Logo
image

‘পজিটিভ’ মাতৃৰ গৌৰৱ

আমাৰ অসম, ২২ মেঃ কাল কৰ’নাৰ বিভীষিকাৰ মাজতে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে কেইবাগৰাকী ক’ভিড ‘পজিটিভ’ মহিলাই৷ কৰ’নাৰ বিভীষিকাৰ মাজতে আলোকৰ ৰেঙনি দেখা পাইছে বহু প্ৰসূতিয়ে৷ নিজেই মহামাৰী ক’ভিডত আক্ৰান্ত হৈও নিৰাপদে সন্তান প্ৰসৱ কৰিছে বহু মাতৃয়ে৷ এফালে ক’ভিডক জয় কৰাৰ আনন্দ আৰু আনফালে মাতৃত্বৰ সুখৰ আনন্দ একাকাৰ হৈ পৰিছে এইসকল মহিলাৰ বাবে৷ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত এগৰাকী ক’ভিড পজিটিভ মহিলাই যমজ সন্তান প্ৰসৱ কৰে৷ আই ভি এফ পদ্ধতিৰে গৰ্ভধাৰণ কৰা মহিলাগৰাকী প্ৰসৱৰ পূৰ্বেই ক’ভিডত আক্ৰান্ত হৈছিল৷ কিন্তু অসম মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ নিৰলস প্ৰচেষ্টাত ‘পজিটিভ’ মাতৃগৰাকীয়ে শুকুৰবাৰে চিজাৰিয়ানৰ অস্ত্ৰোপচাৰৰ জৰিয়তে এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম দিয়ে৷ যমজ সন্তানদ্বয় ক’ভিড ‘নিগেটিভ’, আৰু বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকে জানিবলৈ দিছে৷ চিকিৎসকে প্ৰকাশ কৰা মতে, পুত্ৰ সন্তানটোৰ ওজন ২.৫ কিলোগ্ৰাম আৰু কন্যা সন্তানটিৰ ওজন ২.৩ কিলোগ্ৰাম৷ আনহাতে তেজপুৰ মেডিকেল কলেজ হাস্পতালতো শিৱাণী পাল নামৰ এগৰাকী ক’ভিড ‘পজিটিভ’ মাতৃয়ে আই চি ইউত চিকিৎসাধীন হোৱাৰ পাছতো চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাত বৃহস্পতিবাৰে ২.৬ কিলোগ্ৰাম ওজনৰ এটি কন্যা সন্তান জন্ম দিয়ে৷ উল্লেখ্য, অসম মেডিকেল কলেজ হাস্পতালত বিগত এপ্ৰিলৰ পৰা আজিৰ দিনটোলৈ মুঠ ৩৪গৰাকী ক’ভিড ‘পজিটিভ’ মাতৃয়ে সন্তান প্ৰসৱ কৰিছে৷ যোৰহাট মেডিকেল কলেজ হাস্পতালতো ক’ভিডৰ দ্বিতীয় ঢৌত ১৯গৰাকী ‘পজিটিভ’ মহিলাই সুকলমে সন্তান প্ৰসৱ কৰিছে৷ আনকি ভগামুখৰ এগৰাকী ক’ভিড ‘পজিটিভ’ গৰ্ভৱতীক ১০৮ এম্বুলেন্সত হাস্পতাললৈ আনি থকা অৱস্থাতে বাটতে সন্তান প্ৰসৱ কৰে৷ আনহাতে শিলচৰ মেডিকেল কলেজ হাস্পতালতো বিগত জানুৱাৰীৰ পৰা এতিয়ালৈ ক’ভিড ‘পজিটিভ’ ৫৬গৰাকী মহিলাই সুস্থ সন্তান প্ৰসৱৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে৷