Logo
image

এই গতিত অসমত টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ ৫ বছৰ লাগিব

আমাৰ অসম, ২৪ মেঃ এই মুহূৰ্তত ক’ভিডৰ পৰা বাচি থকাৰ একমাত্ৰ ৰক্ষাকবচ হৈছে ভেকচিন৷ চিকিৎসক-বিশেষজ্ঞসকলে ক’ভিডৰ সুৰক্ষাৰ সন্দৰ্ভত সঁকীয়াই দিয়াৰ লগতে চৰকাৰক শীঘ্ৰে দেশবাসীক টিকাকৰণৰ পদক্ষেপ লবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷ কিন্তু দেশৰ লগতে অসমতো এতিয়া ভেকচিনৰ নাটনিয়ে দেখা দিছে৷ চৰকাৰে ১৮বছৰ ঊধৰ্বৰ আৰু ৪৫বছৰ ঊধৰ্বৰ লোকক দুটা পৰ্যায়ত ভেকচিন প্ৰদান কৰিলেও ৰাজ্যৰ সাধাৰণ লোকে ভেকচিনৰ বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰা মতে– শনিবাৰ পৰ্যন্ত ৰাজ্যৰ নাগৰিকক ৩৭,১৫,১৯২ ড’জ ভেকচিন প্ৰদান কৰিছে৷ এই পৰিসংখ্যাত প্ৰথম আৰু দ্বিতীয় দুয়োটা ড’জ অন্তৰ্ভুক্ত হৈ আছে৷ লক্ষণীয় বিষয়টো হৈছে, অসমত ২৬ জানুৱাৰীৰ পৰা ভেকচিন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ বৃহস্পতিবাৰ পৰ্যন্ত অৰ্থাৎ মুঠ ১২৭ দিনত দৈনিক গড়ে ২৯,০০০ ড’জকৈ ভেকচিন দিয়া হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে অসমত ভেকচিন লোৱাৰ বাবে যোগ্য লোকৰ সংখ্যা হৈছে প্ৰায় ৩কোটি৷ এক কথাত ৩কোটি  মানুহক প্ৰতিজনকে দুপালিকৈ ভেকচিন প্ৰদান কৰিলে মুঠ ৬ কোটি ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব৷ অৰ্থাৎ বৰ্তমানৰ দৰে দৈনিক ২৯,০০০ ড’জকৈ ভেকচিন দিয়াৰ ধাৰাবাহিকতা অব্যাহত থাকিলে অসমৰ ৩ কোটি মানুহক দুপালিকৈ ভেকচিন দিবলৈ হ’লে অতি কমেও সময় লাগিব ৫ বছৰ ৬ মাহ৷ ক’ভিডৰ পৰা বাচিবলৈ ভেকচিন প্ৰদান কৰোতে ৫ বছৰতকৈ অধিক সময় লাগিলে পৰৱৰ্তী সময়ত ৰাজ্যত ভাইৰাছৰ সংক্ৰমণে কেনে ৰূপ ল’ব পাৰে, সেয়া সহজেই অনুমেয় হৈ পৰিছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে কিছুদিন আগলৈকে দৈনিক ১লাখতকৈ অধিক লোকক ভেকচিন দিছিল যদিও ভেকচিনৰ নাটনিৰ বাবে এতিয়া দৈনিক ৩০-৪০ হাজাৰ ড’জলৈ হ্ৰাস কৰিছে৷ পৰৱৰ্তী সময়ত দৈনিক এক লাখকৈ লোকক যদিহে ভেকচিন দিয়ে, তেনেহ’লে ৰাজ্যৰ ৩কোটি লোকক ভেকচিন দিয়া সম্পূৰ্ণ কৰিবলৈও ২ বছৰ সময় লাগিব৷ অৱশ্যে, দৈনিক এক লাখকৈ ড’জ ভেকচিন দিবলৈ ভেকচিনৰ নাটনি দূৰ হ’বনে নাই আৰু  ১৮ বছৰ ঊধবৰ্ৰ ব্যক্তিৰ বাবে ভেকচিন কিনিবলৈ অসম চৰকাৰে ধনৰ জোৰা মাৰিবলৈ সক্ষম হ’ব নে নাই সেয়া সময়েহে ক’ব৷ ইপিনে দেশত ভেকচিনৰ নাটনিৰ বাবেই ছিৰাম ইনষ্টিটিউটে উৎপাদন কৰা ক’ভিশ্বিল্ড ভেকচিনৰ দুটা ড’জ গ্ৰহণৰ সময়ৰ ব্যৱধান ৬-জ্জ্ব সপ্তাহৰৰ পৰিৱৰ্তে ১২-১৬ সপ্তাহলৈ বৃদ্ধি কৰা বুলি বিভিন্ন মহ’লে সমালোচনা কৰা দেখা গৈছে৷ ক’ভিশ্বিল্ডৰ দ্বিতীয় ড’জ  গ্ৰহণত সময় বৃদ্ধি কৰাত চিকিৎসা-বিশেষজ্ঞসকলেও উদ্বিগ্নতা ব্যক্ত কৰাত শেহতীয়াকৈ মুখ খুলিছে আই চি এম আৰে৷ আই চি এম আৰৰ প্ৰধান ডাঃ বলৰাম ভাৰ্গৱে কয়–ক’ভিশ্বিল্ডৰ প্ৰথম ড’জে মানুহৰ শৰীৰত প্ৰতিৰোধী ক্ষমতা অধিক হাৰত গঢ়ি তুলিছে৷ যাৰ বাবে দ্বিতীয় ড’জ গ্ৰহণৰ সময়সীমা বৃদ্ধি কৰাত প্ৰয়োজনীয়তা আহি পৰিছে৷ কম সময়ত দুটা ড’জ ল’লে মানুহৰ শৰীৰত আন কোনো পাশ্বৰ্ক্ৰিয়াৰ কাৰক হ’ব পাৰে৷ যাৰ বাবে তিনি মাহৰ পাছত ক’ভিশ্বিল্ডৰ দ্বিতীয় ড’জ গ্ৰহণ কৰিলে ফলাফল ভাল হ’ব৷’ ইপিনে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত ভেকচিনৰ নাটনিৰ কথা স্বীকাৰ কৰি শুকুৰবাৰে কয়– জুনৰ পৰা অধিক ভেকচিন পোৱা হ’ব৷ তেতিয়া ভেকচিনৰ অভাৱ দূৰ হ’ব৷ বৰ্তমান ব্যক্তিগতখণ্ডৰ হাস্পতালসমূহেও ভেকচিন ক্ৰয় কৰাৰ বাবে অলপ সমস্যা হৈছে৷ বহু লোকে অ’নলাইনত ভেকচিনৰ শ্লট্‌ বুকিং  কৰাত অসুবিধাত পৰিছে৷ কিয়নো তেওঁলোক অনলাইনত অভ্যস্ত নহয়৷ সকলোকে ভেকচিন লবলৈ আহ্বান জনাইছো৷