Logo
image

ডিজিপি সৰ্বময়কৰ্তা, আৰক্ষীৰ বদলি-পোষ্টিঙৰ সম্পূৰ্ণ দায়িত্ব

আমাৰ অসম, ২১ মেঃ আগন্তুক পাঁচ বছৰত অসম আৰক্ষীৰ চেহেৰা সলনিৰ সংকল্প লৈছে ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই সংকল্পক কাৰ্যকৰী ৰূপ দিয়াৰ উদ্দেশ্যেৰে বুধবাৰে বিয়লি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ উল্লেখ্য যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হোৱা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছে ড॰ শৰ্মা৷ আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ পৰা আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়লৈকে শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশ কৰিলে অসম আৰক্ষীক লৈ তেওঁ ৰচনা সপোন, পৰিকল্পনা আৰু তেওঁ চাব বিচৰা অসম আৰক্ষীৰ চেহেৰাৰ কথা৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়–‘২০ বছৰে অসম আৰক্ষী দেখি আহিছো৷ আৰক্ষীৰ চব কথা মই জানো৷ ভিতৰচৰাত কি চলিছে সেয়াও মই জানো৷ কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়ালৈ সকলোৰে পৰা মই তথ্য লৈছো৷ বিগত ২০ বছৰে মোৰ কোনো কতৃৰ্ত্ব নাছিল৷ আজি মোৰ হাতলৈ কতৃৰ্ত্ব আহিছে৷ ইয়াৰ বাবে মই ইমানদিনে অপেক্ষা কৰি আছিলো৷ ইমান দিনে আৰক্ষী যিয়ে যেনেকৈ মন যায় তেনেকৈ চলাইছিল৷  কেতিয়াবা দিছপুৰৰ একোজন আমোলাই সম্পূৰ্ণ আৰক্ষী বিভাগটো চলাই নিয়ে৷ কিন্তু এতিয়াৰ পৰা সেইবোৰ নচলিব৷ অসম আৰক্ষী এতিয়াৰে পৰা সম্পূৰ্ণ ৰূপে ডিজিপিৰ নিৰ্দেশত চলিব৷ কোন জিলাত কাক পোষ্টিং দিয়া হ’ব সেই সিদ্ধান্তও ডিজিপিৰ বাহিৰে আন কোনেও ল’ব নোৱাৰিব৷ ডিজিপিৰো দিছপুৰলৈ যোৱাৰ প্ৰয়োজন নাই৷ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ সৈতে আলোচনা কৰি ডিজিপিয়ে আৰক্ষী বিভাগ চলাব৷ ৰাজ্যত চলি থকা সকলো ছিণ্ডিকেট বন্ধ হ’ব লাগিব৷ ইয়াৰ বাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ ফলাফল পাবলৈ কিছুদিন লাগিব৷ অসম আৰক্ষীৰ চেহেৰা সলনি কৰাৰ বাবে মই আগ্ৰহী৷ অহা ৫ বছৰত আৰক্ষীৰ বৰ্তমানৰ চেহেৰা সলনি হ’ব৷ আৰক্ষীত মৌলিত পৰিৱৰ্তন হ’ব৷ আৰক্ষীৰ বদলি, নিযুক্তিত নাথাকিব কোনো ৰাজনৈতিক হস্তক্ষেপ৷ আৰক্ষী সঞ্চালকপ্ৰধান হ’ব অসম আৰক্ষীৰ সৰ্বময়কৰ্তা৷ আৰক্ষীৰ সকলো বদলি মেধা আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি হ’ব এতিয়াৰে পৰা৷ আৰক্ষী বিভাগত এতিয়াৰ পৰা কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ নচলিব৷’ উল্লেখ্য যে প্ৰথমবাৰলৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ইতিহাস গঢ়ি আৰক্ষী বিষয়াসকলক দিয়া প্ৰতিটো নিৰ্দেশ কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু গৃহ তথা ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাক নিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷