Logo
image

সংক্ৰমণৰ জোৱাৰ ভেক্‌চিনৰ ভাটা

আমাৰ অসম, ২১ মেঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ জোৱাৰ উঠাৰ বিপৰীতে এতিয়া ভেকচিনৰ ভাটা চলিছে৷ ৰাজ্যত এতিয়া প্ৰতিদিনে ৬ হাজাৰতকৈ অধিক লোক  কৰ’নাত আক্ৰান্ত হৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্যত দৈনিক ৮০-৯০ জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ এই মুহূৰ্তত ৰাজ্যবাসী ক’ভিডৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হিচাপে ভেকচিনকে চিহ্নিত কৰিছে৷ কিন্তু সৰ্বসাধাৰণ নাগৰিকে ভেকচিনৰ অভাৱ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে৷ ভেকচিনৰ নাটনিৰ কথা অৱশেষত স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২-৩ মাহৰ ভিতৰত ৰাজ্যত ভেকচিন অভাৱ দূৰ হ’ব বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ বাবে ৰাইজৰ পৰা মুক্তহস্তে দান-বৰঙণিৰ আহ্বান জনাইছে৷ বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘ৰাজ্যৰ ক’ভিড পৰিস্থিতি বহুত উন্নত হৈছে বুলি দাবী নকৰো যদিও বিগত তিনিদিনৰ ছবিখনে কৰ’বাত যেন আশাৰ কিৰণ দেখুৱাইছে৷ তাৰ লগে লগে ব্লেক-ফাংগাছৰ  প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে৷ পজিটিভিৰ হাৰ ৬.৮ শতাংশ বা ৬.৮ শতাংশলৈ নামি আহিছে৷ প্ৰতিদিনে এক লাখ লোকক টেষ্ট কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ কণ্টেইনমেণ্ট পলিচি মানুহক কষ্ট নিদিয়াকৈ বলবৎ কৰাৰ চেষ্টা চলাইছো৷ ৰাতিৰ ভাগত চিকিৎসা ভাল কৰাৰ বাবে চেষ্টা অব্যাহত আছে৷ ক’ভিডৰ প্ৰথম, দ্বিতীয় বা তৃতীয় যি ঢৌৱে নহওঁক লাগে সংক্ৰমণৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হৈছে ভেকচিন৷ সমগ্ৰ ৰাষ্ট্ৰতে এতিয়া ভেকচিনৰ নাটনিয়ে দেখা দিছে৷ ১২০ কোটি জনসাধাৰণক এটা দিনতে ভেকচিন দিয়া কাৰ্য সম্ভৱ নহয়৷ ভাৰত চৰকাৰে  অসমক যিমান পাৰে সহায় কৰিছে৷ বৰ্তমানলৈ অসমত প্ৰায় ৩৫লাখ লোকক ভেকচিন দিবলৈ সক্ষম হৈছো৷ অসমত দৈনিক এক লাখকৈ লোকক টিকাকৰণ কৰিব পৰা আন্তঃগাঁথনি আছে যদিও এতিয়া দৈনিক ৫০হাজাৰৰ আশে-পাশেহে ভেকচিন দিবলৈ সক্ষম হৈছো৷ কিয়নো আমাৰ এতিয়া ভেকচিনৰ অভাৱ৷  ২-৩ মাহৰ ভিতৰত ক’ভিডৰ ভেকচিনৰ নাটনি দূৰ হ’ব৷ দেশত পৰ্যাপ্ত ভেকচিন উপলব্ধ কৰাৰ পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ কিছুদিনৰ ভিতৰতে ক’ভিশ্বিল্ডৰ উপৰি কেইবাটাও ভেকচিন উপলব্ধ হ’ব৷ জুলাই বা আগষ্টত এনেকুৱা এটা দিন আহিব ভেকচিনৰ অভাৱ দূৰ হ’ব৷ কিন্তু পৰ্যাপ্ত ভেকচিন হ’লেও দুটা শ্ৰেণীত বিভক্ত কৰিয়েই ভেকচিন প্ৰদান কৰা হ’ব৷ এটা শ্ৰেণী ৪৫ বছৰ ঊধৰ্বৰ ব্যক্তি আৰু আনটো ১৮বছৰ ঊধৰ্বৰ আৰু ৪৫ বছৰ  অনুধৰ্বৰ ব্যক্তি৷ দুয়োটা শ্ৰেণী যোগ কৰিলে  অসমৰ ৰ কোটি লোক হ’ব ৪৫ বছৰ ঊধৰ্বৰ ব্যক্তি৷ তেওঁলোকৰ ভেকচিনৰ দায়িত্ব ল’ব ভাৰত চৰকাৰে৷ আনহাতে দ্বিতীয় শ্ৰেণী অৰ্থাৎ ১৮বছৰ ঊৰ্ধবৰ লোকৰ সংখ্যা হ’ব-১.২০ কোটি৷ এই শ্ৰেণীটোক ৰাজ্য চৰকাৰৰ  ধন ব্যয় কৰি ভেকচিন দিব৷ এই ১.২০ কোটি লোকক ভেকচিন দিবলৈ হ’লে চৰকাৰে ব্যয় কৰিব লাগিব ৬০০ কোটি টকাৰ পৰা ৮০০ কোটি টকাৰ ভিতৰত৷ যোৱা বছৰ ক’ভিডৰ সময়ত ১১৬কোটি টকা অসম আৰোগ্য নিধিত দান-বৰঙণিযোগে সংগ্ৰহ কৰিছিলো৷ ইয়াৰ সুদ মিলাই ১১৯কোটি টকা ৰাইজক উভতাই দিয়া হ’ব৷ এই ধনেৰে এতিয়া আমি ১৮বছৰ ঊধৰ্বৰ ব্যক্তিৰ বাবে ভেকচিন কিনি আছো৷ কিন্তু জুলাই-আগষ্ট মাহত আমাৰ ভেকচিন বাঢ়িব আৰু পইচা কমিব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আৰোগ্য নিধিৰ সমস্ত ধন ভেকচিনৰ নামত খৰচ কৰাৰ সিদ্ধান্ত লৈছো৷ আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকা আৰোগ্য নিধিলৈ হস্তান্তৰ কৰিছো৷ ইয়াৰ মাজতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ১৫ কোটি টকা দিলে৷ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এদিনৰ দৰমহাৰ ধন ভেকচিনৰ বাবে চৰকাৰক দিব৷ অসম কলেজ শিক্ষক সন্থাই এদিনৰ দৰমহা, গুৱাহাটী বিশ্ববিদ্যালয়ে ১৫ লাখ টকা, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ দৰমহাৰ ৫০লাখ টকা দিছে৷ ক’ভিডৰ নামত যি দান-বৰঙণি আহিব, সকলো ভেকচিনৰ বাবে খৰচ কৰা হ’ব৷ কোনোবাই প্ৰশ্ন কৰিব চৰকাৰৰ হাতত ধন নাই নেকি? চৰকাৰৰ হাতত ধন আহিবলৈ হ’লে টেক্স বৃদ্ধি কৰিব লাগিব৷ পেট্ৰ’ল বা আন আন সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰিব লাগিব৷ সেয়েহে আমি জন্মদিনত এজন ব্যক্তিক ভেকচিন দিয়াৰ বাবে বৰঙণি দিব পাৰো নেকি৷ কিয়নো এটা ভেকটিন দিয়া মানে এজনৰ জীৱন ৰক্ষা কৰা৷ ভেকচিন দিয়া ব্যৱস্থাটো জন আন্দোলনমুখী কৰাৰ বাবে ৰাইজক আহ্বান জনাইছো৷ আপোনালোকে মুকলি মনেৰে এজন-দুজনৰ ভেকচিনৰ বাবেও বৰঙণি দিব পাৰে৷ এয়া বিত্তীয় নাটনি নহয়, এজনে  আন এজনৰ জীৱন দান দিয়াৰহে আনন্দ৷ সেই আনন্দৰ পৰা বঞ্চিত হ’ব বিচৰা নাই৷ ৰিলায়েন্সৰ ৪৫ টা তেল ডিপো আছে, তেওঁলোকে প্ৰতিদিনে ৫০লিটাৰকৈ পেট্ৰ’ল ক’ভিডৰ কৰ্তব্যত নিয়োজিত বাহনসমূহক প্ৰদান কৰিব৷