Logo
image

সভাপতি পদ খালী, দাবীদাৰ ৰূপজ্যোতি

আমাৰ অসম, ২৩ মেঃ কংগ্ৰেছ বিধায়িনী দলৰ সচিব পদ প্ৰত্যাখ্যান কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ৷ খালী হৈ থকা বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ বিচৰা বুলি নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কুৰ্মীয়ে৷ একেৰাহে চতুৰ্থবাৰৰ বাবে মৰিয়নী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা কুৰ্মীয়ে নিজকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰি এই সংক্ৰান্তত নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ লিখিতভাৱে আবেদনো কৰিছে৷ শুকুৰবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কুৰ্মীয়ে কয় যে, ‘দলে তেওঁক কংগ্ৰেছ বিধায়িনী দলৰ যি সচিব পদ প্ৰদান কৰিছিল, সেয়া তেওঁ ত্যাগ কৰিছে৷ বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা দলৰ মহিলা প্ৰতিনিধি শিৱামণি বৰা, যুৱপ্ৰজন্মৰ নেতা প্ৰদীপ সৰকাৰ, চিকিৎসক ডাঃ আচিফ ইছলামৰ মাজৰ পৰা কোনো এজনক বিধায়িনী দলৰ সচিব পদ দিলে ভাল হয়৷ ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয়–‘মই মৰিয়নী সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছো আৰু এইবাৰ চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ ময়েই একমাত্ৰ প্ৰতিনিধি৷ গতিকে বৰ্তমান খালী হৈ থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত মোক অধিষ্ঠিত কৰাৰ বাবে এ আই চি চিৰ নেতৃত্বক অনুৰোধ জনাইছোঁ৷ কুৰ্মীয়ে আৰু কয় যে, ‘দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াক বিৰোধী দলপতি, ৰকিবুল হুছেইনক উপ–দলপতি, ৱাজেদ আলী চৌধুৰীক হুইপ, ৰেকিবুদ্দিন আহমেদ, কমলাক্ষ দে’ পুৰকায়স্থ, সুশান্ত বৰগোহাঁইক বিভিন্ন দায়িত্ব দিয়া হৈছে৷ সাংসদ গৌৰৱ গগৈক এ আই চি চিৰ সাধাৰণ সম্পাদক হিচাপে ২/৩খন ৰাজ্যৰ দায়িত্ব, সাংসদ প্ৰদ্যুৎ বৰদলৈক নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক হিচাপে এখন ৰাজ্যৰ দায়িত্ব দিছে৷ যিহেতু এতিয়াও মোৰ হাতত কোনো দলীয় দায়িত্ব নাই আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটো খালী আছে, সেয়েহে মোক এই দায়িত্ব দিয়াকলৈ বিবেচনা কৰিব পাৰে৷ উল্লেখ্য, সদ্য অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ শোচনীয় পৰাজয়ৰ পাছত নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পদত্যাগ কৰিছে৷ অৱশ্যে এই পৰ্যন্ত তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই কংগ্ৰেছ হাইকামাণ্ডে৷