Logo
image

চিৰাজুদ্দিন ডুবাইত, নাহিল শপত ল’বলৈ

আমাৰ অসম, ২২ মেঃ শপত গ্ৰহণৰ দিনাখনো বিধানসভাত উপস্থিত নাথাকিল যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমল৷ দলৰ অধিকাংশ নেতা-কৰ্মীয়ে নাজানে যে বিধায়ক আজমল বৰ্তমান ক’ত আছে আৰু তেওঁ কেতিয়া বিধানসভাত শপত গ্ৰহণ কৰিব? কাৰ্যতঃ ভোট গ্ৰহণৰ পিছৰে পৰা সমষ্টিবাসীয়ে বিচাৰি পোৱা নাই নিজৰ বিধায়কজনক৷ ভোটৰ ফলাফল ঘোষণাৰ পিছত ছ’চিয়েল মিডিয়াযোগে সমষ্টিবাসীক উদ্দেশ্যি এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিয়ে নিজৰ দায়িত্ব সামৰে চিৰাজুদ্দিন আজমলে৷ ক’ভিড পৰিস্থিতি শাম কটাৰ পিছত সমষ্টিবাসীৰ ওচৰলৈ আহিব বুলি আশ্বাস দিয়ে নিজৰ ভিডিঅ’ বাৰ্তাটোত৷ ইয়াৰ পিছৰে পৰা সমষ্টিবাসীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাই আজমলৰ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব নোৱাৰাৰ পিছতে ডুবাই অভিমুখে ৰাওনা হয় যমুনামুখৰ বিধায়কজন৷ ডুবাইত আজমল পৰিয়ালৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য আছে৷ এই ব্যৱসায়ত ব্যস্ত হৈ পৰে বিধায়ক আজমল৷ যাৰ ফলত ক’ভিড কালত নিজৰ সমষ্টিৰ বিধায়কজনক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে অধিকাংশ ভোটাৰ৷ উল্লেখ্য যে, কেৱল চিৰাজুদ্দিন আজমলে নহয়, ইয়াৰ পূৰ্বে যমুনামুখক প্ৰতিনিধিত্ব কৰা সাংসদ বদৰুদ্দিন আজমলৰ পুত্ৰ তথা চিৰাজুদ্দিন আজমলৰ ভতিজা আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধেও সমষ্টিত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷ আব্দুৰ ৰহিম আজমলে সমষ্টিবাসীৰ পৰা আঁতৰি অধিকাংশ সময় ডুবাইত নিজৰ ব্যৱসায়ত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ নিৰ্বাচনৰ পূৰ্বে সমষ্টিলৈ অহাৰ পিছত তীব্ৰ প্ৰত্যাহ৩ানৰ সন্মুখীন হোৱাৰ ফলত এইবাৰ তেওঁৰ পৰিৱৰ্তে চিৰাজুদ্দিন আজমলক যমুনামুখ সমষ্টিৰ টিকট দিয়ে আজমল বাহিনীয়ে৷ পূৰ্বতেও চিৰাজুদ্দিন আজমল যমুনামুখ সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়তো সততে নিজৰ বিধায়কজনক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল সমষ্টিবাসী৷ নিজৰ ব্যৱসায়িক কামত বিধায়ক আজমল ইমানে ব্যস্ত যে আজি বিধানসভাত শপত গ্ৰহণ কৰিবলৈও তেওঁ আহৰি নাপালে৷ উপস্থিত নাথাকিলে শপত গ্ৰহণ অনুষ্ঠানত৷