Logo
image

কৰ’না বোমা! জাগীৰোডত প্ৰায় ডেৰশ ৰে’লযাত্ৰীক গ্ৰেপ্তাৰ

আমাৰ অসম, ২৫ মেঃ ৰাজ্যত ক’ভিড সংক্ৰমণে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ সময়ত কেৰালাৰ পৰা অহা কাণ্ডজ্ঞানহীন একাংশ যাত্ৰীৰ বাবে অস্বস্তিত পৰিছে আৰক্ষী-প্ৰশাসন৷ কন্যাকুমাৰী আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা বিবেক এক্সপ্ৰেছত কেৰালাৰ পৰা অহা প্ৰায় ৬ শতাধিক যাত্ৰীয়ে ক’ভিড পৰীক্ষা নকৰাকৈ জাগীৰোড ষ্টেচনৰ পৰা পলায়ন কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো ক’ভিড টেষ্ট নকৰাকৈ পলায়ন কৰা যাত্ৰীসকলে ৰাজ্যত কৰ’না বোমা হিচাপে চিহ্নিত হৈ ছুপাৰ স্প্ৰেডাৰৰ ভূমিকা গ্ৰহণ কৰাৰ আশংকা কৰিছে সচেতন মহলে৷ বিগত বৰ্ষত তবলিগী জামাতীয়ে অসমৰ লগতে দেশত ছুপাৰ স্প্ৰেডাৰৰ ভূমিকা গ্ৰহণ কৰিছিল৷ সেই সময়ত আৰক্ষী-প্ৰশাসনে মোবাইল নম্বৰ ট্ৰেক কৰি দিল্লীৰ নিজামুদ্দিন মাৰ্কাজাৰ পৰা অহা তবলিগী জামাতী সকলক চিনাক্ত কৰি এজন এজনকৈ কোৱাৰেণ্টীন কৰিছিল৷ লক্ষণীয়ভাৱে মৰিগাঁও আৰু নগাঁও আৰক্ষীয়ে ইতিমধ্যে জাগীৰোড ষ্টেচনৰ পৰা পলায়ন কৰা ১৫১ জন যাত্ৰীক গ্ৰেপ্তাৰ কৰি ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে যদিও বাকীসকলৰ সন্ধানতো অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে আটকাধীন ৯জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱে তথ্য মতে জাগীৰোডলৈ টিকট কটা ১৩৩ জন যাত্ৰী আছিল যদিও ষ্টেচনত নামিছিল প্ৰায় ৩০০ যাত্ৰী৷ আৰু ইয়াৰে ১৪০ জনে ষ্টেচনতে ক’ভিড পৰীক্ষা কৰিছিল যদিও বাকীসকলে আৰক্ষীৰ বাধা নেওচি পলায়ন কৰিছিল৷ অৱশ্যে আৰক্ষীয়ে স্থানীয় লোকৰ ভাষ্যৰ ভিত্তিত ষ্টেচনত প্ৰায় ৬ শতাধিক যাত্ৰী নামিছিল বুলি জানিবলৈ দিছে৷ ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৩০ জন আৰু নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২১ জন যাত্ৰীক কাইলৈ আদালতত হাজিৰ কৰাব বুলি সদৰী কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷

বিবেক এক্সপ্ৰেছৰ আৰু ৯জন যাত্ৰী ‘পজিটিভ’

দেওবাৰে ০৫৯০৫ নং কন্যাকুমাৰী- ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ ৰে’লেৰে কেৰালাৰ পৰা অহা ছয়শতাধিক যাত্ৰীৰ ভিতৰত  জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে ৫ শতাধিক লোক পলায়ন কৰাৰ পাছত মৰিগাঁও আৰু নগাঁও জিলাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ ক’ভিড টেষ্ট নকৰাকৈ পলায়ন কৰা এইসকল লোকক বিচাৰি কালি নিশাই মৰিগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰে৷ অৱশেষত আৰক্ষীয়ে মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা কেৰালাৰ পৰা অহা প্ৰায় ডেৰশ লোকক বিচাৰি উলিয়াবলৈ সক্ষম হয়৷ নিশাই আৰক্ষীয়ে আবদ্ধ কৰি থোৱা এইসকল লোকক আজি মৰিগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে মৰিগাঁও তৰুণৰাম ফুকন খেল পথাৰত স্বাস্থ্য পৰীক্ষা কৰে৷ ইয়াৰে জ্ঝজন লোকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে৷ কৰ’না পজিটিভ হোৱা লোকসকলৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকসকলৰো কৰ’না পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ ইফালে কালি প্ত শতাধিক লোকে ক’ভিড টেষ্ট নকৰাকৈ পলায়ন কৰে যদিও ইয়াৰে প্ৰায় ডেৰশ লোককহে আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হয় যদিও আন সকল এতিয়াও মুক্তভাবে বিচৰণ কৰি থকাত তেওঁ লোকৰ পৰা আন বহুজনলৈ কৰ’না সংক্ৰমিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি জিলাখনৰ সচেতন নাগৰিক সকলে মন্তব্য কৰিছে৷ আনহাতে মৰিগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে জনায় যে এইসকল লোকৰ বিৰুদ্ধে জাগীৰোড থানাত দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনত ৩১৫/২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছে৷ তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব বুলি নটৰাজনে জানিবলৈ দিয়ে৷ 

জাগীৰোড ষ্টেচনৰ পৰা পলায়ন কৰা ২১জন শ্ৰমিকক নগাঁৱত আটক 

কেৰালাৰ পৰা কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ ৰে’লেৰে আহি জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড পৰীক্ষাৰ ভয়ত পলায়ন কৰা শ্ৰমিকক বিচাৰি চলাথ কৰিছে নগাঁও আৰক্ষীয়ে৷ উল্লেখ্য, কেৰালাৰ পৰা ওভতাৰ পথত দেওবাৰে জাগীৰোড ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছিল নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাশতাধিক শ্ৰমিকে৷ আজি নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত জাগীৰোড ষ্টেচনৰ পৰা পলাই অহা শ্ৰমিকৰ সন্ধানত আৰম্ভ কৰে অভিযান৷ অভিযানত নগাঁও জিলাৰ জুৰীয়াৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় পলায়ন কৰা ২১জন শ্ৰমিকক৷ ধৃত শ্ৰমিককেইজনক নগাঁও আৰক্ষীয়ে ইতিমধ্যে গতাই দিছে মৰিগাঁও আৰক্ষীক৷ ক’ভিড পৰীক্ষা নকৰাকৈ বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকে ৰে’লৰ পৰা পলায়ন কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে নগাঁও-মৰিগাঁও জিলাত৷ পলায়ন কৰা আন শ্ৰমিকৰ সন্ধানত নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

ৰাজ্যত ২৪ ঘণ্টাত ৬,২২১ জন পজিটিভ, ৮৪জনৰ মৃত্যু

ৰাজ্যত ক’ভিড সংক্ৰমণ বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই৷ ক’ভিড পজিটিভিটীৰ হাৰ সামান্য হ্ৰাস পাইছে যদিও সংখ্যাগত হিচাপত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৬,২২১ জন লোক৷ অৱশ্যে পজিটিভৰ হাৰ ৫.১৬ শতাংশলৈ হ্ৰাস পোৱা দেখা গৈছে৷ লক্ষণীয়ভাৱে সোমবাৰে মৃত্যু হৈছে ৮৪ জন ক’ভিড পজিটিভ ৰোগীৰ৷ এক কথাত স্বাস্থ্য বিভাগে ৰোগীক চিকিৎসা প্ৰদানত গুৰুত্ব দিয়া বুলি দাবী কৰিলে বাস্তৱত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ হৈছে৷ যাৰ পৰিণতিত প্ৰতিদিনাই ৮০-৯০ জনকৈ ৰোগীয়ে মৃত্যুক আকোৱালি ল’বলগা হৈছে৷ অৱশ্যে সান্ধ্য আইনৰ কঠোৰ বাধ্য বাধকতাৰ বাবেই গুৱাহাটীত আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে৷ দহ দিন পূৰ্বে গুৱাহাটীত দৈনিক ১,৫০০ কৈ লোকৰ পজিটিভ ধৰা পৰিছিল যদিও এতিয়া পজিটিভৰ হাৰ আধালৈ নামি আহিছে৷ সোমবাৰে গুৱাহাটীত ৭২৯ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷

ক’ভিডে প্ৰাণ ল’লে কোকৰাঝাৰৰ যুৱ ব্যৱসায়ীৰ

পুনৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় কোকৰাঝাৰ চহৰৰ এজন প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী মনজিৎ তালুকদাৰে [৩২]৷ প্ৰকাশ যে অপ্ৰত্যাশিতভাৱে ক’ভিডত আক্ৰান্ত হৈ এনেদৰে অকালতে মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাই সমগ্ৰ কোকৰাঝাৰ চহৰতে শোকৰ ছাঁ পেলাইছে৷  জানিব পৰা মতে কালি নিশা ক’ভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা মনজিৎ তালুকদাৰ [৩২] মাথোন দুবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল আৰু এটি আঠ মহীয়া সন্তানৰ পিতৃ হৈছিল৷ প্ৰকাশ যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছত মনজিতে চৰকাৰী চাকৰিৰ বাবে ৰৈ নাথাকি ৰেষ্টুৰেণ্টৰ ব্যৱসায় আৰম্ভ কৰি প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাবে নিজৰ নাম লিখিবলৈ সক্ষম হৈছিল৷ আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী শভীন তালুকদাৰৰ একমাত্ৰ পুত্ৰ মনজিৎ তালুকদাৰ কেইদিনমান পূৰ্বে জ্বৰত আক্ৰান্ত হৈ পৰীক্ষা কৰাওতে ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছিল আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ কিন্তু নিগেটিভ হোৱাৰ পাছত তেওঁক শনিবাৰে ঘৰলৈ লৈ আহে যদিও দেওবাৰে উশাহ লোৱাত কষ্ট পোৱাত পুনৰ চিকিৎসালয়ত ভত্তিৰ্ কৰোৱা হয়৷  চিকিৎসালয়ত অক্সিজেন দিয়াৰ পাছত বিয়লিলৈ মনজিৎ সুস্থ হৈ উঠে আৰু বন্ধুসকলক ভিডিঅ’ কলিং কৰি নিজৰ সুস্থতাৰ খবৰ দিয়ে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নিশা ৮ মান বজাৰ ফালে পুনৰ মনজিৎৰ অৱস্থা বেয়াৰ ফালে ঢাল খায়৷ অক্সিজেনৰ লেভেল কমি আহে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা গুৱাহাটীৰ জিএমচিলৈ প্ৰেৰণ কৰে যদিও তেওঁৰ অৱস্থা বেয়াৰ ফালে গতি কৰাত বঙাইগাঁৱৰ স্বাগতালৈ নিয়া হয়৷ কিন্তু তাত চিকিৎসা পোৱাৰ পূৰ্বে ট্ৰেচাৰতে মনজিতে মৃত্যুক সাৱটি লয়৷ মনজিতৰ মৃত্যুই কোকৰাঝাৰ চহৰত তীব্ৰ শোকৰ ছাঁ পেলাইছে৷

শোণিতপুৰত পুনৰ চাৰিজনৰ মৃত্যু

শোণিতপুৰ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ সঘনাই মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই শংকিত কৰি তুলিছে ৰাইজক৷ আজি ক’ভিডত আক্ৰান্ত হৈ পুনৰ ৪জন লোকৰ মৃত্যু ঘটিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ আনহাতে আজি জিলাখনত নতুনকৈ ৩১৭ জনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ চৰকাৰী তথ্য অনুসৰি আজি তেজপুৰৰ চহৰৰ উষানগৰৰ আশা দেৱী [৬৬] তেজপুৰৰ নিকটৱৰ্ত্তী জহামাৰীৰ পুনাৰাম নাথ [৬৩], পাঁচমাইল সমধাৰাৰ হাজাৰ আলি [৬২], আৰু জামুগুৰিহাতৰ বালিজুৰিৰ নিবাসী দিলীৰাম  শৰ্মা [৭০] ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে৷ উল্লেখ্য যে, বৰ্তমান শোণিতপুৰত প্ৰায় দুই হেজাৰ সক্ৰিয় কৰ’না ৰোগী আছে৷

নগাঁও জিলাত একেদিনাই ৮জনৰ মৃত্যু

নগাঁও জিলাত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ দৈনিক শ শ লোকৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ৷  জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, আজিৰ দিনটোত জিলাখনৰ বিভিন্ন কেন্দ্ৰত মুঠ ৫৫৮৪জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল৷ তাৰে ৫৫৪১জনৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু ৪৩ জনৰ আৰ টি পি চি আৰ টেষ্ট কৰোৱা হয়৷ এই পৰীক্ষাত ৪১৯জন লোকৰ ক’ভিড পজিটিভ চিনাক্ত হয়৷ তেওঁলোকৰ ভিতৰৰ ৩৮৮জন ৰেপিড এণ্টিজেন টেষ্ট আৰু ৩৮ জনৰ আৰ টি পি চি আৰ টেষ্টৰ জৰিয়তে ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পেলোৱা হয়৷ ক’ভিড পজিটিভ সকলৰ ৩৩১জনক হোম কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে ৮৮জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আজিৰ দিনটোত জিলাখনত মুঠ আঠজন ক’ভিড পজিটিভ ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷  মৃত্যু ঘটা লোকসকল হৈছে শ্যামলাল গৌৰ, শালনা; শশী শইকীয়া, বেবেজীয়া; কূসুমবালা সিং, আমবাগান;  হজৰত আলী,  জুৰীয়া; জামাল উদ্দিন, জুৰীয়া কদমনি পথাৰ; আনোৱাৰা বেগম, আজাদ নগৰ;  আমিনুল হক, খ্ৰীষ্টান পট্টি আৰু বাবু বৰা, পাথৰি৷ আজি পৰ্যন্ত জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৪ জন৷