Logo
image

দুদিনৰ ভেক্‌চিনহে মজুত আছে অসমত

আমাৰ অসম, ২০ মেঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণে নাগৰিকক যিমানেই আতংকিত কৰিছে, তাতকৈ অধিক আতংকৰ কাৰণ হৈছে ভেক্‌চিনৰ নাটনি৷ ক’ভিড অতিমাৰীৰ পৰা প্ৰাণ ৰক্ষা পোৱাৰ ক্ষেত্ৰত এতিয়া যেন ভেক্‌চিনকে ৰক্ষাকবচ হিচাপে চিহ্নিত কৰিছে৷ কিয়নো ৰাজ্যত শেহতীয়াকৈ ক’ভিডত মৃত্যুৰ হাৰ অস্বাভাৱিক বৃদ্ধি পোৱাত নাগৰিকসকল শংকিত হৈ পৰিছে৷ ইয়াৰ মাজতে স্বাস্থ্য বিভাগে পৰ্যাপ্ত ভেক্‌চিন যোগান ধৰিব নোৱৰাত ভেক্‌চিনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নাগৰিকসকলে৷ ভেক্‌চিনৰ নাটনিৰ বাবেই স্বাস্থ্য বিভাগে দৈনিক টিকাকৰণৰ হাৰ কমাই দিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ CoWIN' পৰ্টেলত ভেক্‌চিন লোৱাৰ বাবে শ্লট বুকিং কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে যুৱক-যুৱতীৰ পৰা বৃদ্ধ-বৃদ্ধাসকলেও৷ দিনৰ পাছত দিন শ্লট বুকিং কৰাৰ বাবে চেষ্টা কৰিও সফল হ’ব পৰা নাই নাগৰিকসকল৷ দুই-এজন সৌভাগ্যৱান ব্যক্তিয়েহে শ্লট বুকিং কৰি ভেক্‌চিন ল’বলৈ সক্ষম হৈছে৷ ইপিনে স্বাস্থ্য বিভাগৰ তথ্যত স্পষ্ট হৈ পৰিছে যে অসমত আৰু দুদিনৰ বাবেহে মজুত আছে ভেক্‌চিন৷ পূৰ্বৰ দৰে দৈনিক ১ লাখকৈ লোকক ভেক্‌চিন দিবলৈ হ’লে ৪৫ বছৰ ঊধবৰ্ৰ ব্যক্তিক সৰ্বাধিক দুদিন আৰু ১৮ বছৰ ঊধবৰ্ৰ লোকক মাত্ৰ এদিনৰ বাবেহে ভেক্‌চিনে জোৰা মাৰিব পাৰিব৷ বিভাগীয় কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য মতে, হাস্পতালৰ হিমগৃহত ৪৫ বছৰ ঊধবৰ্ৰ ব্যক্তিৰ বাবে বৰ্তমান মজুত আছে প্ৰায় ২.৫ লাখ ড’জ ভেক্‌চিন৷ আনহাতে ১৮ বছৰ ঊধবৰ্ৰ লোকৰ বাবে মজুত আছে প্ৰায় ১ লাখ ড’জ ভেক্‌চিন৷ স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰে কম কমকৈ ভেক্‌চিন অসমলৈ প্ৰেৰণ কৰাত যিকোনো মুহূৰ্ততে ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া বন্ধ হৈ পৰাৰো আশংকা কৰা হৈছে৷ এনে পৰিপ্ৰেক্ষিততে স্বাস্থ্য বিভাগে নাগৰিকসকল অধিক আতংকিত হৈ পৰাৰ আশংকাত দৈনিক কম কমকৈ হ’লেও ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰাখি ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা চলাইছে, যাতে ভেক্‌চিন নাই বুলি কোনো লোক শংকিত নহয়৷ ফলত এটা সময়ত দৈনিক ৰ লাখতকৈ অধিক লোকক ভেক্‌চিন দিয়া অসমত এতিয়া দৈনিক ৫০-৬০ হাজাৰলৈ টিকাকৰণ নামি আহিছে৷

প্ৰতিবন্ধীৰ বাবে ভেকচিনৰ সু-ব্যৱস্থা কৰাৰ আহ্বান

ৰাজ্যৰ নতুনকৈ শাসনভাৰ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে চৰকাৰ খনে আগন্তুক দিনত প্ৰতিবন্ধীৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে৷ সংগঠনটোৱে প্ৰতিবন্ধীৰ বাবে অনাদায় হৈ থকা পেঞ্চনৰ ধন মুকলি কৰি দিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰৰ তৰফৰ পৰা মাহেকত এহাজাৰ টকাকৈ প্ৰদান কৰে যদিও বিগত জানুৱাৰী মাহৰ পৰা এই ধনৰাশি প্ৰদান নকৰাত অসুবিধাৰ সম্মুখীন হৈছে প্ৰতিবন্ধীসকল৷ পৰিতাপৰ বিষয় প্ৰতিমাহে এই ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে যদিও সেয়া লেহেমীয়া হোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ সংস্থাই বিগত ২৮ এপ্ৰিলত উজানবজাৰস্থিত সঞ্চালকালয়ৰ কাৰ্যলয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰৰ ধনৰাশি মোকলাই দিছে যদিও আজিপৰ্যন্ত বিগত জানুৱাৰীৰ পৰা এই ধনৰাশি মোকলাই দিয়া নাই৷ সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে যিহেতু বিভাগটোত নতুনকৈ মন্ত্ৰী অজন্তা নেওগে দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু অসম আৰু অসমীয়াক ভালপোৱা গতিশীল ব্যক্তিয়ে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব লৈছে, গতিকে তেখেতসকলৰ ওপৰত বিশ্বাস ৰাখি আজি প্ৰতিবন্ধীৰ সমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ স্মাৰকপত্ৰত উল্লেখ কৰা ধৰণে অনাদায় হৈ থকা পেঞ্চনৰ ধনৰাশি আৰু ২০২০ বৰ্ষতে হিতাধিকাৰী নিৰ্বাচিত কৰি থোৱা প্ৰায় ২০হাজাৰ নতুন হিতাধিকাৰীক ৩১ মে’ৰ ভিতৰত আদায় দিবলৈ আহ্বান জনালোঁ৷ আনহাতে, সংগঠনটোৱে প্ৰতিবন্ধীসকলে যাতে ক’ভিড মহামাৰীৰ লগত মোকাবিলা কৰিব পাৰে তাৰবাবে বিশেষ এক প্ৰক্ৰিয়াৰ যোগেদি ১৮বছৰৰ ওপৰৰ সকলো প্ৰতিবন্ধী ব্যক্তিকে সুচলভাৱে ভেক্‌চিন প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ অন্য এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে৷