চোকা সমালোচনা কৰিছে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ্য কৰিছে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই ধনৰাশি মুকলি কৰি দিয়া বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে লগতে উল্লেখ কৰিছে৷ উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰো দায়িত্বত থকা বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সমাজ বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে৷ বিভাগীয় বিষয়াসকলৰ সৈতে তেওঁ এক বৈঠকত মিলিত হৈ শিশু, মহিলা আৰু দিব্যাংগসকলৰ বাবে গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহৰ ক্ষীপ্ৰ ৰূপায়ণৰ গুৰুত্ব দিয়ে৷ বিভাগীয় বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয়– “বিভাগে কেৱল বাজেটৰ ধন খৰচ কৰিলেই নহ’ব, ৰাইজে ফলাফল পাব লাগিব৷”