Logo
image

ক’ভিড-যুদ্ধত অসমক গৌৰৱান্বিত কৰিলে জুবিলীয়ে

আমাৰ অসম, ২৩ মেঃ ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভল্‌পমেণ্ট অৰ্গেনাইজেচন  অৰ্থাৎ ডিআৰডিঅ’ৰ বিজ্ঞানীৰ এটা দলে প্ৰস্তুত কৰিছে ২ডিজি  নামৰ কৰ’নাৰ ঔষধ৷ এই ঔষধ প্ৰস্তুত কৰা দলটোৰ অন্যতম এগৰাকী মহিলা  বিজ্ঞানী হৈছে  অসম সন্তান৷ অসমৰ জীয়ৰী এই গৰাকী বিজ্ঞানীৰ নাম হৈছে জুবিলী পুৰকায়স্থ৷ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী  ভিতৰুৱা গাঁও মহিষাশন এলেকাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল জুবিলী পুৰকায়স্থ৷ উল্লেখ্য যে, ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভল্‌পমেণ্ট অৰ্গেনাইজেচন  [ডিআৰডিঅ]  আৰু ইয়াৰ  অধীনত থকা আন এটা শক্তিশালী ইউনিট হৈছে ইন্‌চষ্টিটিউট অফ নিউক্লিয়েৰ মেডিচিন এণ্ড এলাইড  ছায়েন্স [আইএন এম এ এছ]৷ এই সংস্থাৰ এদল বিজ্ঞানীয়ে কৰ’না মহামাৰীৰ সময়ত দেশৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা৷ বিজ্ঞানীৰ এই দলটোৱে ইতিমধ্যে প্ৰস্তুত কৰিছে কৰ’নাৰ প্ৰথমবিধ ভাৰতীয় ঔষধ ২ডিজি৷ দেশজুৰি সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ২ ডিজি নামৰ কৰ’নাৰ এই ঔষধ বিধ৷ এই ঔষধৰ সৈতে আমাৰ ৰাজ্য অসমৰ পোনপটীয়া সম্পৰ্কই ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ যি বিজ্ঞানীৰ দলে ২ডিজি নামৰ ঔষধ প্ৰস্তুত কৰিছে, সেই দলটোৰে এগৰাকী অন্যতম মূল বিজ্ঞানী হৈছে অসম সন্তান জুবিলী পুৰকায়স্থ৷ বিজ্ঞানী ডাঃ জুবিলী পুৰকায়স্থ মূলতঃ কৰিমগঞ্জৰ বাসিন্দা৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান জুবিলী পুৰকায়স্থই জীৱনৰ বহু ঘাত-প্ৰতিঘাত নেওচি নিজকে এগৰাকী সফল বিজ্ঞানী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ জুবিলীৰ সাফল্যত গৰ্বিত জন্মস্থান মহিষাশন গাঁৱৰ লোকো৷ ১৯৭৯ চনত কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মহিশাসন গাঁৱৰ সুদৰ্শন পুৰকায়স্থ আৰু বিনয় কুমাৰী পুৰকায়স্থৰ ঘৰত জন্ম হৈছিল জুবিলী পুৰকায়স্থৰ৷ গাঁৱৰ ৪৪ নং মহিশাসন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পাতু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল জুবিলী পুৰকায়স্থই৷ ইয়াৰ পাছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলি পুৰকায়স্থ ভৰ্তি হৈছিল যোৰহাটৰ ৰিজনাল ৰিচাৰ্ছ লেবৰেটৰীত, যাৰ বৰ্তমান নাম নৰ্থ ইষ্ট ইন্‌চষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন’লজি৷ তাৰ পৰা তেওঁ পিএইছডি লাভ কৰি তেজপুৰত ডিআৰডিঅ’ৰ অধীনত থকা লেব  ডিফেন্স ৰিচাৰ্ছ লেবৰেটৰীত এগৰাকী বিজ্ঞানী হিচাপে যোগদান কৰি  ২০১৪ চনত দিল্লীলৈ উৰা মাৰিছিল৷ এই কষ্টসাধ্য যাত্ৰা মসৃণ নাছিল জুবিলী পুৰকায়স্থৰ বাবে৷ পিতৃক হেৰুৱাই বৰ্তমান মাতৃ বিনয় কুমাৰী পুৰকায়স্থৰ সৈতে দিল্লীত বাস কৰে জু্‌বিলি পুৰকায়স্থই৷ জুবিলীয়ে ‘মলেকুলাৰ বায়’লজী আৰু বায়’টেকন’লজী’ৰ বিশ্ব একাডেমিক চেম্পিয়নশ্বিপত ২০১৮ চনত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰিছিল৷