Logo
image

সোণোৱালৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা ভূপেশ দাস এতিয়া শোণিতপুৰৰ উপায়ুক্ত

আমাৰ অসম ২৩ মেঃ চৰকাৰ সলনি হোৱাৰ লগে লগে বিভিন্ন বিভাগৰ আমোলা-বিষয়াৰ ৰদ-বদল হোৱাটো নতুন কথা নহয়৷ কিয়নো আমোলা-বিষয়াৰ ওপৰতে নিৰ্ভৰ কৰে ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন মন্ত্ৰীয়ে বিচাৰে নিজৰ পছন্দৰ ঘনিষ্ঠ আৰু দক্ষ বিষয়াক লৈ চৰকাৰ পৰিচালনা কৰা৷ সেয়েহে এইবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি মিত্ৰজোঁটৰ নতুন চৰকাৰখন ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দায়িত্বভাৰ লৈয়েই ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত বহু সাল-সলনি কৰা দেখা গৈছে৷ স্বচ্ছ আৰু নিকাভাৱে চৰকাৰ পৰিচালনাৰ উদ্দেশ্যে নতুন টীম লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াৰ সময়তে একাংশ ঘোচখোৰ আমোলা-বিষয়াক গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰাক লৈ দিছপুৰৰ বাহিৰে-ভিতৰে সৰ্বত্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুৰ্নীতি তথা শিশু যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত এনে দুই এক আমোলা-বিষয়াক জিলাৰ আৰক্ষী- প্ৰশাসনৰ মুৰব্বী পদত নিযুক্তি দিয়াত প্ৰশাসনীয় ব্যৱস্থা কোন দিশে গতি কৰিব, সেয়া সহজেই অনুমেয়৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰে অধীনস্থ গৃহ বিভাগে সহকৰ্মীৰ নাবালিকা কন্যাক যৌন নিৰ্যাতন চলোৱা গোচৰত অভিযুক্ত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক চিৰাং জিলাৰ আৰক্ষী অধীক্ষক পদত অধিষ্ঠিত কৰিছিল৷ ইয়াৰ পাছতেই নতুন চৰকাৰখনে দুৰ্নীতিৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা কাছাৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ভূপেশ চন্দ্ৰ দাসক শেহতীয়াকৈ শোণিতপুৰ জিলাৰ উপায়ুক্ত পদত নিযুক্তি দিছে৷ এক কথাত পূৰ্বৰ সোণোৱাল চৰকাৰৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা এ চি এছ বিষয়াজনক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অজ্ঞাত কাৰণত গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰা বুলিও চৰ্চা চলিছে৷ উল্লেখ্য, এইগৰাকী এচিএছ বিষয়াই ২০১৭ চনত দৰং জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এজন ব্যক্তিৰ পৰা উৎকোচ লৈ থকাৰ সময়তে অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ অভিযোগ অনুসৰি,  এচিএছ বিষয়া দাসে সেই সময়ত বেচিমাৰী সাপ্তাহিক বজাৰ আৱণ্টন দিয়াৰ নামত এজন নিবিদাকাৰীৰ পৰা দাবী কৰিছিল ৮ লাখ টকাৰ উৎকোচ৷ সেই অনুসৰি আগধন হিচাপে বিচাৰিছিল এক লাখ টকা৷ এই উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰকৰ এটা দলে এচিএছ বিষয়া দাসক মঙলদৈৰ চৰকাৰী আৱাসৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল৷ এনে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে শেহতীয়াভাৱে বিষয়াজনক উপহাৰ হিচাপে উপায়ুক্ত পদত নিযুক্তি দিছে নতুন চৰকাৰখনে৷ লক্ষণীয়ভাৱে, কাছাৰ জিলাত জিলা উন্নয়ন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এইজন বিষয়াক ১৭ মে’ত অসম চৰকাৰৰ পাৰ্চনেল বিভাগৰ সচিব টি পি বৰগোহাঁই স্বাক্ষৰিত এটা নিৰ্দেশ মতে, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছিল যদিও ৰহস্যজনকভাৱে ২০ মে’ত পূৰ্বৰ নিৰ্দেশটো সাল-সলনি কৰি তেওঁক শোণিতপুৰ জিলাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়ে৷