Logo
image

অখিলক লৈ হিমন্তবিশ্বৰ ‘মানসিক’ যুদ্ধ

আমাৰ অসম, ২৫ মেঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে৷ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে বিগত ৪ মাহ ধৰি চিকিৎসা কৰি আছে৷ এই ভাষ্য স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে অসম বিধান সভাৰ অধিৱেশন অন্তিম দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক ভাষণ দিবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অখিল গগৈৰ ৰোগ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অখিল গগৈক মানসিক ৰোগী বুলি অভিহিত কৰাৰ সময়ত সদনত উপস্থিত বিজেপিৰ বিধায়ক সকলে উল্লাসিত হৈ গিৰ্জনি মাৰি হাহি উঠাৰ উপৰিও মেজত চপৰিয়াই মুখ্যমন্ত্ৰীৰ ভাষণক সমৰ্থন দিয়া পৰিলক্ষিত হয়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভাষণ প্ৰসংগত কয়–‘কেইদিনমান আগতে ভৰত নৰহে কৈছিল যে অখিল গগৈক সদনত বহাৰ অনুমতি দিব লাগে৷ প্ৰশ্নটো হ’ল বেমাৰী মানুহ এজনক সদনত কি দৰে বহুৱাব পাৰে, যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে চাৰিমাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেয়িং কেবিনত৷ মানুহজন মানসিকভাৱে ভাল অৱস্থাত নাই৷ তেওঁ মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছে৷ ইমশ্বনেল ইমবেলেঞ্চ নামৰ মানসিক ৰোগৰ কাৰণে তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে৷ সিদিনাখন তেওঁ সদনত আহিছে৷ ক’ভিড প্ৰট’কল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে৷ সিজনৰ পৰা ইজনৰ তাত গৈছে৷ ই এক বেমাৰৰ আগজাননী৷ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে যে এইটোৱে তেওঁৰ বেমাৰ৷ মই চিকিৎসকসকলক সুধিছিলো তেওঁকতো আমি সুস্থ অৱস্থাত দেখিছো৷ ঘূৰি ফুৰিছে৷ আপোনালোকে কিয় তেওঁক চিকিৎসালয়ত ৰাখি থৈছে৷ সহায় কৰাৰ কাৰণে চিকিৎসালয়ত ৰাখি থৈছে নেকি? তেতিয়া চিকিৎসকে ক’লে যে সেইটোৱে তেওঁৰ বেমাৰ৷ চৰকাৰখনে কাৰো প্ৰতি নেতিবাচক দৃষ্টিভংগী ৰখা নাই৷ অখিল গগৈক বাছত কিয় অনা বুলি সুধিছে৷ ক’ভিডৰ সময়ত তেওঁক গাড়ীত বহাই পাঁচজন দেহৰক্ষী যদি লগত আহে তেওঁৰ ক’ভিড নহ’ব নেকি? তেওঁক আহল বহল বাছ এখনত বহাই অনাটো চৰকাৰৰ দায়িত্ব যাতে ক’ভিড প্ৰট’কল ৰক্ষা কৰিব পাৰি৷ যদি অখিল গগৈয়ে কয় যে তেওঁ সুস্থ তেন্তে তেওঁ জেলত যাব লাগিব৷ আৰু যদি কয় যে তেওঁ বিধানসভালৈ যাব নোৱাৰে আৰু অসুস্থ তেতিয়া তেওঁ পেয়িং কেবিনত থাকিব লাগিব৷ এতিয়া সিদ্ধান্ত কোনে ল’ব৷ বিধানসভাৰ অধ্যক্ষকক আদালতক লিখিব কৈছে৷ অধ্যক্ষই কিয় লিখি দিব এজন বেমাৰীক৷ চৰকাৰৰ ফালৰ পৰা আইন-শৃংখলাৰ দিশৰ পৰা কৈছো অখিল গগৈ বিধান সভালৈ আহিব পাৰে৷ বিধান সভাৰ অধ্যক্ষই চৰকাৰৰ মতামত বিচাৰিছে, আমি কৈছো যে বেমাৰী মানুহ এজনক আপুনি কেনেকৈ অনুমতি দিব বিধানসভালৈ আহিবলৈ৷ কাৰণ তেওঁ নিশ্চিতভাৱে বেমাৰী৷ সেই কাৰণেহে তেওঁ মেডিকেল কলেজত আছে৷ নহ’লে মেডিকেল বোৰ্ডত যিমান চিকিৎসক আছে সকলোকে আদালতে সুধিব যে মানুহজনতো বেমাৰী নহয়৷ কিদৰে ঘূৰি আছে৷ ৰাজনৈতিক লাভালাভ অৰ্জন কৰাৰ অন্য বহু মাধ্যম আছে৷ সিদিনাখন মোৰ ওচৰতো আহিছিল অখিল গগৈ৷ কিয় আহিছা বুলি মই সুধিছো৷ ক’ভিডৰ নিয়ম মানি চলাৰ আমি সিদ্ধান্ত লৈছো৷  প্ৰট’কল মানি চলিম৷ কিন্তু তেওঁ এখনো টেবুল এৰা নাই৷ প্ৰত্যেকখন টেবুললৈ গৈছে৷ অকনমান সময় মোৰ এনেকোৱা লাগিলে যে সকলোকে ক’ভিড বিলাই দিম বুলি ভাবি তেওঁ আহিছে নেকি? পিছত চিকিৎসকে ক’লে যে নহয় তেওঁ চিকিৎসালয়ৰ য’ত আছে তাত ক’ভিড ৰোগী নাই৷’ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ যিসকল লোক মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থাকে সেইসকলৰ বিষয়ে ৰাজহুৱাভাৱে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা অনুচিত বুলি মত প্ৰকাশ কৰিছে জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞই৷ আনকি চিকিৎসকেও ৰোগী বা তেওঁৰ নিকটাত্মীয়ৰ বাহিৰে অন্য লোকৰ সৈতে এই সন্দৰ্ভত কোনো ধৰণৰ তথ্যৰ আদান প্ৰদান নকৰে৷ মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা এজন লোকৰ ৰোগ সন্দৰ্ভত যদি ৰাজহুৱাভাৱে কোনো লোকে মতামত দিয়ে তেন্তে ই ৰোগীৰ ওপৰত নেতিবাচক ক্ৰিয়া কৰাৰ আশংকা থাকে৷ বৰ্তমান অখিল গগৈ যিহেতু শিৱসাগৰ সমষ্টিৰ বিধায়ক সমষ্টিটোৰ ভোটাৰে তেওঁক ভোট দি জয়যুক্ত কৰিছে তেনে ক্ষেত্ৰত অখিল গগৈক মানসিক ৰোগী বুলি বিধানসভাৰ মজিয়াত কৰা মন্তব্য সমষ্টিবাসীকে অপমানিক কৰাৰ দৰে হ’ল৷ অখিল গগৈৰ চিকিৎসাৰ দিশটো যিহেতু এখন মেডিকেল বোৰ্ডৰ তত্বাবধানত হৈ আছে সেয়ে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত কোনো ধৰণৰ মতামত দিয়াৰ অধিকাৰ একমাত্ৰ বোৰ্ডৰ হে আছে৷ এগৰাকী ৰোগীয়ে কি ধৰণৰ অসুখত ভূগিছে সেই কথা গোপনে ৰখাটো মেডিকেল প্ৰট’কলৰ ভিতৰত পৰে৷ তেনে কথা ৰাজহুৱা কৰাটো ৰুচিবোধৰ ভিতৰত নপৰে৷ কাৰোবাক মানসিক ৰোগী বুলি কোৱাটো আইনগত অপৰাধ হিচাপে গণ্য কৰা হয় দ্যা মেণ্টেল হেল্‌থ কেয়াৰ এক্টৰ ২৩ নম্বৰ ধাৰা মতে৷ সদনত মুখ্যমন্ত্ৰীয়ে যেতিয়া অখিল গগৈৰ ৰোগ সন্দৰ্ভত বিস্তত বাখ্যা দি আছিল সেই সময়ত বিৰোধী পক্ষৰ বিধায়কসকসকলক ইয়াৰ প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে মৌন হৈ মুখ্যমন্ত্ৰীৰ ভাষণ শুনি আছিল৷ বিধায়ক অখিল গগৈৰ অধিবক্তা শান্তনু বৰঠাকুৰে আজিৰ ঘটনা সন্দৰ্ভত কয়–‘অখিল গগৈৰ কি ৰোগৰ চিকিৎসা চলিছে আমি নাজানো৷ সেয়া ৰোগী আৰু চিকিৎসকৰ মাজত থাকিবলগীয়া গোপনীয় কথা৷ যদি কিবা কাৰণত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ‘‘মানসিক ৰোগ’’ৰ চিকিৎসা চলিছেও তাক ৰাজহুৱা কৰাটো অনৈতিক৷ মানসিক ৰোগৰ লগত জড়িত সামাজিক stigmaৰ বাবে ৰোগীৰ গোপনীয়তাক সুৰক্ষা দিয়াৰোব্যৱস্থা কৰা হৈছে৷ The mental health care Act খনৰ ২৩নং ধাৰাত এই বিষয়ে উল্লেখ আছে৷ মানসিক ৰোগেই নহয় কোনো ৰোগীৰ ৰোগৰ সম্পৰ্কে ৰাজহুৱা আলোচনা হ’ব নোৱাৰে৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে যিধৰণৰ তুচ্ছ তাচিল্যৰে এই ৰাজহুৱা ঘোষণা কৰিলে ই তেখেতৰ মাজত যে নূন্যতম সংবেদনশীলতাৰ অভাব তাক প্ৰমাণ কৰিলে৷ এনে মন্তব্য তেখেতৰ পদমৰ্যাদাৰ লগতো খাপ নাখায়৷ কোনো এজন ব্যক্তিক বেয়া পালে বাবেই মুখ্যমন্ত্ৰীয়ে নিজক ইমান তললৈ নিব নালাগে৷ এটা কথা, দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা, অনবৰতে ৰাজহুৱা জীৱনত থকা মানুহ এজন যেতিয়া ৮x৮ কোঠা এটাত বাহিৰৰ পৃথিবীখন নেদেখাকৈ সোমাই থাকিব লাগিব যিকোনো মানুহেই কিছু anxietyত ভোগাটো আচৰিত কথা নহয়৷ আমি এই কেইটাদিন ঘৰত আবদ্ধ হৈ থাকোঁতে আমাৰ কি অৱস্থা হৈছে কল্পনা কৰকচোন৷ আমি আশা কৰিম মুখ্যমন্ত্ৰীজনে এই বিষয়ে কিছু পঢ়াশুনা কৰি নিজক sensitise কৰিব৷’ উল্লেখ্য যে মুখ্যমন্ত্ৰী সদনত অখিল গগৈ মানসিকভাৱে অসুস্থ বুলি ঘোষণা কৰাৰ পিছতে তেওঁক আদালতে অপৰাধ মুক্ত বুলি ঘোষণাৰ দাবী উত্থাপিত হৈছে৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সদনত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ অনাৰ সিদ্ধান্ত লৈছে বিধায়ক গগৈয়ে৷ 

হিমন্ত বিশ্ব শৰ্মাও মানসিক ৰোগী নেকি? ৰাইজৰ দলৰ প্ৰশ্ন

অসম বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই অখিল গগৈ মানসিক ৰোগী, মানসিক ৰোগৰ কাৰণে চিকিৎসা পাই আছে আৰু সেইবাবেই বিধানসভাত ভাগ ল’ব নোৱাৰিব বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে৷ দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, কৱীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাই কয়– ‘এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অখিল গগৈলৈ প্ৰেৰণ কৰা পত্ৰই মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য যে সম্পূৰ্ণ মিছা এই কথা অতি স্পষ্টকৈ প্ৰমাণ কৰিছে৷ অখিল গগৈয়ে শপত গ্ৰহণৰ দিনা [২১ মে’ত] বিধানসভাৰ অধ্যক্ষক বিধানসভাত অংশ গ্ৰহণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল৷ অসম বিধানসভাৰ সচিবে পত্ৰ নং LASY.1/2021 dated 21st May, 2021 জৰিয়তে যোগ্য কতৃৰ্পক্ষৰ আগত আলোচনা কৰিব বুলি জানিব দিয়ে৷ ২২ তাৰিখে বিয়লি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ দায়িত্বত থকা গৃহ আৰু ৰাজনৈতিক বিভাগৰ পত্ৰ আহে৷ পত্ৰ নং HMA-19/125/2019-Political (A)-H&P/66(eCF No.129027) ত কোৱা হয় অখিল গগৈৰ বিষয়টো ‘নিয়া’ আদালতত বিচাৰাধীন৷ সেয়ে এই বিষয়ত আদালতৰ দ্বাৰস্থ হ’ব লাগে৷ কিন্তু সোমবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় আইন-শৃংখলাৰ দিশৰ পৰা কোনো বাধা নাই৷ এতিয়া কোন সঁচা, কোন মিছা? মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বক্তব্য সঁচা নে গৃহ আৰু ৰাজনৈতিক বিভাগৰ বক্তব্য সঁচা৷ গৃহ আৰু ৰাজনৈতিক বিভাগে ‘নিয়া’ৰ আদালতৰ বিচাৰাধীন বিষয় বুলি অখিল গগৈক বিধানসভালৈ অহাৰ ব্যৱস্থা কৰিব নোৱাৰো বুলি ক’লে৷ এই কথাটো নি(য় বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সুধিয়েই কৈছে৷ তাৰ বিপৰীতে সোমবাৰে হিমন্তবিশ্ব শৰ্মাই মানসিক ৰোগী কাৰণে অখিল গগৈক বিধানসভালৈ আহিব দিব নোৱাৰি বুলি কৈছে৷ এই কথাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত মিছা কথা কৈছে আৰু সদনক ভুল পথে পৰিচালিত কৰিছে৷ অখিল গগৈৰ কেইবাটাও ৰোগৰ চিকিৎসা চলি আছে৷ কিন্তু তেওঁৰ কি চিকিৎসা চলি আছে সেয়া এজন ৰোগীৰ ব্যক্তিগত গোপনীয় বিষয়৷ এই বিষয় গোপনীয় হৈ থকাতো ৰোগীৰ অধিকাৰ৷ কিন্তু আজি স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, যিগৰাকী দীৰ্ঘদিন ধৰি স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিল, এগৰাকী ৰোগীৰ ৰোগৰ বিষয়লৈ তুচ্চ তাচ্চিল্য কৰিছে৷ এই কথা কোনোপধ্যে গ্ৰহণযোগ্য নহয়৷ আনহাতে, অখিল গগৈৰ মানসিক ৰোগ আছে, তাৰ প্ৰমাণ দিবলৈ মুখ্যমন্ত্ৰীয়ে কৈছে– ইয়ালৈ আহি ক’ভিড প্ৰট’কলভংগ কৰি ইখন টেবুললৈ গৈছে, সিখন টেবুললৈ গৈছে৷ কিন্তু হিমন্তবিশ্ব শৰ্মায়ো ক’ভিড প্ৰট’কল ভংগ কৰি মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে৷ মাজুলীত সৰু সৰু ল’ৰাৰ লগত ৰাজহুৱা ভোজনত অংশগ্ৰহণ কৰিছিল৷ মাজুলীতে এগৰাকী ক’ভিড পজিটিভ ৰোগীক লগত লৈ বিভিন্ন ঠাই ঘূৰি ফুৰিছিল আৰু সেইবিলাকৰ কাৰণে মুখ্যমন্ত্ৰী ডঙ্ম শৰ্মাকো মানসিক ৰোগী বুলি ধৰি ল’ব পাৰি নেকি?আচলতে মূল কথাটো হ’ল বিজেপি চৰকাৰে বিধানসভাত অখিল গগৈৰ সবল আৰু সাহসী উপস্থিতি বিচৰা নাই৷ সেয়ে বিভিন্ন অপযুক্তিৰে আৰু টালি-বাজিৰে অখিল গগৈক বিধানসভাত অংশগ্ৰহণৰ পৰা বাধা দি ৰাখিব বিচাৰিছে৷’