Logo
image

হিমন্তবিশ্বৰ ইনিংছ আৰম্ভ, নামিল অখিলো

আমাৰ অসম, ২২ মেঃ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে ইনিংছ আৰম্ভ কৰিলে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সমান্তৰালভাৱে ৰাজপথ তথা জন আন্দোলনৰ নেতাৰ পৰা সংসদীয় ৰাজনীতিৰ নেতা হিচাপেও ফিল্ডত নামিল কৃষক নেতা অখিল গগৈ৷ শুকুৰবাৰে পুৱা ৯-৩০ বজাত পঞ্চদশ অসম বিধানসভাৰ প্ৰথম গৰাকী নিৰ্বাচিত বিধায়ক তথা ২০২১ৰ বিধানসভা নিৰ্বাচনৰ জনাদেশপ্ৰাপ্ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুৰব্বী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে৷ ইয়াৰ লগে লগে ৰাজ্যৰ ইতিহাসত খোদিত  হয় এক নতুন অধ্যায়ৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চদশ অসম বিধানসভাৰ নেতা তথা বিধায়ক হিচাপে শপত লোৱাৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, অগপ সভাপতি অতুল বৰা, ইউ পি পিএলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্ম, পৰিমল শুক্ল বৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, সঞ্জয় কিষাণ, যোগেন মহন, অজন্তা নেওগ, অশোক সিংঘাল, পীয়ুষ হাজৰিকা, বিমল বৰা আদিয়ে একাদিক্ৰমে ট্ৰেজাৰী ব্ৰাঞ্চৰ হৈ  শপত গ্ৰহণ কৰে৷ ইয়াৰ পাছতে কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহ, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিজেপিৰ  অতুল বৰা, বিজেপিৰ পদ্ম হাজৰিকা, অগপৰ প্ৰদীপ হাজৰিকা, কংগ্ৰেছৰ ৰকিবুল হুছেইন, বিজেপিৰ বিদ্যা সিং ইংলেং, বিজেপিৰ বলীন চেতিয়া, এআইইউডিএফৰ হাফিজ বছিৰ আহমেদ কাছিমী আদিয়ে অসম বিধানসভাৰ বিধায়ক হিচাপে পৰ্যায়ক্ৰমে শপতগ্ৰহণ কৰে৷ শপতগ্ৰহণ অনুষ্ঠানত পূৰ্বৰ অসম বিধানসভাৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠতাৰ ভিত্তিত বিধায়কসকলক শপতগ্ৰহণৰ বাবে আমন্ত্ৰণ নকৰা বুলিও অভিযোগ উঠে৷ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে এই অভিযোগ তোলে৷ একেদৰে বিধায়কসকলৰ নাম সম্বোধন কৰোতে অসম বিধানসভাৰ সচিবে ‘সন্মানীয় বিধায়ক’ শব্দটো উচ্ছাৰণ নকৰা বুলিও কংগ্ৰেছৰ আন এজন বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সদনত অভিযোগ কৰে৷ দুয়োগৰাকীৰ বিধায়কৰ অভিযোগক গুৰুত্বসহকাৰে লৈ প্ৰ’টেম অধ্যক্ষ ফণী ভুষণ চৌধুৰীয়ে কয় যে অসম বিধানসভাত তেওঁ এতিয়ালৈকে আঠবাৰ শপতগ্ৰহণ কৰিছে৷ কিন্তু এইবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত কেতবোৰ বিসংগতি হৈছে  বুলিও তেওঁ স্বীকাৰ কৰে৷ উল্লেখ্য, আজি অসম বিধানসভাৰ শপতগ্ৰহণ অনুষ্ঠানত গৰিষ্ঠসংখ্যক বিধায়কে অসমীয়াতে শপত লোৱাৰ বিপৰীতে ৯জন বিধায়কে সংস্কৃতত শপত লয়৷ আন বহু কেইজন বিধায়কে ক্ৰমে বঙালী, বড়ো, নেপালী আৰু ইংৰাজী ভাষাত শপত লয়৷ বিজেপিৰ লগতে এআইইউডিএফ দলৰ এজন বিধায়কে সংস্কৃত ভাষাত শপত গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ উল্লেখ্য যে, প্ৰায়বোৰ নিৰ্বাচিত বিধায়কে আল্লা বা ঈশ্বৰৰ নাম লৈ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে৷ কিন্তু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগতে  সৰভোগৰ চিপিআইএমৰ নিৰ্বাচিত বিধায়ক মনোৰঞ্জন তালুকদাৰে ঈশ্বৰ বা আল্লাৰ নামত শপত গ্ৰহণ নকৰি নিষ্ঠাসহকাৰে সংবিধানৰ নামত শপত গ্ৰহণ কৰা বুলিহে উল্লেখ কৰে৷ অসম বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচীতে সকলোৰে সন্মতি সাপেক্ষে বিশ্বজিৎ দৈমাৰী পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়৷ এক সৌহাৰ্দপূৰ্ণ পৰিৱেশত শাসক-বিৰোধী দুয়োপক্ষই কান্ধত কান্ধ মিলাই অসমৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত  অহা পাঁচ বছৰ আগবাঢ়ি যোৱাৰ সংকল্প ব্যক্ত কৰে৷ শপত ল’বলৈ অসমৰ বিধানসভালৈ জাতীয় পোছাক পিন্ধি তথা গামোচা-আৰনাই লৈও আহে কেইবাজনো বিধায়ক৷ স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ডিঙিত দেখা গ’ল বড়ো আৰনাই৷  একেদৰে বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক ড॰ অমিয় ভূঁঞাক দেখা গ’ল চুৰিয়া-পাঞ্জাৱী পিন্ধা জাতীয় পোছাকত৷ অৱশ্যে ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো নতুন মন্ত্ৰীয়ে সদনত মাস্ক নিপিন্ধাকৈ শপত লোৱা কাৰ্যই বিতৰ্কৰো সৃষ্টি কৰে৷ নতুন মুখ্যমন্ত্ৰীক ন’ মাস্কত দেখাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা গ’ল ফুল মাস্কত৷ কৃষক নেতা অখিল গগৈক আকৌ দেখা গ’ল হাফ মাস্কত৷ আজি অসম বিধান সভাৰ  শপতগ্ৰহণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস, অতুল বৰা আদিয়ে ন’ মাস্কেৰে বিধায়ক হিচাপে শপত ল’লে৷ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচনৰ পাছতে সদনত ধন্যবাদসূচক বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে সদনত তেওঁৰ অধীনত সকলো বিভাগৰ উত্তৰ তেওঁ নিজেই আগবঢ়াব৷ সদনত অধিক সময় দিব বুলিও তেওঁ সদৰি কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে সদনত  বাল্যতাসুলভ কথা-বতৰাৰ পৰিৱৰ্তে পৰিপক্ক আলোচনা হোৱাটো তেওঁ বিচাৰে৷ যুক্তিনিষ্ঠ আৰু অসমৰ ৰাইজৰ স্বাৰ্থৰ লগত জড়িত সকলো বিতৰ্ককে তেওঁ আদৰণি জনাবলৈ সাজু বুলিও ঘোষণা কৰে৷ বিৰোধীৰ পৰা মুখ্যমন্ত্ৰীয়ে গঠনমূলক সহযোগিতা কামনা কৰে৷ ইয়াৰ বিপৰীতে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে শপতগ্ৰহণ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে–সদনৰ আলোচনাত তেওঁ ইতিবাচক দৃষ্টিভংগীৰে অংশগ্ৰহণ কৰিব বিচাৰে৷ এগৰাকী ভূমিপুত্ৰ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা বুলিও তেওঁ বিশ্বজিৎ দৈমাৰীক প্ৰশংসা কৰে৷ সদনৰ বাকী কেইদিনৰ কাৰ্যসূচীত  অংশগ্ৰহণৰ বাবে অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপ কামনা কৰে৷ অখিল গগৈ সদনৰ বাকী কেইদিনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ দিবলৈ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত চন্দ্ৰ নৰহেও দাবী উত্থাপন কৰে৷ তেওঁ কয় যে এইবাৰ তেওঁৰ নিৰ্বাচনী যুঁজখনত মূল প্ৰতিদ্বন্দ্বী অখিল গগৈ দলৰ মানুহ আছিল৷ অখিল গগৈ তেওঁৰ বন্ধু নহয়৷ কিন্তু এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক বিধানসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ন্যায়িক ব্যৱস্থাই কোনো কাৰণতে বাধা দিব নোৱাৰে বুলিও নৰহে যুক্তি প্ৰদৰ্শন কৰে আৰু এইক্ষেত্ৰত তেওঁ অধ্যক্ষৰ হস্তক্ষেপ কামনা কৰে৷

অসমীয়া পৰম্পৰাগত সাজ পিন্ধি বিধানসভাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা

তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ অধিৱেশন৷ অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকল উপস্থিত হয় অসম বিধানসভাৰ মজিয়াত৷ তাৰ মাজতে এক ব্যতিক্ৰমী পৰিৱেশেৰে অসম বিধানসভাত উপস্থিত হ’লগৈ ১০০ নং তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা৷ অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰসুৰী হিচাপে পৰিগণিত তথা জীৱনত পোন প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই পৰম্পৰাগত অসমীয়া ধুতি , পাঞ্জাৱী পিন্ধাৰ লগতে ডিঙিত অসমীয়া ফুলাম গামোচা ,জনজাতীয় গামোচা পৰিধান কৰি বিধানসভাৰ মজিয়াত উপস্থিত হৈ অধিৱেশনত অংশগ্ৰহণ কৰি শপতগ্ৰহণ কৰে৷ ইপিনে তিতাবৰৰ এইজন ব্যতিক্ৰমী বিধায়ক তৎমুহূৰ্ততে দিছপুৰত হৈ পৰিল বিভিন্ন সংবাদ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ তেওঁৰ গাত পৰম্পৰাগত সাজ দেখি সাংবাদিকসকলে তেওঁৰ মনৰ ভাব জানিবলৈ বিচাৰিলে৷ বহুকেইটা বৈদ্যুতিন মাধ্যমে আকৌ ইয়াক লাইভ টেলিকাষ্ট কৰিলে৷ মুঠতে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ এটাই মত অসমীয়া জাতিৰ পৰম্পৰাগত সাজ বহু আদৰৰ , এই সাজ পিন্ধিলে মনটো অধিক শুদ্ধ যেন অনুভৱ হয়৷ গতিকে সমষ্টিবাসীয়ে সমষ্টি উন্নয়নৰ যিসমূহ আশা মোৰ ওপৰত ন্যস্ত কৰি মোক বিধানসভালৈ পঠাইছে সেইসমূহ আশাৰ ১০০শতাংশই যাতে মই পূৰণ কৰিব পাৰোঁ সেই উদ্দেশ্যেৰেই মই অসমীয়া পৰম্পৰাগত সাজ আৰু জনজাতীয় গামোচা লৈ মই অসম বিধানসভালৈ আহিছোঁ বুলি বিধায়কজনে মনৰ ভাব সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ ইপিনে এই খবৰকলৈ তিতাবৰ সমষ্টিৰ অনুৰাগীসকলৰ মাজতো ব্যাপক আনন্দৰ বন্যা বোৱা বুলি জানিব পৰা গৈছে৷