Logo
image

ৰিতুল আহিল পৰেশ বৰুৱা আহিবনে

◾দীৰ্ঘ পথ পাৰ হৈ পুৱা দেশৰ মাটিত মুক্ত ৰিতুল

ৰিতুলক ঘূৰাই অনাত অসম পুলিচৰ কোনো ক্ৰেডিট নাইঃ ডিজিপি

আমাৰ অসম, ২৩ মেঃ এদিন দুদিনকৈ সুদীৰ্ঘ এমাহৰ মূৰত আলফা [স্বাধীন]-এ মুক্তি দিলে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক৷ আলফাৰ কেডাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লাংৱা অঞ্চলত শনিবাৰে পুৱা ৭.১০ বজাত ৰিতুল শইকীয়াক নিৰাপদে মুক্তি দিয়ে৷ ৰিতুলক মুক্তি দিয়াৰ লগে লগে তিতাবৰৰ বৰহোলাৰ বাসগৃহত আনন্দৰ ঢল বোৱাৰ লগতে তৈল কোম্পানী অ’ এন জি চিৰ কতৃৰ্পক্ষইও স্বস্তিৰ নিশ্বাস এৰিছে৷ বিগত ২১ এপ্ৰিলৰ নিশা অ’ এন জি চিৰ লাকুৱাস্থিত এটা তৈল খাদৰ পৰা আলফাৰ সশস্ত্ৰ কেডাৰে অপহৰণ কৰি নিছিল ৰিতুল শইকীয়াকে ধৰি তিনিজন কৰ্মচাৰীক৷ অপহৃত ৰিতুলক মুক্তিৰ দিয়াৰ বাবে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখলৈ চাই ৰিতুল শইকীয়াক মুক্তি দিবলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বিনম্ৰ অনুৰোধ জনাইছিল৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানক সঁহাৰি জনাই পৰেশ বৰুৱাই হিমন্ত বিশ্ব শৰ্মাক ৬০ দশকৰ পৰা বৰ্তমানলৈ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি ৩-৪ দিনৰ ভিতৰতে ৰিতুলক মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ ফোন কৰি দুদিন পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি শনিবাৰে পুৱা ৭.১০ বজাত অপহৃত ৰিতুল শইকীয়াক নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৰ লংৱাত মুক্তি দিয়ে৷ ৰিতুল শইকীয়াৰ মুক্তিৰ লগে লগে মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে পূৰ্বতে আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া পৰেশ বৰুৱাইও মূল সূঁতিলৈ ঘূৰি আহি অসম-ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানৰ বাবে শান্তি আলোচনাত চামিল হ’ব নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰিতুল শইকীয়াৰ মুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এজনে আনজনক প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গৈছে৷ অৱশ্যে বহুতে আকৌ এনে প্ৰশংসাৰ অন্তৰালত তোষামোদৰ ৰাজনীতি বুলিও অভিহিত কৰিব বিচৰা দেখা গৈছে৷ সি যি কি নহওক, অসমবাসীয়ে এতিয়া আলফাই কৰ’না মহামাৰী আৰু নতুন চৰকাৰৰ শান্তিৰ স্বাৰ্থত তিনিমাহৰ বাবে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতি চিৰস্থায়ী কৰি কেন্দ্ৰৰে শান্তি আলোচনাত চামিল হৈ ৰক্তক্ষয় সংঘাতৰ অৱসান ঘটাবলৈও আহ৩ান জনাইছে৷ অৱশ্যে, পৰেশ বৰুৱাই শান্তি আলোচনাত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে কিমান দূৰ আগবাঢ়িব আৰু শান্তি আলোচনাত অসমৰ ভূ-খণ্ডৰ সাৰ্বভৌমত্বৰ চৰ্তক পৰেশ বৰুৱাই কিদৰে উপস্থাপন কৰিব, সেয়া হ’ব লক্ষণীয়৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰিতুল শইকীয়াক মুক্তি দি পৰেশ বৰুৱাক শান্তি আলোচনাৰ প্ৰথমটো খোজ দিবলৈ জনোৱা আহ্বানক আলফাৰ সেনাধ্যক্ষজনে সঁহাৰি দিলে যদিও কেন্দ্ৰীয় চৰকাৰে আলফাৰ সৈতে ‘স্বাধীন অসম’ৰ প্ৰসংগত শান্তি আলোচনাৰ বাবে সদিচ্ছা দেখুৱাব নে নাই সেয়াও এই মুহূৰ্তত কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে৷ উল্লেখ্য, অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক তিনিদিন পূৰ্বেই অৰ্থাৎ বৃহস্পতিবাৰে নিশাই মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰে আলফাই৷ সেই অনুসৰি ম্যানমাৰৰ ছাগাইঙি উপত্যকাৰ আলফাৰ ভ্ৰাম্যমাণ শিবিৰৰ পৰা ৰিতুল শইকীয়াক লৈ নিৰাপত্তাৰ দায়িত্বত থকা আলফা-এনএছচিএনৰ কেডাৰৰ দলটোৱে নাগালেণ্ড অভিমুখে আগবাঢ়িছিল৷ কিন্তু শুকুৰবাৰে ধুমুহা, বৰষুণ আৰু পাহাৰৰ ভূমিস্খলনৰ প্ৰতিকূল বতৰে বিধি-পথালি দিয়াত আলফাৰ দলটোৱে শেষমুহূৰ্তত পথ সলনি কৰিবলৈ বাধ্য হয়৷ অৱশ্যে প্ৰায় তিনিদিন খোজ কঢ়াৰ পাছত শনিবাৰে পুৱা ৭.১০ বজাত ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ দুৰ্গম লংৱা অঞ্চলত উপস্থিত হয় অপহৃত ৰিতুল শইকীয়া৷ পূৰ্বতে আলফাৰ চৰ্ত মানি অসম আৰক্ষীয়ে প্ৰেৰণ কৰা তিনি বিশেষ ব্যক্তিয়ে প্ৰথমে উদ্ধাৰ কৰে ৰিতুলক৷ ইয়াৰ পাছতেই ৩৫ নং আছাম ৰাইফলছৰ জোৱানে নাগালেণ্ড আৰক্ষীৰ সহযোগত ৰিতুল শইকীয়াক চমজি লৈ মন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ আনে৷ এছ পি কাৰ্যালয়তে স্বাস্থ্য পৰীক্ষা কৰে ৰিতুল শইকীয়াৰ৷ সংবাদ মাধ্যমৰ আগত ৰিতুল শইকীয়াই বহুদূৰ খোজ কঢ়াৰ বাবে ভৰিত দুখ পোৱা বুলি জানিবলৈ দিয়াৰ লগতে আলফাৰ কেম্পত তেওঁক কোনো অত্যাচাৰ কৰা নাছিল বুলিও প্ৰকাশ কৰে৷ উক্ত স্থানৰ পৰা ৰিতুল শইকীয়াই মোবাইলত মাতৃ আৰু পত্নীৰ সৈতেও বাৰ্তালাপ কৰে৷  ৰিতুলে তেওঁক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণৰ কথা জানিব পাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ তদুপৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰাৰ কথা উল্লেখ কৰে ৰিতুল শইকীয়াই৷ বিশেষ উদ্দেশ্যতহে শইকীয়াক অপহৰণ কৰা বুলিও পৰেশ বৰুৱাই জানিবলৈ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৰিতুল শইকীয়াই৷ অৱশ্যে ২৫ এপ্ৰিলত নাগালেণ্ডত সেনাৰে হোৱা সংঘৰ্ষৰ কথা ব্যক্ত কৰি সেনাৰ ফালৰ পৰা গুলীচালনা কৰাত এটা দ’ খাৱৈত সোমাই প্ৰাণ ৰক্ষা কৰিছিল যদিও আলফাৰ দলটোৱে তেওঁক চোঁচৰাই লৈ যোৱাৰ কথাও ব্যক্ত কৰিছে শইকীয়াই৷ যাৰ বাবে ৰিতুল শইকীয়াই আন দুই অপহৃত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ পৰা ফালৰি কাটিব লগা হোৱা বুলিও সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছে৷ ইপিনে, মন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰিতুল শইকীয়াক নাগালেণ্ডৰ ডিজিপি কাৰ্যালয়লৈ লৈ যোৱা হয়৷ ডিজিপি কাৰ্যালয়ত নাগালেণ্ড আৰক্ষীৰ এডিজিপি পৰ্যায়ৰ শীৰ্ষ বিষয়াৰ লগতে আছাম ৰাইফলছৰ শীৰ্ষ বিষয়াই সোধা-পোছা কৰি ৰিতুলক অসম আৰক্ষীৰ হাতত চমজাই দিয়ে৷ পৰৱৰ্তী সময়ত ৰিতুল শইকীয়াক নাগালেণ্ডৰ পৰা পোনে পোনে সোণাৰি থানালৈ লৈ আনে৷ সোণাৰী থানাত পূৰ্বৰে পৰা অপেক্ষা কৰি থকা ৰিতুলৰ মাতৃ মঞ্জু শইকীয়া আৰু পত্নী পম্পী ওৰফে শতাব্দী শইকীয়াই সাক্ষাৎ কৰে৷ চাৰিমহীয়া সন্তানক লৈ পত্নীয়ে স্বামীক এমাহৰ মূৰত লগ পোৱা দৃশ্যটোৱে সকলোকে  আৱেগিক কৰি তোলে৷ আনকি পুত্ৰৰ বাবে মাতৃয়ে তিতাবৰৰ ঘৰৰ পৰা টিফিনত ভাত লৈ যোৱাও দেখা গৈছিল৷ সোণাৰী থানাতে অ’ এন জি চিৰ শীৰ্ষ বিষয়া আৰু ৰিতুলে সংবাদ মাধ্যমকো সম্বোধন কৰে৷ ইয়াৰ পাছতেই ৰিতুল শইকীয়াক যোৰহাট আৰক্ষীয়ে তিতাবৰৰ বৰহোলাৰ ঘৰলৈ লৈ আনে৷ লক্ষণীয়ভাৱে আলফা স্বাধীনে তিনিমাহৰ বাবে একপক্ষীয় অস্ত্ৰবিৰতি ঘোষণা কৰা কাৰ্যক অসম বিধানসভা মজিয়াত আদৰণি জনাই ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ ৰাজ্যপালে আলফাৰ অস্ত্ৰবিৰতি ইতিবাচক দিশ বুলি অভিহিত কৰে৷ আলফাই ৰিতুল শইকীয়াক মুক্তি দিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে৷ ৰিতুল শইকীয়াক মুক্তি দিয়াৰ বাবে পৰেশ বৰুৱাক সংবাদ মাধ্যমৰ যোগে মুখ্যমন্ত্ৰীয়ে বিনম্ৰ অনুৰোধ জনাইছিল যদিও অপহৃতজনক মুক্তি দিয়াৰ পাছতেই মুখ্যমন্ত্ৰী শৰ্মাই ছ’চিয়েল মিডিয়াযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মাৰ্গদৰ্শনক কৃতজ্ঞতা জনায়৷ টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে– আজি পুৱাই আলফাৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিক হৃদয়েৰে আদৰণি জনাইছো৷ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনৰ বাবে তেওঁৰ ওচৰত আমি কৃতজ্ঞ৷ আশা কৰোঁ সকলোৰে সহযোগিতাৰে ৰাজ্যত শান্তি আৰু উন্নয়নৰ এক নৱযুগৰ সূচনা হ’ব৷ ‘অৱশেষত আলফা [স্বাধীন] এ অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুক্তি দিলেও অপহৃত ৰিতুল শইকীয়াৰ মুক্তিত অসম আৰক্ষীৰ কোনো ‘ক্ৰেডিট’ নাই৷ এই কথা অসহায়ভাৱে স্বীকাৰ কৰিছে অসম আৰক্ষীৰ সৰ্বোচ্ছ মুৰব্বীজনে৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰিতুল শইকীয়াৰ মুক্তিৰ পাছতেই শনিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতিত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ বাবেহে ৰিতুল শইকীয়াৰ মুক্তি সম্ভৱ হ’ল বুলি প্ৰকাশ কৰিছে৷ সংবাদ মাধ্যমৰ আগত নতুন মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়–‘ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্ৰত অসম পুলিচৰ কোনো ‘ক্ৰেডিট’ নাই৷ মুখ্যমন্ত্ৰীৰ বিচক্ষণ আৰু অন্তৰৰ আহ৩ানৰ ‘ক্ৰেডিট’ আছে ৰিতুল শইকীয়াৰ মুক্তিত৷ অসম আৰক্ষীক কোৱা হৈছিল ৰিতুল শইকীয়াক ঘৰলৈ অনাৰ বাবে তিনিজন বিশেষ মানুহক নিৰাপত্তা দি পঠাব লাগে আৰু ৰিতুল শইকীয়াকো নিৰাপত্তা দি তেওঁলোকে থৈ যাব৷ ৰিতুল শইকীয়াৰ মুক্তিৰ পথত যাতে কোনো বাধা-বিঘিনি নহয়, তাৰ বাবে নাগালেণ্ড আৰু আছাম ৰাইফলছৰ লগত যোগাযোগ কৰি নিশ্চিত কৰাই অসম আৰক্ষীৰ দায়িত্ব আছিল৷ ইয়াৰ বাহিৰে অসম আৰক্ষীয়ে অপহৃতজনৰ মুক্তিৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ কৰা নাছিল৷ অৱশ্যে পূৰ্বে আন দুজন অপহৃত অ’ এন জি চি কৰ্মচাৰীক উদ্ধাৰ কৰোতে অসম আৰক্ষীয়ে ভূমিকা পালন কৰিছিল৷ কিন্তু ৰিতুল শইকীয়াৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কেৱল তিনিজন ব্যক্তিক বিশেষ নিৰাপত্তা দি মুক্তিৰ স্থানলৈ লৈ গৈছিল৷ আৰু পৰৱৰ্তী সময়ত শইকীয়াক লৈ অনা হৈছিল৷ এই সফল প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক অসম আৰক্ষীৰ ফালৰ পৰা ধন্যবাদ জনাইছো৷ আমিও আলফাক ৰিতুল শইকীয়াক মুক্তিৰ বাবে আহ্বান জনাইছিলো৷ কিন্তু আমাৰ আহ্বানক কোনো গুৰুত্ব নিদিলে৷ কাৰণ আমাৰ কাম হ’ল পুলিচিং৷ আমি কেৱল পুলিচিঙহে কৰো৷ মুখ্যমন্ত্ৰীয়ে যিখিনি কাম কৰিলে, সেয়া অসমবাসীয়ে নিশ্চিয়কৈ মনত ৰাখিব৷ এইটো দেশৰ কাৰণে ভাল কথা হৈছে৷ শান্তি-সম্প্ৰীতি ঘূৰি আহিলে দেশৰ বাবে ভাল হ’ব’৷ আনহাতে অপহৃত ৰিতুল শইকীয়াক মুক্তিৰ পাছত সংবাদ মাধ্যমলৈ ফোন কৰি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কয়–‘অসমৰ দায়িত্বশীল মুখ্যমন্ত্ৰীজনে আমাক যি দৰে আশ্বাস দিছিল, সেইদৰে অসমৰ তৈল কোম্পানীকেইটাই আমাৰ চৰ্তসমূহ পূৰণ কৰিবলৈ দায়ৱদ্ধতাৰে মুখ্যমন্ত্ৰীক সহায়-সহযোগ কৰিব লাগিব৷ ভৱিষ্যতে যাতে এনে সংঘাতৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে তৈল কোম্পানীসমূহে প্ৰতাৰণা কৰাৰ পৰা বিৰত থাকিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে আলফাৰ জ্জটা দাবী কাৰ্যকৰী কৰাটো সম্ভৱ বুলি কৈছে৷ অ’ এন জি চি, অইল আৰু আই অ’ চিৰ বাবে আমাৰ চৰ্ত পূৰণ কৰাত  কোনো সমস্যা নাই৷ তৈল কোম্পানীয়ে ৯৫ শতাংশ পদত অসমৰ ল’ৰা-ছোৱালীক নিযুক্তি দিব লাগিব৷ তৈল কোম্পানীয়ে আমাক যদি প্ৰতাৰণা কৰে, তেনেহ’লে আমিও পুনৰ কিবা সিদ্ধান্ত লম৷ যিহেতু হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন যোগ্য মুখ্যমন্ত্ৰী, সেয়েহে তেওঁ পাঁচ বছৰত প্ৰতিশ্ৰুতি ৰক্ষা কৰি দেখুৱাব৷ আমাৰ কথাৰ যেনেকৈ মূল্য আছে আৰু ৰিতুলক মুক্তি দিম কৈছিলো, সেই মতে মুক্তি দিলো৷ হিমন্ত বিশ্ব শৰ্মাৰো কথাৰ মূল্য আছে বুলি মই ভাবো৷ হিমন্ত বিশ্ব শৰ্মাই হৈছে অসমৰ আটাইতকৈ যোগ্য মুখ্যমন্ত্ৰী যি অসমৰ স্বাৰ্থত কিবা এটা কৰিব পাৰিব বুলি মই ভাবো৷ তেওঁ দায়িত্ব লৈয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি ভাৱিছো ভৱিষ্যতে কিবা এটা ভাল ফল আহিব পাৰে৷’

আলফাই মোক কোনো অত্যাচাৰ কৰা নাছিলঃ ৰিতুল

প্ৰায় এমাহ জোৰা উৎকণ্ঠাৰ অন্ত পেলাই চৰাইদেউ জিলাৰ লাকুৱাস্থিত এটা তেল খাদৰ পৰা আলফা স্বাধীনৰ সদস্যই অপৰহণ কৰি নিয়া ৰিতুল শইকীয়াক অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিয়ে৷ আজি পুৱা প্ৰায় ৭.১৫ মান বজাত অ’এনজিচিৰ তৃতীয়জন অপহৃত কৰ্মচাৰী তথা যোৰহাট জিলাৰ বৰহোলাৰ নিৱাসী ৰিতুল শইকীয়াই ভাৰত-ম্যানমাৰ সীমাত অৱস্থিত নগালেণ্ডৰ লংৱা বস্তিত উপস্থিত হোৱাত নিৰপত্তাৰক্ষীয়ে নিজৰ জিম্মাত লৈ  বিয়লি ভাগত সোণাৰিলৈ আনে৷ ইয়াৰ পাছতেই অসম আৰক্ষীয়ে যাৱতীয় চিকিৎসা আদি কৰোৱাৰ পাছতেই পৰিয়ালৰ লোকক ৰিতুল শইকীয়াক চমজাই দিয়ে৷  সোণাৰি থানাতে অপহূত ৰিতুলে এমাহৰ মূৰত মাতৃ-পত্নীক দেখা পাই আৱেগিক হৈ পৰে৷ ইপিনে সংবাদ মাধ্যমৰ আগত ৰিতুল শইকীয়াই প্ৰকাশ কৰা মতে আলফাৰ জিম্মাত থকা অৱস্থাত তেওঁক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা হোৱা নাছিল আৰু খোৱা-বোৱাকে ধৰি সকলো খিনিৰ যতন লৈছিল৷